নতুন দিল্লী
২০২০ চনৰ দিল্লী সংঘৰ্ষ সৈতে জড়িত বৃহত্তৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি ইউএপিএৰ গোচৰত জেএনইউৰ প্ৰাক্তন ছাত্ৰ উমৰ খালিদক পৰিয়ালৰ সৈতে বিয়াত অংশগ্ৰহণ কৰিবলৈ দিল্লীৰ আদালতে ৭ দিনৰ জামিন প্ৰদান কৰিছে। এই সন্দৰ্ভত আদালতে খালিদক ২৮ ডিচেম্বৰৰ পৰা ৩ জানুৱাৰীলৈ অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছে।
বিয়াত উপস্থিত থাকিবলৈ খালিদে ১০ দিনৰ বাবে অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল যদিও আদালতে চৰ্তসহ ৭ দিনৰ জামিনহে মঞ্জুৰ কৰিছে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীত সংঘটিত হোৱা সংঘৰ্ষৰ বৃহত্তৰ ষড়যন্ত্ৰৰ আঁৰত ৫৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭০০ৰো অধিক লোক আহত হোৱাৰ অভিযোগ উত্থাপন কৰি ২০২০ চনৰ ১৪ ছেপ্টেম্বৰত ইউএপিএ গোচৰত দিল্লী আৰক্ষীয়ে খালিদক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছৰে পৰা খালিদক আৰক্ষীৰ জিম্মাত ৰখা হৈছে।
নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ CAA আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ৰ বিৰুদ্ধে প্ৰতিবাদৰ সময়তে এই হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। দিল্লী আৰক্ষীয়ে খালিদৰ জামিনৰ বিৰোধিতা কৰি অভিযোগ কৰিছিল যে, তেওঁ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ হিচাপে নিজৰ আখ্যান বৃদ্ধি কৰিবলৈ অভিনেতা আৰু ৰাজনীতিবিদসকলক বাৰ্তা প্ৰেৰণ কৰিছিল।
২৮ মে’ত বিচাৰ আদালতে খালিদৰ প্ৰথম জামিন আবেদন খাৰিজ কৰা পূৰ্বৰ আদেশ চূড়ান্ত হোৱা বুলি উল্লেখ কৰি দ্বিতীয়বাৰৰ বাবে নিয়মীয়া জামিন বিচৰা আবেদন নাকচ কৰিছিল। ২০২২ চনৰ ১৮ অক্টোবৰত দিল্লী উচ্চ ন্যায়ালয়ে প্ৰথম জামিন আবেদন খাৰিজ কৰাটো সমৰ্থন কৰি তেওঁৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে উত্থাপন কৰা অভিযোগ প্ৰাথমিকভাৱে সত্য বুলি উল্লেখ কৰে।