কাশ্মীৰৰ অস্থিৰতাই মহিলাসকলৰ পাৰদৰ্শিতা বৃদ্ধি কৰাৰ বিপৰীতে পুৰুষসকল বিপথে পৰিচালিত কৰিছে

Story by  atv | Posted by  Munni Begum • 1 d ago
কাশ্মীৰ বিশ্ববিদ্যালয়ৰ এগৰাকী কাশ্মীৰী মহিলাই উপ-ৰাজ্যপাল মনোজ সিনহাৰ পৰা ডিগ্ৰী লাভ কৰাৰ এক মূহুৰ্ত
কাশ্মীৰ বিশ্ববিদ্যালয়ৰ এগৰাকী কাশ্মীৰী মহিলাই উপ-ৰাজ্যপাল মনোজ সিনহাৰ পৰা ডিগ্ৰী লাভ কৰাৰ এক মূহুৰ্ত
 
এহছান ফাজিলি / শ্ৰীনগৰ
 
কাশ্মীৰী ছোৱালী আৰু মহিলাসকলে উন্নত জীৱনৰ আকাংক্ষা বুকুত বান্ধি শৈক্ষিক আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত পাৰদৰ্শিতা অব্যাহত ৰাখিছে। ইয়াৰ বিপৰীতে কিন্তু ল’ৰা আৰু পুৰুষসকল ছ’চিয়েল মিডিয়া, হিংসাংত্মক কাৰ্য্য আৰু ড্ৰাগছ আসক্তিৰ বাবে বহু পিছ পৰি আছে। যোৱা তিনিটা দশকত মহিলাৰ শিক্ষাৰ ধাৰাটোৱে গতি লাভ কৰাৰ ফলত মহিলাসকলৰ বাবে অধিক চাকৰিৰ সৃষ্টি হৈছে আৰু মুছলমান প্ৰধান কাশ্মীৰ উপত্যকাৰ পৰিয়ালসমূহত লিংগ সমীকৰণ খেলিমেলি কৰি দিছে। 
 
এই পৰিস্থিতিয়ে এফালে মহিলা কৰ্মচাৰীসকলৰ দক্ষতাত প্ৰভাৱ পেলায় কিয়নো তেওঁলোকে এতিয়াও ঘৰুৱা কাম-কাজ আৰু সামাজিকৰণৰ দৰে সকলো পৰম্পৰাগত কৰ্তব্যৰ প্ৰতি লক্ষ্য ৰাখিব বুলি আশা কৰা হয়। আনহাতে, যিখন সমাজ এতিয়াও পৰম্পৰাগত মূল্যবোধৰ দ্বাৰা পৰিচালিত হৈ আছে, সেইখন সমাজত ভাল চাকৰি থকা মহিলাসকলে উপযুক্ত জীৱন সংগী লাভ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে। ফলত ছোৱালীৰ বিবাহৰ বয়স বাঢ়িছে; আৰু পলমকৈ বিয়াত বহা অথবা বিবাহ নোহোৱাকৈ থকাটো এটা ট্ৰেণ্ড হৈ পৰিছে। 
 
কাশ্মীৰত নিযুক্তি সভাত যুৱকৰ হাত পৰীক্ষা কৰি থকা এজন সেনা চিকিৎসক
 
“আমি এতিয়া কাশ্মীৰত এনে এটা ধাৰাত উপনীত হৈছো য'ত ছোৱালীসকলে পলমকৈ হোৱা ধাৰণাৰ পৰা বিবাহ নোহোৱাকৈ থকাৰ ধাৰণাত উপনীত হৈছো”, -মাজবিজ্ঞানী, ড০ এছ খুৰশ্বিদ-উল-ইছলামে আৱাজ দ্য ভইচৰ সন্মুখত এইদৰে কয়। তেওঁ জম্ম-কাশ্মীৰ ইনষ্টিটিউট অৱ মেনেজমেণ্ট, পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড ৰুৰেল ডেভেলপমেণ্ট (জে এণ্ড কে ইম্পাৰ্ড) শ্ৰীনগৰৰ সহযোগী অধ্যাপক। 
 
তেওঁ কয় “কাশ্মীৰৰ ছোৱালীবোৰ শিক্ষাৰ ক্ষেত্ৰত অধিক ক্ষমতাশালী। আমি আমাৰ ছোৱালীবোৰক কেৱল উপত্যকাৰ বাহিৰৰ প্ৰতিষ্ঠানবোৰলৈ নহয়, বিদেশতো উচ্চ শিক্ষাৰ বাবে পঠিয়াই দিওঁ।" ড০ খুৰশ্বিদ-উল-ইছলামে কয় যে উপত্যকাটোৰ অধিকাংশ ল’ৰাই নিজকে ছ’চিয়েল মিডিয়া, হিংসাত্মক কাম-কাজ বা ড্ৰাগছ আসক্তিৰ সৈতে জড়িত হৈ পৰিছে।
 
ফলত উচ্চ পেছাদাৰী আৰু প্ৰশাসনিক পদবী লাভ কৰা শিক্ষিত আৰু যোগ্য ছোৱালীয়ে সময়মতে নিজৰ জীৱন সংগী লাভ কৰাত ব্যৰ্থ হয় বুলি সমাজবিজ্ঞান বিশেষজ্ঞগৰাকীয়ে কয়। তেওঁ চিকিৎসা, অভিযান্ত্ৰিক বা শৈক্ষিক ধাৰাত ডিগ্ৰীধাৰী আৰু উচ্চ পদবীত থকা বহু মহিলাৰ কথা কয়, যিসকলে ৩০ বছৰ বয়স অতিক্ৰম কৰি উপযুক্ত দৰাৰ বাবে অপেক্ষা কৰি আছে। “কাশ্মীৰৰ ছোৱালীবোৰ আমাৰ ল’ৰাতকৈ বহুত ভাল। কাৰণ আমি ছোৱালীৰ শিক্ষা আৰু বিকাশৰ ওপৰত অধিক মনোনিৱেশ কৰিছো”,-Gender Discrimination in the Kashmir Valley” আৰু “Kashmiri Muslim Marriage,” শীৰ্ষক গ্ৰন্থৰ লেখক ড০ খুৰশ্বিদ-উল-ইছলামে এইদৰে কয়। 
 
ড° এছ খুৰশ্বিদ-উল-ইছলাম, জে এণ্ড কে ইনষ্টিটিউট অৱ মেনেজমেণ্ট, পাব্লিক এডমিনিষ্ট্ৰেচন এণ্ড ৰুৰেল ডেভেলপমেণ্ট
 
২০০৮, ২০১০, আৰু ২০১৬ চনত সংঘটিত কাশ্মীৰৰ হিংসাত্মক পৰিস্থিতিৰ কথা উল্লেখ কৰি তেওঁ দুখেৰে কয় যে “হিংসা আৰু অস্থিৰতাৰ ফলত ছোৱালীৰ পৰিৱৰ্তে ল’ৰাহে প্ৰভাৱিত হৈছিল। ফলত পুৰুষ জনসংখ্যা সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণহীন হৈ থাকিল। তেওঁলোকৰ মাজত কোনো অনুশাসন নাছিল, কোনো নীতি-নিয়ম নাছিল, যাৰ ফলত যুৱকসকলে মানসম্পন্ন শিক্ষা লাভ নকৰিলে।” তেওঁ কাশ্মীৰৰ সেই অশান্ত সময়ছোৱাৰ কথা স্মৰণ কৰে,যেতিয়া ঈদ অতি অনুষ্টুপীয়াকৈ পালন কৰিছিল। ঈদ অনুষ্টুপীয়াকৈ পাতিবলৈ অঞ্চলটোৰ যুৱচামে স্থানীয় বাসিন্দাসকলক বাধ্য কৰাইছিল। সাধাৰণ নাগৰিকে যাতে ঈদ জাকজমকীয়াকৈ আয়োজন কৰিব নোৱাৰে, তাৰ বাবে তেওঁলোকে মাংসৰ দোকান, মিঠাইৰ দোকান আদি ভাঙি পেলাইছিল। তাৰ ফলত জনসাধাৰণে উৎসৱৰ বাবে সামগ্ৰী ক্ৰয় কৰিব পৰা নাছিল। 
 
"আমি ঈদৰ দৰে অনুষ্ঠানত বিভিন্ন ঠাইত পথৰ দাঁতিত ধ্বংস হোৱা বজাৰৰ সামগ্ৰী দেখিছো, য'ত কেৱল সৰু ল'ৰাবোৰহে এনে কামত জড়িত আছিল”, তেওঁ লগতে কয়। এনে উদ্ভাণ্ডালিবোৰে ল’ৰাবোৰৰ মাজত “অহংকাৰ”ৰ সৃষ্টি কৰিছিল আৰু সমগ্ৰ প্ৰজন্মটোক এই অহংকাৰে প্ৰভাৱিত কৰে বুলিও তেওঁ কয়। ড০ খুৰশ্বিদে বিগত দুটা দশকত সমগ্ৰ কেন্দ্ৰীয় শাসিত অঞ্চলত ডিগ্ৰী কলেজসমূহ ভেঁকুৰৰ দৰে বৃদ্ধি পোৱাৰ কথাও উল্লেখ কৰে, যিয়ে দূৰৈৰ অঞ্চলৰ পৰা অহা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সামাজিকৰণ সীমিত কৰি তুলিছিল, যাৰ ফলত যুৱক-যুৱতীসকলৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিছিল।
 
কম কৰ্মচাৰী আৰু আন্তঃগাঁথনিৰে বৃহৎ সংখ্যক শিক্ষানুষ্ঠান স্থাপন কৰাটোৱেও সাধাৰণতে দূৰৈৰ অঞ্চলৰ যুৱক-যুৱতীসকলক প্ৰভাৱিত কৰিছিল বুলি তেওঁ কয়। “কৃষিভূমিৰ ওপৰত নিয়ন্ত্ৰণহীন নিৰ্মাণ চলি থকাৰ সময়ত ল’ৰাবোৰে কৰ্মসংস্থাপন নাপায়, যাৰ ফলত যুৱকসকলে খেতিপথাৰ চোৱাচিতা কৰাৰ পৰা আঁতৰি থাকি আন ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়”, তেওঁ কয়। “যুৱক-যুৱতীসকলে খেতি, পৰিয়ালৰ ব্যৱসায়, আৰু কঠোৰ পৰিশ্ৰমৰ পৰা আঁতৰি আছে আৰু সেই শূন্যতা বাহিৰৰ মানুহে পূৰণ কৰিছে।”, তেওঁ কয়।
 
শ্ৰীনগৰত এক বিবাহ অনুষ্ঠানত এহাল দম্পতীৰ সৈতে মৌলৱী
 
‘আমি আমাৰ যুৱ প্ৰজন্মক কঠোৰ পৰিশ্ৰম কৰি উপাৰ্জনকাৰী হ’বলৈ বঞ্চিত কৰিছো। আমি তেওঁলোকৰ মাজত কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা সোমাই নিদিওঁ আৰু এইদৰে তেওঁলোক মোবাইল ফোনত আসক্ত হৈ পৰিছে”, ডাঃ খুৰশ্বিদে মন্তব্য কৰে। তেওঁ লগতে কয় যে ইয়াৰ ফলত যুৱক-যুৱতীসকল এটা দশকৰ পাছত অসাৰ হৈ পৰিব। পৰৱৰ্তী প্ৰজন্মই পঢ়িবলৈ, কোনো চাকৰি কৰিবলৈ বা কোনো কাম কৰিব নোৱাৰিব। এইটো সঁচাকৈয়ে চিন্তনীয় কথা।”, তেওঁ দৃঢ়তাৰে কয়।
 
প্ৰচলিত সামাজিক পৰিস্থিতিত কাশ্মীৰী মহিলাসকলে ইতিমধ্যে পেছাদাৰী শৈক্ষিক ক্ষেত্ৰত আগবাঢ়িছে যদিও সবলীকৰণৰ সমস্যাৰ সন্মুখীন হৈছে। সমাজত নিজৰ ভূমিকা পালন কৰাৰ সমান্তৰালকৈ মহিলাসকলে কাশ্মীৰী পৰম্পৰা অব্যাহত ৰাখি ঘৰুৱা কামৰ অতিৰিক্ত দায়িত্বও গ্ৰহণ কৰিবলগীয়া হৈছে, যাৰ ফলত কৰ্মক্ষেত্ৰত তেওঁলোকেৰ প্ৰদৰ্শন নূন্যতম হৈ পৰে বুলি ড০ খুৰশ্বিদ উল ইছলামে কয়।