নতুন দিল্লী
বানপানী আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ ফলত লোকচানৰ সন্মুখীন হোৱা অসম, বিহাৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ড আৰু ছিকিমকে ধৰি কেইবাখনো ৰাজ্যলৈ মঙলবাৰে আৰ্থিক সাহায্য প্ৰদানৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।
সঘনাই বানপানীৰ সন্মুখীন হোৱা বিহাৰে কিছু সকাহ পাব কাৰণ নেপালত বান নিয়ন্ত্ৰণৰ কাঠামো নিৰ্মাণৰ পৰিকল্পনা অতি শীঘ্ৰে আগবাঢ়ি যাব বুলিও বিত্তমন্ত্ৰী সীতাৰমণে উল্লেখ কৰিছে।
মঙলবাৰে লোকসভাত বাজেট ভাষণত সীতাৰমণে এইদৰে কয়, "সঘনাই বানপানী হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিহাৰ। নেপালত বান নিয়ন্ত্ৰণৰ গাঁথনি নিৰ্মাণৰ পৰিকল্পনা এতিয়াও আগবাঢ়িব পৰা নাই। আমাৰ চৰকাৰে ত্বৰান্বিত জলসিঞ্চন লাভালাভ কাৰ্যসূচী আৰু অন্যান্য উৎসৰ জৰিয়তে ১১,৫০০ কোটি টকাৰ আনুমানিক ব্যয়ৰ প্ৰকল্প যেনে কোচি-মেচি আন্তঃৰাজ্যিক সংযোগ আৰু বেৰেজ, নদী প্ৰদূষণ হ্ৰাস আৰু জলসিঞ্চন প্ৰকল্পকে ধৰি অন্যান্য ২০ টা চলিত আৰু নতুন আঁচনিৰ বাবে বিত্তীয় সহায় আগবঢ়াব।"
ইয়াৰ উপৰিও কোছি সম্পৰ্কীয় বান প্ৰশমন আৰু জলসিঞ্চন প্ৰকল্পৰ জৰীপ আৰু তদন্ত কৰা হ’ব বুলিও কয় বিত্তমন্ত্ৰী সীতাৰমণে। তেওঁ যে, "কেন্দ্রীয় চৰকাৰে বান ব্যৱস্থাপনা আৰু আনুষংগিক প্রকল্পৰ বাবে অসমক সাহায্য আগবঢ়াব৷ ভাৰতৰ বাহিৰত উৎপত্তি হোৱা ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ উপনৈসমূহৰ দ্বাৰা অসমত সকলোৱে বানপানীৰ সৈতে যুঁজি আছে। আমি বান ব্যৱস্থাপনা আৰু আনুষংগিক প্ৰকল্পৰ বাবে অসমক সহায় আগবঢ়াম।"
হিমাচল প্ৰদেশৰ বাবে বিত্তমন্ত্ৰীয়ে পুনৰ নিৰ্মাণ আৰু পুনৰ্বাসনৰ বাবে সাহায্য ঘোষণা কৰে। সীতাৰমনে কয়, "যোৱা বছৰ বানপানীৰ বাবে হিমাচল প্ৰদেশত ব্যাপক লোকচান হৈছিল। আমাৰ চৰকাৰে বহুপক্ষীয় উন্নয়ন সাহায্যৰ জৰিয়তে ৰাজ্যখনক পুনৰ নিৰ্মাণ আৰু পুনৰ্বাসনৰ বাবে সাহায্য প্ৰদান কৰিব।"
ডাৱৰ বিস্ফোৰণ আৰু বৃহৎ ভূমিস্খলনৰ বাবেও লোকচানৰ সন্মুখীন হোৱা উত্তৰাখণ্ডকো সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয়, "শেহতীয়াকৈ ছিকিমত বিধ্বংসী ক্ষন্তেকীয়া বানপানী আৰু ভূমিস্খলনে সমগ্ৰ ৰাজ্যতে বিধ্বংসী ৰূপ ধাৰণ কৰা দেখা গৈছে। আমাৰ চৰকাৰে ৰাজ্যখনক সহায় আগবঢ়াব।"
সংসদৰ গ্ৰীষ্মকালীন অধিৱেশনৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে মোডী ৩.০ চৰকাৰৰ প্ৰথমখন কেন্দ্ৰীয় বাজেট আৰু একেৰাহে সপ্তমখন বাজেট দাখিল কৰে। ২২ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বাজেট অধিৱেশন নিৰ্ধাৰিত অনুসৰি ১২ আগষ্টত শেষ হ’ব।