মালিক আছঘৰ হাচমী/ নতুন দিল্লী
জম্মু-কাশ্মীৰৰ পৰ্যটন চহৰ পেহেলগামত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ ঢৌৱে কেৱল উপত্যকাকে নহয়, সমগ্ৰ দেশ আৰু মুছলমান সমাজক জোকাৰি গৈছে। সোমবাৰে সন্ধিয়া বৈছাৰণ উপত্যকাত আনন্দ-উল্লাসত বিভোৰ হৈ থকা নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত পাকিস্তান সমৰ্থক পাঁচজন সন্ত্ৰাসবাদীৰ এটা দলে নিৰ্বিচাৰে গুলীচালনা কৰে।
এতিয়ালৈকে এই ভয়ানক আক্ৰমণত ২৬ জনকৈ পৰ্যটকৰ মৃত্যু হোৱাটো নিশ্চিত হৈছে। য’ত বিদেশী পৰ্যটককো অন্তৰ্ভুক্ত কৰা হৈছে। আক্রমণকাৰীয়ে নাম আৰু কলিমা আবৃত্ত কৰিব কয় মানুহক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উঠিছে, যিয়ে অমানৱীয়তাৰ চৰম সীমা পাৰ কৰিছে।
এই আক্ৰমণক দেশৰ লগতে বিশ্বৰ আগশাৰীৰ মুছলমান নেতা, উলেমা আৰু সংগঠনসমূহে তীব্ৰ গৰিহণা দিছে। তেওঁলোকে কয় যে, এনে মানুহবোৰ মুছলমান হ’ব নোৱাৰে তথা মানুহও হ’ব নোৱাৰে। তেওঁলোকৰ নিষ্ঠুৰতাক ধৰ্ম বা সম্প্ৰদায়ৰ সৈতে সংযোগ কৰাটো কেৱল ভুলেই নহয়, ইছলামৰ প্ৰতিও কৰা এক অপমানহে।
জামাত-ই-ইছলামী হিন্দে এনে কাৰ্য ইছলামৰ অংশ হ’ব নোৱাৰে বুলি আখ্যা দিছে। জামাত-ই-ইছলামী হিন্দৰ সভাপতি চৈয়দ সাদাতুল্লাহ হুছেইনীয়ে এই আক্ৰমণক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়, "এইটো সম্পূৰ্ণ অমানৱীয় আৰু নিন্দনীয় কাৰ্য্য। বিদেশী পৰ্যটককে ধৰি নিৰীহ লোকক হত্যা কৰাটো কোনো কাৰণতে ন্যায্য নহয়। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জ্ঞাপন কৰিলোঁ। দায়ীসকলক ন্যায়ৰ আওঁতালৈ আনি কঠোৰ শাস্তি বিহিব লাগে।"
সন্ত্ৰাসবাদৰ বিৰুদ্ধে সমগ্ৰ দেশ একত্ৰিত হ’ব লাগে বুলি ৰাজ্যসভাৰ সাংসদ তথা কবি ইমৰান প্ৰতাপগড়ীয়ে আহ্বান জনায়। তেওঁ এই ঘটনাক 'কাপুৰুষৰ আক্ৰমণ' বুলি অভিহিত কৰে। এক্সত তেওঁ লিখিছিল, "এই ঘটনা হৃদয় বিদাৰক। নিহতসকলৰ প্ৰতি মোৰ সমবেদনা আৰু আহতসকলৰ বাবে প্ৰাৰ্থনা। চৰকাৰে এতিয়া ফোপোলা দাবী কাৰাৰ পৰা আতঁৰি আহি জবাবদিহি হ’ব লাগিব৷ সুনিৰ্দিষ্ট পদক্ষেপ লোৱাৰ সময় আহি পৰিছে।"
আই আই এম আই এমৰ মুখপাত্ৰ অসীম ৱাকাৰে কয় যে এইসকল মানুহ নহয়, চয়তানৰ সন্তান। এআইএমআইএমৰ মুখপাত্ৰ তথা কণ্ঠস্বৰ চৈয়দ আছিম ৱাকাৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "এই মানুহবোৰ মুছলমান হ’ব নোৱাৰে। নিৰস্ত্ৰ লোকৰ ওপৰত গুলীচালনা কৰিছে, ইহঁত ইবলিছৰ সন্তান। নিৰীহ লোকক যিদৰে ব্যৱহাৰ কৰে, সেইদৰে তেওঁলোকৰ লগতো ব্যৱহাৰ কৰিব লাগে। তেওঁলোকে যি নিষ্ঠুৰতা দেখুৱাইছিল ভাৰত চৰকাৰেও তেওঁলোকৰ বিৰুদ্ধে একেই নিষ্ঠুৰতা প্ৰদৰ্শন কৰিব লাগে।"
মুম্বাইৰ ৰাজা একাডেমী আৰু চুন্নী জমিয়াতুল উলেমাইৰ এক যৌথ বিবৃতিত এই কথা সদৰী কৰি কয় যে, "এই আক্ৰমণ কেৱল মানৱতাৰ বিৰুদ্ধে নহয়, ইছলামৰ মৌলিক শিক্ষাৰ বিৰুদ্ধেও। আমি ইয়াক তীব্ৰ গৰিহণা দি চৰকাৰৰ ওচৰত দাবী জনাইছো যে, এনে অপৰাধীক শিপাইসহিতে উলিয়াব লাগে।"
আনহাতে অসমৰ গুৱাহাটীস্থিত বুঢ়া জামে মছজিদৰ ইমাম মৌলানা হাফিজ আনোৱাৰ হুছেইনে কয়, "ইছলামত সন্ত্ৰাসবাদৰ কোনো স্থান নাই। কেৱল মাত্ৰ ইছলামক বদনাম কৰাৰ বাবে এনে ধৰনৰ আক্ৰমণ কৰি আহিছে একাংশ লোকে। যিসকলে এই আক্ৰমণ সংঘটিত কৰিছে ভাৰত চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ শাস্তি বিহিব লাগে।"
বিশিষ্ট লেখক ময়ূৰ বৰাই কয়, "কাশ্মীৰ হৈছে ভূ-স্বৰ্গ। ইয়াক আমি ভূ-স্বৰ্গ হিচাপে ৰখাটোৱে শ্ৰেয়। ইয়াত সংঘটিত হোৱা সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণক মই তীব্ৰ ভাষাৰে গৰিহণা দিছো। চৰকাৰে সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে।"
ভাৰতীয় চাহ ব'ৰ্ডৰ প্ৰাক্তন উপাধ্যক্ষ তথা চাহ খেতিয়ক বিদ্যানন্দ বৰকাটোকীয়ে কয়, "কাশ্মীৰত শান্তি আৰু সমৃদ্ধি বিৰাজমান হওঁক। এসপ্তাহজোৰা পাৰিবাৰিক ছুটীৰ বাবে কাশ্মীৰলৈ গৈছো। শ্ৰীনগৰ, পেহেলগাম, গুলমাৰ্গ আৰু সোণামাৰ্গ আদি বহু ঠাই ভ্ৰমণ কৰিছিলো। সৌন্দৰ্যৰে ভৰা কাশ্মীৰ উপত্যকাৰ মাজেৰে ৰাস্তাৰে যাত্ৰা কৰি থাকোঁতে শান্তি ঘূৰি অহাৰ ফলত স্থানীয় জনসাধাৰণৰ অৰ্থনৈতিক সমৃদ্ধি দেখিবলৈও পালোঁ। সমগ্ৰ কাশ্মীৰ উপত্যকাত বৃহৎ সংখ্যক পৰ্যটকৰ ভিৰ হোৱা দেখিছিলোঁ। কাশ্মীৰ উপত্যকাত কিছুমান পৰ্যটকক লগ পাইছিলোঁ। কিন্তু আজিৰ নিৰীহ পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সেই সকলোবোৰে তীব্ৰ বিপৰ্যয়ৰ সন্মুখীন হবলগীয়া হব।"