এইবাৰ গ্ৰন্থমেলাত নাথাকিব বাংলাদেশৰ বিপণি

Story by  atv | Posted by  [email protected] • 18 d ago
এইবাৰ গ্ৰন্থমেলাত নাথাকিব বাংলাদেশৰ বিপণি
এইবাৰ গ্ৰন্থমেলাত নাথাকিব বাংলাদেশৰ বিপণি
 
গুৱাহাটী
 
ডিজিটেল যুগৰ সময়তো গ্ৰন্থৰ গৰিমা-আদৰ লোপ পোৱা নাই। কিতাপ বা গ্ৰন্থৰ গুৰুত্ব-গৰিমা শতিকাপ্ৰাচীন৷ বিশ্বৰ কোনো প্ৰান্ততে সেই গুৰুত্ব নাইকীয়া হৈ যোৱা নাই। মানুহ যিমানেই "ডিজিটেলী চাউণ্ড" নহওঁক  কিয়, কিতাপৰ প্ৰয়োজনীয়তা বা গুৰুত্বক উলাই কৰি চলিব নোৱাৰে৷ গ্ৰন্থৰ সেই মাদকতা কেতিয়াও ভাৰ্চুৱেল দুনীয়াখনৰ সৈতে তুলনা কৰিব নোৱাৰি। সেই বাবেই হয়তো লাখ লাখ গ্ৰন্থপ্ৰেমী অধীৰ আগ্ৰহেৰে ৰৈ থাকে শীতৰ এই বিশেষ দিনকেইটালৈ৷
 
গ্ৰন্থমেলাৰ সৈতে এক আবেগিক সম্পৰ্ক আছে পঢ়ুৱৈসকলৰ৷ ইতিমধ্যে অসমৰ বিভিন্ন ঠাইত এই গ্ৰন্থমেলা আৰম্ভ হৈছে ৷ ২৭ ডিচেম্বৰৰ পৰা গুৱাহাটীৰ খানাপাৰাস্থ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ'ব বহু প্ৰতিক্ষীত এই বছৰৰ অসম গ্ৰন্থমেলা৷ ৭ জানুৱাৰীলৈকে চলিবলগীয়া এইবাৰৰ গ্ৰন্থমেলাত কিন্তু পাঠকে দেখা নাপাব বাংলাদেশৰ এখনো গ্ৰন্থ বিপণি ৷ প্ৰতি বছৰে গ্ৰন্থমেলাত ভাগ ল'বলৈ অহা বাংলাদেশৰ গ্ৰন্থ বিপণিসমূহ পাঠকৰ অন্যতম আকৰ্ষণ৷ কিন্তু এইবাৰ কিতাপৰ ওপৰতো যেন পৰিল ৰাজনৈতিক-কূটনৈতিক ঘটনাক্ৰমৰ প্ৰভাৱ।
 
বাংলাদেশত শেহতীয়াকৈ হিন্দু লোকৰ ওপৰত ধাৰাবাহিকভাৱে চলি থকা আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ভাৰত আৰু বাংলাদেশ দুয়োখন দেশৰ মাজত সৃষ্টি হৈছে তিক্ততাপূৰ্ণ সম্পৰ্কৰ৷ যাৰ ফলস্বৰূপে এইবাৰৰ অসম গ্ৰন্থমেলাত ভাগ ল'বলৈ নাহে বাংলাদেশৰ এটাও প্ৰকাশন গোষ্ঠী৷ অসম গ্ৰন্থমেলাৰ অন্যতম আয়োজক অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই এই কথা জানিবলৈ দিয়ে৷
 
তেওঁ কয়- " বাংলাদেশত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিৱৰ্তিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ অসম গ্ৰন্থমেলাত বাংলাদেশৰ কোনো প্ৰকাশন গোষ্ঠীক আমাৰ ফালৰ পৰা নিমন্ত্ৰণ জনোৱা হোৱা নাই ৷ কিয়নো ভিছাৰ পৰা আৰম্ভ কৰি আন বহুবিলাক ক্ষেত্ৰত এতিয়া অসুবিধা হ'ব ৷" অৱশ্যে বাংলাদেশৰ প্ৰকাশন গোষ্ঠীয়ে এইবাৰৰ গ্ৰন্থমেলাত ভাগ নল'লেও দিল্লী, মুম্বাই, কলকাতা আদিকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীসমূহে পূৰ্বৰ দৰেই এইবাৰৰ অসম গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷