নতুন দিল্লী
ভাৰতীয় বায়ুসেনা বাহিনীক এই মুহূৰ্তত পাইলটৰ যথেষ্ট নাটনি পৰিলক্ষিত হৈছে। এনে পৰিস্থিতিত যিকোনো অভিযানৰ প্রস্তুতি চলাবলৈ সমস্যাৰ সম্মুখীন হ'ব বায়ুসেনা বাহিনী। তদুপৰি আজিয়েই যদি যুদ্ধ লাগে তেন্তে ভাৰতীয় বায়ুসেনা বাহিনীত পাইলটৰ সংখ্যা যথেষ্ট পৰিমাণে হ্রাস পাব। এই মন্তব্য কেগৰ।
আনকি প্ৰতিৰক্ষা সম্পর্কীয় সংসদীয় সমিতিয়েও ইয়াকে লৈ আজি সংশয় প্রকাশ কৰিছে। প্রতিবেদনত ভাৰতীয় বায়ুসেনা বাহিনীত পাইলটৰ সংখ্যা স্পষ্টভাবে উল্লেখ কৰা হৈছে। ২০১৫ চনত বায়ুসেনাত ৪৮৬ জন পাইলট কম আছিল। ২০২১ চনৰ সামৰণিলৈ এই সংখ্যা ৫৯৬ লৈ বৃদ্ধি পায়।
লক্ষণীয় যে নতুন পাইলটৰ প্রশিক্ষণ কার্য অতিকে প্রত্যাহ্বানমূলক। সেয়েহে ভাৰতীয় বাসুয়েনাৰ বাবে পাইলটৰ নাটনি ঘটাটো যথেষ্ট চিন্তাৰ বিষয় বুলিও প্রতিবেদনত উল্লেখ কৰা হৈছে।