গুৱাহাটী
খোৱাপানীৰ তীব্র সংকটে দেখা দিছে গুৱাহাটী মহানগৰীত। পৰিণতিত মহানগৰখনৰ বাসিন্দাসকলে এতিয়া পিয়াহৰ পানীটুপি বিচাৰি হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। দায়িত্ববাহী বিভাগে যোগান ধৰা পানী লাভ নকৰি পুৱাৰে পৰা শাৰী পাতি বিমুখ হৈ উভতিবলগীয়া হোৱাত মহানগৰখনৰ কেইবাটাও স্থানৰ বাসিন্দা আজি ক্ষোভত ফাটি পৰিছে।
এনে সময়তে দায়িত্ববাহী গুৱাহাটী পৌৰ নিগম, জলব'ৰ্ড আদিয়ে পানী যোগানৰ এই বিষয়টো সমাধানৰ বিপৰীতে এৰাই চলাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই দুই বিভাগৰ সমন্বয়হীনতাৰ বাবে আজি খোৱাপানীৰ নাটনিত ভুগিবলগীয়া হৈছে ৰাজধানী মহানগৰখনৰ বাসিন্দাসকল।
শেহতীয়াকৈ দীঘলীপুখুৰী-নুনমাটি সংযোগী উৰণ সেতু নির্মাণৰ নামত ঠিকাদাৰী প্রতিষ্ঠানে এম আৰ ডি, জি এন বি ৰোড এফালৰ পৰা খান্দি তহিলং কৰাত ফাটিছে এডালৰ পিচত আনডাল পানী পৰিবাহী পাইপ। এনেদৰে পানী পৰিবাহী পাইপ ভাগি-ছিগি ছিন্ন-ভিন্ন হোৱাত বিগত প্রায় তিনি মাহে মহানগৰখনৰ বিশেষকৈ উলুবাৰী, গান্ধীবস্তি, পূব শৰণীয়া, বি বৰুৱা পথ, হেদায়েৎপুৰ, চেনিকুঠী, শিলপুখুৰী, নিজৰাপাৰ, চানমাৰি, বামুনিমৈদাম আদিকে ধৰি এক বিস্তীৰ্ণ অঞ্চলৰ বাসিন্দাই পানী লাভত বঞ্চিত হৈছে।
বৃহত্তৰ এই অঞ্চলটোৰ বাসিন্দাসকলে উৰণ সেতু নিৰ্মাণৰ কাম- কাজৰ সময়তে ফটা পাইপ মেৰামতি কৰিবলৈ লোকনির্মাণ বিভাগক দাবী জনাইছে যদিও আজি পর্যন্ত বিয়াগোম এই বিভাগটোৱে অতি গুৰুত্বপূৰ্ণ এই বিষয়টোত কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। উত্থাপিত অভিযোগমতে লোকনির্মাণ বিভাগে পাইপ মেৰামতিৰ বিষয়টো পৌৰ নিগমৰ বুলি কৈয়েই দায়িত্ব সামৰিছে।
পৰিণতিত বৃহত্তৰ এই অঞ্চলটোত খোৱাপানীৰ সমস্যাই ক্ৰমাৎ জটিলৰ পৰা জটিলতৰ ৰূপ লৈছে। ইফালে আকৌ যোৱা ২ জানুৱাৰীৰ পুৱা খাৰঘুলিৰ নামঘৰ তিনিআলিত সংঘটিত জলবিস্ফোৰণৰ পিচতে জলব'র্ডে ৰামচা হিল ৰিজাৰ্ভাৰলৈ পানী সংবহন বন্ধ কৰি দিয়ে। পাইপ ফাটি ধুমুহা গতিৰে ওলাই অহা পানীয়ে নামঘৰ তিনিআলি তচনচ কৰাৰ পিচত সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জলব'র্ডে এই সিদ্ধান্ত লয়। পৰৱৰ্তী সময়ত পাইপলাইনৰ সমস্যা সমাধান কৰি পানী যোগান ধৰা হ'ব বুলি জলব'র্ডে আশ্বাস দিছিল যদিও আজি পর্যন্ত আংশিকভাবেও উল্লিখিত অঞ্চলত পানী যোগান ধৰা নাই বুলি প্রাপ্ত তথ্যত প্রকাশ।
এনেদৰে খোৱাপানীৰ সমস্যাই ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাত ক্ষুব্ধ লোকে পৌৰ নিগম, জলব'ৰ্ডৰ লগতে লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধেও প্রতিবাদী কার্যসূচী গ্রহণ কৰিবলৈ বাধ্য হৈছে। কালি হেদায়েৎপুৰত শতাধিক ভুক্তভোগীয়ে হাতে হাতে খালী বাল্টি লৈ পানী যোগানৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। একাংশ প্রতিবাদকাৰীয়ে জনোৱামতে উৰণ সেতু নির্মাণৰ কাম আৰম্ভ হোৱাৰে পৰা বিগত তিনি মাহ ধৰি পানী যোগান অনিয়মীয়া হৈ আছে।
ইয়াৰ পিচত ঠিকাদাৰী প্রতিষ্ঠানে এক্সকেভেটৰেৰে জধে-মধে পথ খন্দাত পাইপ ফটাত পানী যোগান সম্পূর্ণরূপে বন্ধ হৈ পৰে। ৰাইজে শীঘ্ৰে পানী যোগানৰ বিষয়টো গুৰুত্বসহকাৰে ল'বলৈ দায়িত্ববাহী বিভাগক দাবী জনাইছে। অন্যথা ক্ষুব্ধ ৰাইজে ৰাজপথ কঁপাই তুলিবলৈ বেছি পৰ নালাগিব বুলিও পৌৰ নিগম, জলব'র্ডক সকীয়াই দিছে।