আৰিফুল ইছলাম/গুৱাহাটী
কাতি মাহৰ অমাৱস্যা তিথি উপলক্ষে বৃহস্পতিবাৰে দেশজুৰি উদযাপন কৰা হ'ব পোহৰৰ উৎসৱ দিপাৱলী। অন্ধকাৰৰ বিৰুদ্ধে পোহৰ, বেয়াৰ বিৰুদ্ধে ভাল আৰু অজ্ঞানতাৰ বিৰুদ্ধে জ্ঞানৰ বিজয় হিচাপে এই উৎসৱ পালন কৰা হয়। দিপাৱলীৰ নিশা ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ সকলো আলোকসজ্জাৰে আলোকিত হৈ উঠিব। প্ৰতিবছৰে শৰত কালত উদযাপিত পোহৰৰ উৎসৱ দীপাৱলীৰ বাবে সাজু হৈছে মহানগৰবাসী।
মাটিৰ চাকি, আতচবাজি, ৰং-বিৰঙী লাইট, ৰংগোলী আদিৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। গুৱাহাটীৰ ছয়মাইল, গণেশগুৰি, বেলতলা, চান্দমাৰী, মালিগাঁও, ফাঁচী বজাৰ, সকলোতে বহিছে দীপাৱলীৰ বজাৰ। গোটেই বছৰটোৰ সকলো উৎসৱৰ ভিতৰত দীপাৱলীতে ব্যৱসায় ভাল হয় ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ।
VIDEO
পোহৰৰ উৎসৱ দীপাৱলীৰ সময়ত সাধাৰণতে চীনা সামগ্ৰীৰে ভাৰতৰ বজাৰ ভৰি পৰা দেখা যায়। আলংকাৰিক লাইট, চাকি, দেৱ-দেৱীৰ মূৰ্তি, গৃহ সজ্জা তথা উপহাৰৰ সামগ্ৰী, কৃত্ৰিম ফুল আদিয়ে দিৱালীৰ বজাৰত বছৰ বছৰ ধৰি গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিন্তু এইবেলি দিৱালীৰ বজাৰত দেখা গৈছে এক ব্যতিক্ৰমী দৃশ্য। এইবাৰ দীপাৱলীৰ বজাৰত চীনা সামগ্ৰীতকৈ অধিক থলুৱা সামগ্ৰী দেখা গৈছে। থলুৱা কাৰিকৰে প্ৰস্তুত কৰা সামগ্ৰীৰে উভৈনদী হৈ পৰিছে দীপাৱলীৰ বজাৰ।
গুৱাহাটীৰ ছয়মাইলৰ ক্ষুদ্ৰ ব্যৱসায়ী ৰঞ্জন শৰ্মাই কয়; "দীপাৱলীৰ বজাৰ এতিয়ালৈ ভালেই চলি আছে। মোৰ ইয়াতে আমাৰ থলুৱা শিল্পীয়ে প্ৰস্তুত কৰা মাটি চাকি আছে। মোৰ তাত ১০ টকাৰ পৰা আৰম্ভ কৰি ৪৫০ টকালৈ চাকি পোৱা যাই। তাৰোপৰি ৰংগলীৰ বাবে বিভিন্ন ৰং-বিৰঙী ফাকু পোৱা যায়। ব্যৱসায় যথেষ্ট ভাল। গোটেই বছৰটোৰ সকলো উৎসৱৰ ভিতৰত দীপাৱলীৰ ব্যৱসায়ে আটাইতকৈ ভাল। আমাৰ চাকিবোৰ আমি বকোৰ থলুৱা শিল্পীয়ে প্ৰস্তুত কৰা চাকিয়ে আনো। ইয়াতে বিপনি দিয়া মোৰ প্ৰায় ১১ বছৰে হ'ল। এইবাৰ আমি অতচবাজি বিক্ৰী কৰা নাই। চাকি বিক্ৰী কৰিলেই লাভ বেছি পোৱা যায়।"
থলুৱা শিল্পীয়ে প্ৰস্তুত কৰা মাটিৰ চাকিৰ বিপনি
ফাঁচী বজাৰৰ এগৰাকী ব্যৱসায়ীয়ে দুখ প্ৰকাশ কৰি কয়, "এইবেলি বজাৰত চীনা সামগ্ৰীৰ পয়োভৰ যথেষ্ট হ্ৰাস পাইছে যদিও একাংশ অসাধু ব্যবসায়ীয়ে চীনৰ পৰা আমদানিকৃত নিম্নমানৰ আৰু কম দামী সামগ্রীকে দেশত নির্মিত সামগ্ৰী বুলি গ্ৰাহকৰ ওচৰত অধিক দামত বিক্ৰী কৰি আহিছে। এইবাৰ দেৱালীৰ বজাৰত জি এছ টি, পৰিবহণ ব্যয়, প্রস্তুত ব্যয় বৃদ্ধিৰ বাবে এইবাৰ ফটকা-আতচবাজী, পোহৰৰ সামগ্ৰী, ভিন্ন প্ৰকাৰৰ চাকি, খেলনা আদি প্ৰতিবিধ সামগ্ৰীৰ মূল্য ৩০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। বিগত বৰ্ষত ৭০ টকীয়া ফটকাৰ দাম এইবাৰ বিক্ৰী হৈছে ১০০ টকাত।
আনহাতে, আলোকসজ্জা, প্লাষ্টিকৰ মালা আদিৰ মূল্যও ৩০ শতাংশলৈ বৃদ্ধি পাইছে বুলি ব্যৱসায়ীগৰাকীয়ে মন্তব্য কৰিছে। তেওঁ কয় যে, বৰ্তমান এল ই ডি লাইট, শিশুৰ খেলৰ সামগ্ৰী আদিৰ মূল্যও ৩০-৪০ শতাংশ পর্যন্ত বৃদ্ধি পাইছে। বৰ্তমান বজাৰত উপলব্ধ বিভিন্ন ডিজাইনৰ চাকিৰ দাম ক্ৰমে সৰু আকৃতিৰ চাকি ১০ টকা, ডাঙৰ আকৃতিৰ ৪০ টকা পৰ্যন্ত। ইয়াৰোপৰি শঙ্খ আকৃতিবোৰ ১৬০ টকা, গণেশ ১৫০ টকা, ময়ূৰ ২০০ টকা, গছৰ পাত ১৭০ টকা, থাল ১২০- ৩৮০ টকা, ফল্ডিং ষ্টেণ্ড চাকি ৫৫০ টকা পৰ্যন্ত।
এগৰাকী কণমানি গ্ৰাহকে অতচবাজি চাই থকা মুহূৰ্তত
ছয়মাইলৰ থলুৱা আতচবাজি ব্যৱসায়ী শুভমে কয়; "এই ব্যৱসায় মই প্ৰায় ৭-৮ বছৰৰ পৰাই কৰি আছো। ক'ভিডৰ পূৰ্বে যিদৰে বিক্ৰী হৈছিল, এতিয়া তেনেকুৱা বিক্ৰী নাই। আমি বিশেষকৈ থলুৱাখিনি বেছিকৈ বিক্ৰী কৰোঁ, অলপ পৰিমানে আমি ফেনচি মালো ৰাখিবলগীয়া হয়, কাৰণ মানুহে অত্যাধুনিকো বিচাৰে। কিন্তু, বাহিৰৰ কোম্পানীৰ আতচবাজিতকৈ আমাৰ থলুৱাবোৰ ভাল, গুণগতভাৱেও ভাল আৰু দামো কম। থলুৱাবোৰ বিভিন্ন ৰঙত উপলব্ধ। আমি থলুৱা অতচবাজিবোৰ বিশেষকৈ নলবাৰী আৰু বৰপেটাৰ পৰাই ক্ৰয় কৰোঁ। থলুৱাৰ ভিতৰত ৪০ টকাৰ পৰা ৪০০ টকালৈ বিভিন্ন প্ৰকাৰৰ ফুলঝাৰী আছে। থলুৱা বস্তুবোৰ কিনি ফুটালে আমাৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে লাভম্বিত হয়। গোটেই বছৰটো কষ্ট কৰি দীপাৱলীলৈয়ে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে অপেক্ষা কৰে। থলুৱা সামগ্ৰীবোৰ বেছি সুৰক্ষিত।"
উল্লেখযোগ্য যে, বছৰৰ আটাইতকৈ অন্ধকাৰ দিন কাতি মাহৰ অমাৱস্যা তিথিত পালন কৰা দেৱালী উৎসৱে সমাজলৈ একতা-সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাৰ্তা কঢ়িয়াই আনে। সমগ্ৰ ভাৰততে পালন কৰা এক উৎসৱ, আৰু বিভিন্ন অঞ্চলত ইয়াৰ সাংস্কৃতিক তাৎপৰ্য্য বেলেগ বেলেগ।
ভাৰতৰ কোনো কোনো ঠাইত শস্য চপোৱা উৎসৱ হিচাপে পালন কৰা হয়, আন কোনো ঠাইত বছৰৰ শেষৰ ফালে পালন কৰা হয়। দীপাৱলীতো মানুহে নিজৰ ঘৰ-বাৰী আৰু ৰাস্তা-ঘাট লাইট আৰু ৰংগলীৰে সজাই তোলে।