গুৱাহাটী
কোকৰাঝাৰৰ ৰায় মোনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা শুকুৰবাৰে অসম বন বিভাগ আৰু সাশাস্ত্ৰ সীমা বালৰ কৰ্মীসকলে তিনিজন চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
জন্তুৰ শৰীৰৰ অংগ সৰবৰাহৰ অবৈধ কার্যত জড়িত তিনি চোৰাং চিকাৰীৰ পৰা পাঁচ কিলোগ্ৰাম নাহৰফুটুকী মাংস আৰু তাৰ ছাল উদ্ধাৰ কৰিছে।
বন বিভাগে ধৃত চোৰাংচিকাৰীক জেৰা কৰি গম পায় যে তেওঁলোকে দীৰ্ঘদিন ধৰি হাতী, হৰিণ, নাহৰফুটুকীৰ দৰে জন্তুৰ শৰীৰৰ অংগ চুবুৰীয়া দেশলৈ সৰবৰাহ কৰি আহিছিল।
ইফালে, আৰক্ষীয়ে অভিযুক্ত চোৰাংচিকাৰী কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিষয়টোৰ অধিক তদন্তৰ বাবে জেৰা অব্যাহত ৰাখিছে। অসমৰ কোকৰাঝাৰ জিলাৰ ৰাই মোনা ৰাষ্ট্ৰীয় উদ্যান এছিয়ান হাতী, নাহৰফুটুকী, ঢেকীয়াপটীয়া বাঘ আদিৰ বাবে বিখ্যাত।