আৱাজ দ্য ভইচ অসম ব্যুৰো
পোন প্ৰথমবাৰৰ বাবে ১২ ফেব্ৰুৱাৰীত নিজৰ চৌহদৰ ভিতৰত বিবাহ অনুষ্ঠান আয়োজন কৰিবলৈ সাজু হৈছে ৰাষ্ট্ৰপতি ভৱনে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৱে বিবাহ উদযাপনৰ সেউজ সংকেত প্ৰদান কৰিছে। কিয়নো তেওঁ বিবাহপাশত আৱদ্ধ হবলৈ ওলোৱা ব্যক্তিজনৰ আচৰণ আৰু সেৱাত অত্যন্ত আপ্লুত হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ৰাষ্ট্ৰপতি মূৰ্মূৱে এই ব্যক্তিজনৰ বিবাহৰ কথা জানিব পাৰি ৰাষ্ট্ৰপতি ভৱনৰ মাদাৰ টেৰেছা ক্রাউন চৌহদত এই অনুষ্ঠান আয়োজনৰ ব্যৱস্থা কৰিছে।
এক প্ৰতিবেদন অনুসৰি, এই বিয়াখনত সীমিত সংখ্যক আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীয়েহে অংশগ্ৰহণ কৰিব, যিসকলক প্ৰৱেশৰ পূৰ্বে পৰীক্ষা-নিৰিক্ষা কৰা হ’ব। অৱশ্যে ৰাষ্ট্ৰপতি ভৱনৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক জাননী প্ৰদান কৰা হোৱা নাই।
ৰাষ্ট্রপতি ভৱনত কোনে বিয়া পাতিবলৈ উলাইছে
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ এগৰাকী মহিলা বিষয়া পুনম গুপ্তাই ৰাষ্ট্ৰপতি ভৱনত বিবাহপাশত আৱদ্ধ হোৱা প্ৰথমগৰাকী ব্যক্তি হিচাপে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ অনুকূলতা লাভ কৰিছে। চি আৰ পি এফৰ সহকাৰী কামাণ্ডেণ্টগৰাকীক বৰ্তমান ৰাষ্ট্ৰপতি ভৱনত পি এছ অ’ হিচাপে নিযুক্তি দিয়া হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পূনম গুপ্তাই অহা ১২ ফেব্ৰুৱাৰীত জম্মু-কাশ্মীৰত পোষ্ট কৰা সহকাৰী কামাণ্ডেণ্ট অবনীশ কুমাৰৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। অনুষ্ঠানটোত অতিথিৰ তালিকাখনত নিৰ্বাচিত অতিথিহে থাকিব। প্ৰৱেশৰ অনুমতি প্ৰদানৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিকতা চলি আছে।
পুনম গুপ্তা কোন?
৭৪ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডৰ সময়ত চি আৰ পি এফৰ সহকাৰী কামাণ্ডেণ্ট পুনম গুপ্তাই চি আৰ পি এফৰ সৰ্বমহিলা দলটোক নেতৃত্ব প্ৰদান কৰিছিল।
গণিতত স্নাতক ডিগ্ৰী, ইংৰাজী সাহিত্যত স্নাতকোত্তৰ, গ্ৱালিয়ৰৰ জিৱাজী বিশ্ববিদ্যালয়ৰ পৰা বি.এ.ডি লাভ কৰা পুনম গুপ্তাই ২০১৮ চনত ইউ পি এছ চি চি এ পি এফ পৰীক্ষাত ৮১ নম্বৰ স্থান লাভ কৰিছিল। ইয়াৰ পূৰ্বেও তেওঁ বিহাৰৰ নক্সাল প্ৰভাৱিত অঞ্চলত সেৱা আগবঢ়াইছিল।
ইনষ্টাগ্ৰামতো অতি সক্ৰিয় পুনম গুপ্তা, য’ত তেওঁ চি আৰ পি এফ ইউনিফৰ্মত কেইবাখনো ছবি শ্বেয়াৰ কৰিছে। মহিলাৰ বিষয় আৰু সৱলীকৰণৰ প্ৰতি আকৰ্ষিত তেওঁ সঘনাই নিজৰ পোষ্টৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক প্ৰেৰণা যোগায়।
তেওঁৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে তেওঁ নেতৃত্ব দিয়া বিভিন্ন অভিযানৰ বিষয়ে সজাগতা সৃষ্টি কৰে আৰু নিয়মিতভাৱে সেইবোৰৰ বিষয়ে আপডেট পোষ্ট কৰি আহিছে।