উত্তৰাখণ্ডত প্ৰবল বৃষ্টিপাতৰ আশংকাৰ বাবে স্থগিত চাৰধাম যাত্ৰা

Story by  atv | Posted by  [email protected] • 2 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
ডেৰাডুন

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৭-৮ জুলাইলৈ জাৰি কৰা প্ৰচণ্ড বৰষুণৰ সতৰ্কবাণীৰ বাবে দেওবাৰেও উত্তৰাখণ্ডত চলি থকা চৰ ধাম যাত্ৰা স্থগিত থাকিব। শনিবাৰে সন্ধিয়া গড়ৱালৰ সংমণ্ডল আয়ুক্ত বিনয় শংকৰ পাণ্ডেই এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰি মন্দিৰলৈ যোৱা পথত তীৰ্থযাত্ৰীসকলক আৰু আগবাঢ়ি যোৱাৰ পৰা বিৰত থাকিবলৈ আৰু য’ত আছে তাতেই থাকিবলৈ আহ্বান জনায়।

বতৰ বিভাগৰ প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস আৰু বিভিন্ন পথত হোৱা ভূমিস্খলনৰ পৰিপ্ৰেক্ষিতত তেওঁ তীৰ্থযাত্ৰীসকলক ঋষিকেশৰ সিপাৰে যাত্ৰা নকৰিবলৈ আহ্বান জনায়।
বতৰ পৰিষ্কাৰ হ’লেহে তীৰ্থযাত্ৰীসকলক আৰু আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়া হৈছে। শনিবাৰে আই এম ডিয়ে উত্তৰাখণ্ডৰ সকলো জিলাতে দেওবাৰ আৰু সোমবাৰে প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ হোৱাৰ সতৰ্কবাণী জাৰি কৰে।