এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ প্ৰস্তাৱ গ্ৰহণ কেন্দ্ৰীয় কেবিনেটৰ

Story by  atv | Posted by  Munni Begum • 23 h ago
ৰাষ্ট্ৰপতি মূৰ্মূক 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ প্ৰতিবেদন দাখিল কৰে ৰামনাথ কোবিন্দে
ৰাষ্ট্ৰপতি মূৰ্মূক 'এক ৰাষ্ট্ৰ এক নিৰ্বাচন'ৰ প্ৰতিবেদন দাখিল কৰে ৰামনাথ কোবিন্দে
 
নতুন দিল্লী 
 
লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ বাবে একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ দিশত এক পদক্ষেপ গ্ৰহণ কৰি কেন্দ্ৰীয় কেবিনেটে বুধবাৰে এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ প্ৰস্তাৱ গ্ৰহণ কৰে। সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত একেলগে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে। 
 
প্ৰাক্তন  ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত উচ্চ পৰ্যায়ৰ কমিটীৰ প্ৰতিবেদন কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সন্মুখত দাখিল কৰাৰ পিছতে এই সিদ্ধান্ত  গ্ৰহন কৰিছে। সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এক ৰাষ্ট্ৰ এক নিৰ্বাচন দুটা পৰ্যায়ত কাৰ্যকৰী কৰা হ’ব বুলি উল্লেখ কৰি এই প্ৰস্তাৱে বৃহৎ সংখ্যক দলৰ সমৰ্থন লাভ কৰা বুলিও উল্লেখ কৰিছে।
 
মন্ত্ৰী বৈষ্ণৱে কয় যে, বিৰোধীয়ে হয়তো আভ্যন্তৰীণ হেঁচা অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে (এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বিষয়ে) কাৰণ পৰামৰ্শদাতা প্ৰক্ৰিয়াৰ সময়ত সঁহাৰি জনোৱা ৮০%তকৈ অধিক উত্তৰদাতাই নিজৰ ইতিবাচক সমৰ্থন দিছে, বিশেষকৈ যুৱক-যুৱতীসকলক, তেওঁলোকে ইয়াৰ পক্ষত আছে। 
 
কংগ্ৰেছ, আপ, শিৱসেনা (ইউ বি টি)কে ধৰি কেইবাটাও বিৰোধী দলে একেলগে নিৰ্বাচনৰ বিৰোধিতা কৰি কেন্দ্ৰত শাসকীয় দলটোক লাভৱান হ’ব বুলি অভিযোগ উত্থাপন কৰিছে। জেডি(ইউ) আৰু চিৰাগ পাছৱানৰ দলৰ দৰে এনডিএৰ মিত্ৰ দলে এই ধাৰণাক সমৰ্থন কৰিছে। 
 
বৈষ্ণৱে লগতে কয় যে, সকলো নিৰ্বাচনৰ বাবে এক উমৈহতীয়া নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা হ’ব। কোবিন্দ পেনেলৰ পৰামৰ্শ আগবঢ়াই নিবলৈ এটা কাৰ্যকৰী গোট গঠন কৰা হ’ব। মোডী ২.০ চৰকাৰে একেলগে নিৰ্বাচনৰ সম্ভাৱনীয়তা পৰীক্ষা কৰিবলৈ এই পেনেল গঠন কৰিছিল, যিটো বিজেপিয়ে লোকসভা নিৰ্বাচনী ইস্তাহাৰত দিয়া অন্যতম মূল প্ৰতিশ্ৰুতি আছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত এই পেনেলে ৰাষ্ট্ৰপতিৰ ওচৰত প্ৰতিবেদন দাখিল কৰিছিল। 
 
ইয়াক এক ঐতিহাসিক নিৰ্বাচনী সংস্কাৰ আখ্যা দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে, "এইটোৱে প্ৰধানমন্ত্ৰী মোদীৰ স্বচ্ছ আৰু আৰ্থিকভাৱে দক্ষ নিৰ্বাচনৰ জৰিয়তে আমাৰ গণতন্ত্ৰক শক্তিশালী কৰাৰ লগতে সম্পদৰ অধিক উৎপাদনশীল আবণ্টনৰ জৰিয়তে অৰ্থনৈতিক বিকাশ ত্বৰান্বিত কৰাৰ ইচ্ছাক প্ৰতিফলিত কৰিছে।"  
 
১৮,৬২৬ পৃষ্ঠাৰ বিস্তৃত প্ৰতিবেদনত পেনেলে প্ৰথম পদক্ষেপ হিচাপে লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ বাবে একেলগে নিৰ্বাচনৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ বাবে সংবিধান সংশোধনীৰ বাবে ৰাজ্যৰ অনুমোদনৰ প্ৰয়োজন নাই।
 
পৰৱৰ্তী পদক্ষেপটো হ’ল পৌৰসভা আৰু পঞ্চায়তসমূহৰ নিৰ্বাচনক লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ সৈতে সমন্বয় কৰা। এই কাম এনেদৰে কৰা হ’ব যাতে সাধাৰণ নিৰ্বাচনৰ ১০০ দিনৰ ভিতৰত স্থানীয় সংস্থাৰ নিৰ্বাচন অনুষ্ঠিত হয়। ইয়াৰ বাবে অৱশ্যে আধাতকৈ কম নহয় ৰাজ্যৰ অনুমোদনৰ প্ৰয়োজন হ’ব। এক ৰাষ্ট্ৰ এক নিৰ্বাচনক বাস্তৱত পৰিণত কৰিবলৈ ১৮টা সাংবিধানিক সংশোধনীৰ পৰামৰ্শ দিছে পেনেলে।
 
কেন্দ্ৰীয় কেবিনেটৰ এই পদক্ষেপৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কয় যে, "আমি ইয়াৰ সৈতে একমত নহয়। কিয়নো গণতন্ত্ৰত এক ৰাষ্ট্ৰ এক নিৰ্বাচনে কাম কৰিব নোৱাৰে। যদি আমি আমাৰ গণতন্ত্ৰ জীয়াই থকাটো বিচাৰো তেন্তে প্ৰয়োজন অনুসৰি নিৰ্বাচন অনুষ্ঠিত কৰাটো প্ৰয়োজন।" 
 
ইয়াৰ পূৰ্বে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও একেলগে কৰিবলৈ লোৱা নিৰ্বাচনৰ ধাৰণাৰ বিৰোধিতা কৰিছিল। বিৰোধীৰ সৈতে কোনো আলোচনা হোৱা নাই বুলি উল্লেখ কৰি আপে এই প্ৰস্তাৱক বিজেপিৰ আন এক “জুমলা” বুলি খাৰিজ কৰিবলৈও ক্ষীপ্ৰতাৰে কয়। 
 
আপৰ সন্দীপ পাঠকে কয় যে, তেওঁলোকে একেলগে মহাৰাষ্ট্ৰ, ঝাৰখণ্ড, জে এণ্ড কে, হাৰিয়ানাৰ নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নাছিল। তেওঁ লগতে কয় যে, চৰকাৰৰ কাৰ্যকালৰ মাজভাগত যদি কোনো ৰাজ্যত চৰকাৰৰ পতন ঘটে, তেন্তে বিজেপিয়ে নিজৰ গুণ্ডাগিৰিৰ জৰিয়তে ৰাজ্যখন চলাব নেকি?