গুৱাহাটী
আৰণ্যকৰ উদ্যোগত গোৱালপাৰা জিলাত অনুষ্ঠিত এক কৰ্মশালাত গোৱালপাৰা বন সংমণ্ডলৰ সকলো ৰেঞ্জৰ বন ক্ষেত্ৰ কৰ্মীসকলক মানৱ-হাতী সংঘাত প্ৰশমন কৰাৰ বাবে সৌৰশক্তি চালিত বেৰ স্থাপন পদ্ধতি, পৰিচালনা আৰু ইয়াৰ কাম-কাজৰ বিষয়ে প্ৰশিক্ষণ দিয়া হয়।
গোৱালপাৰা বন সংমণ্ডলৰ সহযোগত আৰণ্যকে কৃষ্ণাইৰ হাব্ৰাঘাট কলেজত অনুষ্ঠিত কৰা এই কৰ্মশালা বন ৰেঞ্জ বিষয়া শিৱানী দলে আৰু ধৰ্মেন্দ্ৰ দাসৰ উপস্থিতিত কলেজখনৰ অধ্যক্ষ মন্টু দাসে উদ্বোধন কৰিছে। আৰণ্যকৰ এটা সমল গোটে পৰিচালনা কৰা এই দিনজোৰা প্ৰশিক্ষণ কৰ্মশালাখনত গোৱালপাৰা বন সংমণ্ডলৰ ছটা ৰেঞ্জ ক্ৰমে – গোৱালপাৰা সদৰ, ৰংজুলি, কৃষ্ণাই, লক্ষীপুৰ, প্ৰটেকশ্যন ৰেঞ্জ আৰু কনছলিডেশ্যন ৰেঞ্জৰ প্ৰায় ৫০ জন ফ্ৰন্টলাইন বনকৰ্মীয়ে অংশগ্ৰহণ কৰে।
আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ জীৱ বিজ্ঞানী ড° আলোলিকা সিনহাই মানৱ-হাতী সংঘাতৰ বিভিন্ন দিশ আৰু সহাৱস্থানক উদগনি যোগোৱাৰ উদ্দেশ্যে সমস্যাটোৰ প্ৰশমনৰ বাবে গ্ৰহণ কৰা বিভিন্ন কৌশলৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ মনৱ-হাতী সংঘাত প্ৰশমনৰ বাবে তৃণমূলৰ লোকসকলৰ সৈতে কাম কৰাৰ অভিজ্ঞতাৰ লগতে স্থানীয় লোকক জড়িত কৰা প্ৰশমনৰ চেষ্টাত বন বিভাগৰ লোকসকলে পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো আলোকপাত কৰে।
আৰণ্যকৰ সৌৰশক্তি চালিত বেৰ স্থাপন আৰু পৰিচালনা বিশেষজ্ঞ অঞ্জন বৰুৱাই মানৱ-হাতী সংঘাত প্ৰশমনৰ বাবে ব্যৱহৃত সৌৰশক্তি চালিত বিভিন্ন বেৰ আৰু এই বেৰবোৰৰ প্ৰতিটো সৰু-ডাঙৰ উপাদানৰ কামৰ বিষয়ে বিতংভাৱে ব্যাখ্যা কৰে। পাছত সৌৰশক্তি চালিত বেৰৰ পৰিচালনা আৰু কাম-কাজ সম্পৰ্কীয় ব্যৱহাৰিক অধিবেশনত বৰুৱাই অংশগ্ৰহণকাৰী বন ক্ষেত্ৰৰ কৰ্মীসকলক সৌৰশক্তি চালিত বেৰৰ প্ৰতিটো উপাদানৰ ভূমিকা আৰু গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে।
ইয়াৰ পূৰ্বে আৰণ্যকৰ জ্যেষ্ঠ বিষয়া বিজয় শংকৰ বৰাই অঞ্চলটোৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে আৰণ্যকে ৩৫ বছৰ ধৰি অব্যাহত ৰখা প্ৰচেষ্টাৰ ওপৰত কৰা আলোকপাতেৰে কৰ্মশালাখনৰ আৰম্ভণি কৰে। আৰণ্যকৰ সদস্য স্বপন দাসে মানৱ-হাতী সংঘাত প্ৰশমনৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বন ক্ষেত্ৰকৰ্মীসকলে স্থানীয় লোকসকলৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। আনহাতে অঞ্জন বৰুৱা আৰু ড: আলোলিকা সিনহাই মানৱ-হাতীৰ সংঘাতৰ ফলত ক্ষতি হোৱা শস্যৰ বাবদ ক্ষতিপূৰণ দাবী কৰাত স্থানীয় লোকসকলক সহায় কৰাৰ পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰে।