টিভি ৰবিচন্দ্ৰন আৰু পৱন কাপুৰক নতুন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি

Story by  atv | Posted by  Munni Begum • 2 d ago
টিভি ৰবিচন্দ্ৰন আৰু পৱন কাপুৰ
টিভি ৰবিচন্দ্ৰন আৰু পৱন কাপুৰ
 
নতুন দিল্লী  
 
ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ সচিবালয়ৰ (এনএছচিএছ) দলত টিভি ৰবিচন্দ্ৰন আৰু পৱন কাপুৰক নতুন উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিছে এনএছএ অজিত ডোভালে। একেদৰে উপ এন এছ এ হিচাপে কাৰ্যনিৰ্বাহ কৰা ৰাজেন্দ্ৰ খান্নাক অতিৰিক্ত এন এছ এ হিচাপে নিযুক্তি দিয়া হৈছে।
 
টিভি ৰবিচন্দ্ৰন ১৯৯০ বেচৰ আই পি এছৰ কাৰ্যালয় আৰু বৰ্তমান চোৰাংচোৱা ব্যুৰোৰ বিশেষ সঞ্চালক। ১৯৯০ চনৰ বেচৰ আই এফ এছ বিষয়া পৱন কাপুৰ ভাৰতৰ বাবে বিদেশত কেইবাটাও মিছনত সেৱা আগবঢ়াই আহিছে। তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত কাৰ্যনিৰ্বাহ কৰি আহিছে। লণ্ডনৰ কমনৱেলথ সচিবালয়ত আন্তঃৰাষ্ট্ৰীয় চৰকাৰী কৰ্মচাৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।
 
শেহতীয়াকৈ উপ এন এছ এ বিক্ৰম মিশ্ৰীক বৈদেশিক সচিব হিচাপে নিযুক্তি দিয়া হৈছে। উল্লেখযোগ্য যে ১৯৬৮ চনৰ বেচৰ আই পি এছ বিষয়া ডোভালক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে নিযুক্তি দিয়ে। তেওঁক কেবিনেট মন্ত্ৰীৰ পদবী প্ৰদান কৰা হৈছে। 
 
১৯৪৫ চনৰ ২০ জানুৱাৰীত উত্তৰাখণ্ডৰ পৌৰী গড়ৱালত জন্মগ্ৰহণ কৰা ডোভালে ১৯৬৮ চনত আই পি এছত যোগদান কৰে আৰু বিশিষ্ট সেৱাৰ বাবে ১৯৮৮ চনত কীৰ্তি চক্ৰ লাভ কৰে। উল্লেখযোগ্য যে ডোভাল আছিল ভাৰতীয় আৰক্ষীৰ পদক লাভ কৰা আটাইতকৈ কম বয়সীয়া বিষয়া।