আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

Story by  atv | Posted by  [email protected] • 9 h ago
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
 
গুৱাহাটী
 
তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী হাতত লৈ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। উত্তৰ- পূব ভ্ৰমণৰ উদ্দেশ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে শুকুৰবাৰে নিশা পোনে পোনে উপস্থিত হ’ব যোৰহাটস্থিত ৰৰৈয়া বিমান বন্দৰত।
 
জানিব পৰা মতে আজি নিশা দেৰগাঁৱত থকা পুলিচ প্ৰশিক্ষণ বিদ্যালয়ৰ অতিথিশালত কটাব তেওঁ। তাৰ পাছতে ১৫ মাৰ্চ শনিবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দেৰগাঁৱত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা লাচিত বৰফুকন পুলিচ একাডেমী আনুষ্ঠানিকভাৱে উন্মোচন কৰিব।
 
ইয়াৰ পাছতে তেওঁ উৰা মাৰিব মিজোৰামলৈ। মিজোৰামত চৰকাৰী কাৰ্যসূচী সম্পন্ন কৰি নিশা তেঁও উভতি আহিব গুৱাহাটীলৈ। ১৫ মাৰ্চৰ নিশাটো কটাব কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত।
 
আনহাতে ১৬ মাৰ্চৰ পুৱা ৰাওনা হ’ব কোকৰাঝাৰলৈ। কোকৰাঝাৰৰ দোতমাত অনুষ্ঠিত নিখিল বড়ো ছাত্ৰ সন্থাৰ বৰ্ষিক অধিবেশনৰ কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
 
একেদৰে কোকৰাঝাৰৰ পৰা বিয়লি উভতি আহি পুনৰ গুৱাহাটীত উপস্থিত হৈ ৰেডিশ্বন ব্লু’ত উত্তৰ- পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰীৰ সৈতে এক বৈঠকত অংশগ্ৰহণ কৰিব। তাৰ পাছত সেইদিনা নিশাই তেওঁ গুৱাহাটীৰ পৰা উৰা মাৰিব দিল্লীলৈ।