আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ

Story by  atv | Posted by  [email protected] • 8 Months ago
আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ
আৰণ্যকৰ উদ্যোগত কাৰ্বি মহিলাক হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ
 
গুৱাহাটী

উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ উদ্যোগত কাৰ্বি আংলং জিলাৰ কহৰাত ৯-১০ জুনলৈ এক দুদিনীয়া হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ সম্পৰ্কীয় প্ৰশিক্ষণ আৰু দিকদৰ্শন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।  
 
কহৰাৰ চন্দ্ৰছিং ৰংপি গাঁৱৰ সমূহীয়া সমল কেন্দ্ৰত অনুষ্ঠিত প্ৰশিক্ষণত কাৰ্বি আংলং-কাজিৰঙা অঞ্চলৰ ছখন গাঁৱৰ ১৫ গৰাকী মহিলাৰ লগতে স্থানীয় চন্দ্ৰছিং ৰংপি মেম’ৰিয়েল হাইস্কুলৰ (চিআৰএমএইছএছ) ১২ গৰাকী আগ্ৰহী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।  

আৰণ্যকৰ (www.aaranyak.org) বিকল্প বহনক্ষম জীৱিকা (এ এছ এল) অভিযানৰ অধীনত স্থানীয় মহিলাসকলক দিয়া এই প্ৰশিক্ষণত হস্তনিৰ্মিত চাহ প্ৰস্তুতকৰণ আৰু তেওঁলোকক সঠিক দিকদৰ্শন দিয়াৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। এই কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে উপস্থিত থকা এলেংপথাৰ গাঁৱৰ উদ্যোগী মহিলা মীনা টকবিপীয়ে অংশগ্ৰহণকাৰীসকলক হাতে-কামে “গ্ৰীণ টী” আৰু “অৰ্থডক্স টী” প্ৰস্তুতকৰণৰ প্ৰশিক্ষণ আৰু দিহা পৰামৰ্শ দিয়ে।  
তেওঁ কুমলীয়া চাহ পাত ছিঙাৰ পৰা উতলোৱালৈ, পাতবোৰ হাতেৰে মেলি দিয়া আৰু ৰ’দত শুকোৱালৈকে পৰ্যায়বোৰ সূক্ষ্মভাৱে প্ৰশিক্ষণ দিয়ে। চাহৰ গুণ আৰু সোৱাদ যাতে উৎকৃষ্ট মানৰ হয় তাক নিশ্চিত কৰাৰ বাবে অংশগ্ৰহণকাৰী সকলক প্ৰস্তুতকৰণৰ প্ৰতিটো পৰ্যায়ৰ বিষয়ে শিকোৱা হয়। চাহ প্ৰস্তুতকৰণৰ ব্যৱহাৰিক দিশসহ বিস্তৃত প্ৰশিক্ষণৰ ব্যৱস্থা কৰা এই কাৰ্যসূচীত অংশগ্ৰহণকাৰী সকলে তেওঁলোকৰ দক্ষতা বিকাশৰ বাবে সুৱৰ্ণ সুযোগ লাভ কৰে ।

আৰণ্যকৰ জোস্না তেৰাংপী আৰু চাৰলংজন টেৰণে আৰণ্যকৰ অন্য সদস্যসকলৰ সৈতে প্ৰশিক্ষণৰ সামগ্ৰিক কাৰ্যসূচী পৰিচালনা কৰে । চিআৰএমএইছএছৰ শিক্ষক স্বপন নাথে আৰণ্যকৰ দলটোক সহযোগিতা আগবঢ়ায় ।

কাজিৰঙা-কাৰ্বি আংলং আৰু মানাহ ভূখণ্ড বসবাস কৰা স্থানীয় লোকসকলক বিকল্প বহনক্ষম জীৱিকা,  শিক্ষা আৰু সজাগতাৰ জৰিয়তে জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ উদ্দেশ্যে অব্যাহত ৰখা এই উদ্যোগত আৰণ্যকক আই ইউ চি এন, কে এফ ডব্লিউৱে সহযোগিতা আগবঢ়াইছে ।