গুৱাহাটী
গেৰুকামুখৰ বৃহৎ নদীবান্ধক বিজুলী উৎপাদনৰ বাবে সাজু কৰিলে বৃহৎ নদী বান্ধটোৰ নিৰ্মাণ সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চুমকৈ এন এইচ পি চিয়ে৷ ২৩ বছৰৰ জল্পনা কল্পনাৰ অন্ততঃ নিৰ্মাণ সম্পূৰ্ণ গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ৷
NHPC ৰ মুখ্য পৰিচালন সঞ্চালক ড° আৰ কে চৌধুৰীয়ে দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই কথা সদৰী কৰিছে৷ এন এইচ পি চিৰ বিজুলী শক্তি উৎপাদন আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত এন এইচ পি চিৰ অৰিহণা সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যম চি এন বি চি আৱাজে সোধা এক প্ৰশ্নৰ উত্তৰ দি এন এই চ পি চিৰ মুৰব্বী গৰাকীয়ে কয় “ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম কৰাৰ সময় আহি পাইছে। মাৰ্চৰ পৰা এপ্ৰিললৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম কৰাৰ সময় নিৰ্ধাৰণ হৈছে। অহা ১১ এপ্ৰিলৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰথম পৰ্যায়ত বিজুলী উৎপাদন হ’ব৷ প্ৰথম পৰ্যায়ত তিনিটা ইউনিট কাৰ্যক্ষম হ’ব যদিও ২৬ চনৰ মে’ মাহৰ ভিতৰত মুঠ ৮ টা ইউনিট কাৰ্যক্ষম কৰি ২০০০ মেগাৱাট বিজুলী উৎপাদনৰ লক্ষ্য সম্পূৰ্ণ কৰিব৷একেসময়তে পাৰ্বতিপুৰ জলবিদ্যুৎ প্ৰকল্পটো বিজুলী উৎপাদন হ’ব। এই দুটা প্ৰকল্পত উৎপাদন আৰম্ভ হোৱাৰ লগে লগে এন এইচ পি চিৰ আয় ছয় হাজাৰ কোটিৰ পৰা উনৈশ হাজাৰ কোটি পাবগৈ৷”
অৰ্থাৎ এন এইচ পি চিৰ মুৰব্বী গৰাকীৰ ভাষ্যত স্পষ্ট যে ব’হাগ বিহুতে গেৰুকামুখৰ পৰা বিজুলী উৎপাদন কৰিব এন এইচ পি চি য়ে৷ আনহাতে একে সময়তে গেৰুকামুখৰ এন এইচ পি চিৰ এক সূত্ৰই অসমীয়া প্ৰতিদিনক সদৰী কৰে যে মাৰ্চ মাহৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শক্তি গৃহত তিনিটা ইউনিটত টাৰ্বাইন চলাই মুঠ ৭৫০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব৷ তদুপলক্ষে সাজু হৈছে গেৰুকামুখৰ বৃহৎ নদী বান্ধ৷
মূল বান্ধত ৯ খনকৈ গেট সংস্থাপন কৰা হৈছে৷ বান্ধত নদীৰ জলপৃষ্ঠৰ পৰা ৫১ ফুট উচ্চতাত ৰিজাৰ্ভাৰত পানী জমা হৈছে৷ নদী পৃষ্ঠৰ পৰা ৰিজাৰ্ভাৰত ১৪৫ ফুটৰ পৰা ২০৫ ফুট পৰ্যন্ত পানী জমা কৰাৰ লক্ষ্য আছে যদিও ১৯০ ফুট পানী জমা হ’লেই বিজুলী উৎপাদন কৰিব পাৰিব৷ মাৰ্চ মাহত এই জলৰাশি আৱদ্ধ কৰাৰ লক্ষ্য এন এইচ পি চিৰ৷
উল্লেখ্য যে বিতৰ্কিত বৃহৎ নদী বান্ধ আৰু জলবিদ্যুৎ উৎপাদন প্ৰকল্পটো যোৱা পাঁচ বছৰত নিৰ্মান বন্ধ কৰাৰ দাবীত ৰাজ্যত দল সংগঠনৰ আন্দোলন নাই যদিও গেৰুকামুখৰ প্ৰাকৃতিক পৰিবেশেই এক বৃহৎ প্ৰত্যাহ্বান হৈ ধৰা দি আহিছিল নিৰ্মাণ সংস্থা এন এইচ পি চিৰ সন্মুখত৷ বান আৰু ভূমিস্খলৰ বাবেই ২০২০ বৰ্ষৰ মাৰ্চ মাহত বিজুলী উৎপাদন কৰিবলগীয়া প্ৰকল্পটোৰ বিজুলী উৎপাদনৰ সময় ২০২২ ৰ আগষ্ট মাহলৈ পিছুৱাই দিয়া হৈছিল৷
গেৰুকামুখৰ ৰুষ্ট প্ৰকৃতিৰ বাবে সেয়াও সম্ভৱ নহ’ল৷ ফলত বিজুলী উৎপাদনৰ তাৰিখ বছৰৰ পাছত বছৰলৈকে পিছুৱাব লগা হ’ল এন এইচ পি চি য়ে৷ ২০২১ চনৰ পৰা যোৱা তিনি বছৰত কমেও ৩৯ বাৰ ভয়াৱহ বান আৰু ভূমিস্খলৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প আৰু বৃহৎ নদী বান্ধ ব্যাপক লোকচান আৰু ক্ষয় ক্ষতিৰ সন্মুখীন হয়।
ফলত তাৰিখৰ পাছত তাৰিখ আৰু মাহৰ পাছত মাহ পিছুৱাবলগীয়া হয়৷ ২০২৩ বৰ্ষত বান আৰু ভূমিস্খলৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ল নিৰ্মাণ সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চমুকৈ এন এইচ পি চি৷ অধিক লোকচানৰ সন্মুখীন হ’ল ২০২৩ বৰ্ষৰ ২৭ অক্টোবৰত৷
প্ৰকল্পস্থলীত হোৱা ভয়াৱহ ভূমিস্খলনৰ ফলত এক নং ডাইভাৰ্চন টানেল বন্ধ হৈ নদী খন শুকাই যোৱাৰ ফলত ৷ আন্দোলনে গেৰুকামুখৰ পৰা বিজুলী উৎপাদনত এন এইচ পি চিক বাধা দিয়াৰ পৰিবেশ সৃষ্টি নকৰিলেও গেৰুকামুখৰ ভূমিস্খলন আৰু সোৱণশিৰিৰ বান বাধা প্ৰাচীৰ হৈ থিয় দিছিল৷
ফলত বিজুলী উৎপাদনৰ বেলিকা এখোজ আগুৱাই দুখোজ পিছুৱাবলগীয়া হৈছিল এন এইচ পি চি৷ এন এইচ পি চিৰ সুত্ৰই আজি অসমীয়া প্ৰতিদিনক সদৰী কৰা মতে ২০২৪ বৰ্ষটো এন এইচ পি চিৰ বাবে আটাইতকৈ অনুকূল বৰ্ষ হিচাবে চিহ্নিত হয়। যোৱা বৰ্ষত বৃহৎ নদী বান্ধ প্ৰকল্পটো কোনোধৰণৰ বান বিপৰ্যয় আৰু ভূমিস্খলনৰ সন্মুখীন হোৱা নাছিল৷
যোৱা জুলাই মাহৰ পৰা ছেপ্তেম্বৰৰৰ মাজভাগ’লৈকে ৰাজ্যত সৃষ্টি হোৱা খৰাং বতৰৰ ফলত সোৱণশিৰি নদীৰ জলপৃষ্ঠ অস্বাভাৱিকভাৱে হ্ৰাস পায়৷ ফলত বাৰিষা কালতো পূৰ্ণ্যোদমে জলবিদ্যুৎ প্ৰকল্পটোৰ কামকাজ আগুৱাবলৈ সক্ষম হ’ল৷ এই সময়চোৱাত এন এইচ পি চিয়ে বৃহৎ নদী বান্ধটোত তিনিখন গেট সংস্থাপন কৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে পাৱাৰ হাউচত বৃহৎ বৃহৎ জেনেৰেটৰ সংস্থাপন কৰাৰ লগতে দুটা টাৰ্বাইন সংস্থাপন কৰে৷
যোৱা ফেব্ৰুৱাৰী মাহৰ ভিতৰত শক্তি গৃহত তৃতীয়টো টাৰ্বাইন সংস্থাপন কৰি মাৰ্চ মাহত তিনিটা ইউনিটত তিনিটা টাৰ্বাইন চলাই প্ৰতি ইউনিটত ২৫০ মেগাৱাটকৈ মুঠ ৭৫০ মেগাৱাট বিজুলী উৎপাদন কৰাৰ লক্ষ্যত উপনিত হয়৷ সুত্ৰটোৱে আৰু কয় যে, ২০০২ চনত জলবিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মান ব্যয় আছিল ৬২৮৫ কোটি টকা৷
কিন্তু প্ৰাকৃতিক প্ৰলয় আৰু অতিৰিক্ত সময়ৰ বাবে ২০২২ বৰ্ষৰ ডিচেম্বৰৰ পৰ্যন্ত গেৰুকামুখৰ বৃহৎ নদী বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পত সৰ্বমুঠ ব্যয়ৰ বাজেট হ’ল ২১২৪৭ কোটি টকা৷ ২০২২ ৰ মাৰ্চলৈকে এন এইচ পি চি য়ে প্ৰায় ১৯০০০ কোটি টকা বান্ধ নিৰ্মানৰ নামত খৰছ কৰিলে৷ যোৱাটো বৰ্ষৰ ডিচেম্বৰলৈ জলবিদ্যুৎ প্ৰকল্পটোৰ কাৰ্যক্ষম ব্যয় হ’বগৈ ২০,৮৩৪ কোটি টকা৷