গুৱাহাটী
প্ৰত্যেক বছৰে ৩ মাৰ্চ তাৰিখে পালন কৰা হয় বিশ্ব বন্যপ্ৰাণী দিৱস। ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য অভিবৰ্তনৰ বাবে ৩ মাৰ্চক বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে ঘোষণা কৰা হয়।
বিশ্বৰ বনজ প্ৰাণী আৰু উদ্ভিদৰ সংৰক্ষণ তথা বন্যপ্ৰাণীৰ বিষয়ে সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল লক্ষ্য। উল্লেখ্য যে, প্ৰতি বছৰে এটা বিষয়বস্তু লৈ বন্যপ্ৰাণী দিৱস উদযাপন কৰা হয়। ২০২৫ চনৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ বিষয়বস্তু হৈছে “বন্যপ্ৰাণী সংৰক্ষণ বিত্ত: মানুহ আৰু গ্ৰহত বিনিয়োগ।”
ই প্ৰকৃতি আৰু সম্প্ৰদায় উভয়ৰে বাবে বহনক্ষম ভৱিষ্যত নিশ্চিত কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে পুঁজিৰ উন্নত উপায় বিচাৰি উলিওৱাত গুৰুত্ব আৰোপ কৰে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ক্ৰমাৎ বৃদ্ধি পোৱা পৰিৱেশ প্ৰত্যাহ্বানৰ বাবে ১০ লাখৰো অধিক বন্যপ্ৰাণী বিলুপ্ত হোৱাৰ আশংকা আছে।
বিশ্ব বন্যপ্ৰাণী দিৱসৰ উদ্দেশ্য হৈছে বন্যপ্ৰাণী সুৰক্ষা আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ জৰুৰী প্ৰয়োজনীয়তা সম্পৰ্কে সমগ্ৰ বিশ্বতে সজাগতা বৃদ্ধি কৰে। বিশ্ব বন্যপ্ৰাণী দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, “ভাৰতৰ প্ৰতিটো অংশ কেৱল প্ৰকৃতিৰ প্ৰতি সংবেদনশীল নহয়, বন্যপ্ৰাণী সুৰক্ষাৰ প্ৰতিও দায়বদ্ধ।”