খালিস্তানী সন্ত্ৰাসবাদীক হত্যাৰ অভিযোগ উত্থাপনৰ ষড়যন্ত্ৰত ভাৰতলৈ চমন মাৰ্কিন আদালতৰ

Story by  atv | Posted by  Munni Begum • 14 h ago
খালিস্তানি সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুন
খালিস্তানি সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুন
 
নতুন দিল্লী
 
খালিস্তানি সন্ত্ৰাসবাদী গুৰপতৱন্ত সিং পান্নুনে তেওঁক হত্যাৰ ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি এক দেৱানী গোচৰ ৰুজু কৰাৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন আদালতে ভাৰত চৰকাৰক চমন কৰিছে। এই চমনৰ কোনো সঁহাৰি এতিয়াও প্ৰদান কৰা নাই কেন্দ্ৰই। পান্নুৰ এক্স হেণ্ডেলত তেওঁ চমনৰ কপি শ্বেয়াৰ কৰিছিল। 
 
নিউয়ৰ্কৰ দক্ষিণ জিলাৰ বাবে আমেৰিকাৰ জিলা আদালতৰ চমনত ভাৰত চৰকাৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, আৰ এণ্ড এ ডব্লিউৰ প্ৰাক্তন মুৰব্বী সমান্ত গোৱেল, আৰ এণ্ড এ ডব্লিউৰ এজেণ্ট বিক্ৰম যাদৱ আৰু ভাৰতীয় ব্যৱসায়ী নিখিল গুপ্তাৰ নাম উল্লেখ কৰা হৈছে। চমনত নতুন দিল্লী আৰু নাম উল্লেখ কৰাসকলক ২১ দিনৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ কোৱা হৈছে। 
 
নৱেম্বৰ মাহত ব্ৰিটেইনৰ ফাইনেন্সিয়েল টাইমছ কাকতত প্ৰকাশ পাইছিল যে, আমেৰিকাই ছিখছ ফৰ জাষ্টিছৰ উগ্ৰ সংগঠনৰ মুৰব্বী আৰু আমেৰিকা আৰু কানাডাৰ দ্বৈত নাগৰিকত্ব থকা পান্নুনক হত্যা কৰাৰ পৰিকল্পনা বিফল কৰিছে। পিছত জো বাইডেন প্ৰশাসনৰ বিষয়াসকলে এই কথা নিশ্চিত কৰিছে। 
 
প্ৰথম সঁহাৰিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এইটো চিন্তাৰ বিষয় বুলি কয় আৰু ভাৰতে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰা বুলি জোৰ দিয়ে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ আদালতত দাখিল কৰা এজন ব্যক্তিৰ বিৰুদ্ধে গোচৰটো কথিতভাৱে তেওঁক এজন ভাৰতীয় বিষয়াৰ সৈতে সংযুক্ত কৰাটো চিন্তাৰ বিষয়। আমি কৈছো যে, এইটো চৰকাৰী নীতিৰ বিপৰীত বুলি তেতিয়াৰ এমইএ-ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে কৈছিল।
 
চলিত বৰ্ষৰ মে’ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ভাৰতে বিষয়টোৰ তদন্ত কৰি আছে যদিও ভাৰত-আমেৰিকাৰ সম্পৰ্কৰ উৰ্ধমুখী গতিপথত ইয়াৰ কোনো প্ৰভাৱ নপৰে বুলি জোৰ দিয়ে। 
 
আমেৰিকা যুক্তৰাষ্ট্ৰই সদিচ্ছাৰে কিছুমান তথ্য আমাৰ দৃষ্টি গোচৰ কৰিছিল, কিয়নো আমি এইটোও বিশ্বাস কৰোঁ যে, ইয়াৰ কিছুমানৰ আমাৰ নিজৰ ব্যৱস্থাৰ ওপৰত প্ৰভাৱ আছে বুলি তেওঁ সংবাদ সংস্থাক দিয়া এক সাক্ষাৎকাৰত কয়।  
 
আমি ইয়াৰ অনুসন্ধান কৰি আছো। কিন্তু মই নাভাবো যে ভাৰত-আমেৰিকা যুক্তৰাষ্ট্ৰৰ উৰ্ধমুখী গতিপথৰ মৌলিক গতিপথ ইয়াৰ দ্বাৰা একেবাৰে প্ৰভাৱিত হৈছে বুলি তেওঁ কয়।
 
তেওঁ কয় যে, আমি ইয়াৰ তদন্ত কৰি আছো। কিন্তু ভাৰত-আমেৰিকাৰ উৰ্ধমুখী ট্ৰেজেক্টৰীৰ মৌলিক গতিপথ ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা বুলি মই নাভাবো। ভাৰতত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত এৰিক গাৰ্চেট্টিয়ে জনাইছে যে, এই বিষয়টোৱে ভাৰত-আমেৰিকাৰ সম্পৰ্কত কোনো প্ৰভাৱ নপৰে।
 
পান্নুনে ভাৰতীয় নেতা-প্ৰতিষ্ঠানৰ বিৰুদ্ধে জ্বলন্ত ভাষণ আৰু ভাবুকি দিয়াৰ বাবে জনাজাত। নতুন দিল্লীয়ে ২০২০ চনত তেওঁক সন্ত্ৰাসবাদী বুলি  ঘোষণা কৰিছিল।