শিক্ষাৰ্থীক গঁড় সংৰক্ষণৰ শিক্ষা প্ৰদান আৰণ্যকৰ

Story by  atv | Posted by  Munni Begum • 1 Months ago
আৰণ্যকৰ  'গঁড় বিদ্যালয়লৈ যায়' শীৰ্ষক অভিযান
আৰণ্যকৰ 'গঁড় বিদ্যালয়লৈ যায়' শীৰ্ষক অভিযান
 
গুৱাহাটী
 
গঁড় সংৰক্ষণৰ বাবে সজাগতা বৃদ্ধিৰ অংশ হিচাপে অসমৰ গঁড় থকা দুটা অঞ্চলৰ সমীপত অৱস্থিত তিনিখন বিদ্যালয়ত আৰণ্যকৰ 'গঁড় বিদ্যালয়লৈ যায়' শীৰ্ষক অভিযানৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত বিদ্যালয় কেইখনৰ চাৰি শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰাধিকৰণৰ সহযোগত ওৰাঙৰ চেঙেলিমৰাৰ লুইত জাতীয় বিদ্যালয়ত আয়োজন কৰা এটা অনুষ্ঠানত ২৫০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। 
 
সজাগতা অভিযানৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলক গঁড়ৰ বিভিন্ন দিশ, এই প্ৰাণীটোৰ বৈশিষ্ট্যসমূহ আৰু বাসস্থানৰ লগতে পৰিৱেশ তন্ত্ৰ আৰু আমাৰ মংগলৰ বাবে ইহঁতে লোৱা ভূমিকা সম্পৰ্কে শিক্ষা দিয়া হয়। এই বিষয় সম্পৰ্কীয় দৃশ্যগত উপস্থাপন, আমাৰ ৰাজ্যিক প্ৰাণী এশিঙীয়া গঁড়ৰ বিষয়ে মত-বিনিময় আৰু স্থানীয় উদ্ভিদ আৰু প্ৰাণীকূলৰ বিষয়ে আলোচনাৰ সৈতে সংগতি ৰাখি এক আকৰ্ষণীয় মুকলি কুইজ প্ৰতিযোগিতাও আয়োজন কৰা হয়। 
 
এই অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক বাবুল ইছলাম, ফটাশিমলু ব্লক ইডিচিৰ সভাপতি বাহাৰুল ইছলাম, ফটাশিমলু এনচি, ইডিচিৰ সভাপতি আবুল কালাম, স্থানীয় সংৰক্ষণকৰ্মী খাইৰুল বছিৰ আৰু আৰণ্যকৰ সদস্য বাবুকান্ত ডাউ আৰু বিপুল গঞ্জুও উপস্থিত থাকে। ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল কতৃপক্ষৰ সহযোগত আৰণ্যকে ওৰাঙৰ ৰৌমাৰী বিদ্যাসাগৰ জাতীয় বিদ্যালয়ত ১২০ ৰো অধিক ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণেৰে দ্বিতীয়টো এনে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে।
 
এনেধৰণৰ আন এটা সজাগতা অনুষ্ঠান গোলাঘাট জিলাৰ বাংকুৱালৰ মেডকগাঁও এম ই স্কুলত অনুষ্ঠিত কৰা হয়। ৫০ ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত আৰণ্যকৰ সদস্য বাবুকান্ত ডাউ আৰু আকাশ মৰাঙো উপস্থিত থাকে। ইংলণ্ডস্থিত ডেভিদ শ্বেফাৰ্ড ৱাইল্ডলাইফ ফাউণ্ডেশ্যনৰ সহায়ত অনুষ্ঠিত হোৱা এই কাৰ্যসূচী লানিত আৰণ্যকৰ গঁড় গৱেষণা আৰু সংৰক্ষণ বিভাগৰ পৰিচালক আৰিফ হুছেইনে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে।
 
গঁড়ৰ থকা স্থানৰ সমীপৱৰ্তী অঞ্চলত বাস কৰা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সংৰক্ষণৰ বিষয়ত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই অভিলাষী অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ লগতে এই সজাগতাৰ অনুষ্ঠানৰ জৰিয়তে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে বন্যপ্ৰাণীক জীয়াই ৰখা আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা বজাই ৰখাত নাগৰিকৰ ভূমিকাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।