নতুন দিল্লী
গুৱাহাটীতে ধৰি ৰাজ্যৰ ভিন্নপ্ৰান্তত শীতৰ প্ৰকোপ। বছৰৰ বিদায়ী বেলাত শীতত কঁপিছে ৰাজ্যবাসী। উত্তৰ ভাৰতৰ পাহাৰত তুষাৰপাত আৰম্ভ হৈছে। অন্যহাতে ভৈয়ামত বৰষুণ অব্যাহত আছে। বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী অনুসৰি উত্তৰ ভাৰতৰ পাহাৰত ইতিমধ্যে তুষাৰপাত আৰম্ভ হৈছে আৰু ভৈয়াম ৰাজ্যসমূহত বৰষুণ অব্যাহত আছে। এই সকলো ঠাইতে বৰষুণৰ ফলত তাপমাত্ৰা কেইবা ডিগ্ৰী হ্ৰাস পাইছে। হাঁড় কঁপোৱা শীতত কঁপিছে দেশৰ ভিন্নপ্ৰান্তৰ লোক।
পশ্চিমীয়া ঘূৰ্ণীবতাহৰ প্ৰভাৱত সোমবাৰে ৰাজস্থান, পঞ্জাৱ, হাৰিয়ানা, দিল্লী আৰু হিমাচল প্ৰদেশত বৰষুণ হয়।ছিমলাত অতিপাত তুষাৰপাত হৈছে। উত্তৰাখণ্ডৰ বদ্ৰীনাথ, কেদাৰনাথ, গংগোত্ৰী, যমুনোত্ৰী আৰু হেমকুণ্ড চাহিব, কুমায়নেৰ মুনছিয়াৰীতো বৰফ পৰিছে।
জম্মু-কাশ্মীৰত বৃদ্ধি পাইছে শীতল প্ৰবাহ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৩১ ডিচেম্বৰলৈ ৭ দিন বৰষুণ আৰু তুষাৰপাতৰ লগতে অতিপাত ঠাণ্ডা পৰা সতৰ্কবাণী দিছে। দিল্লী-এনচিআৰৰ পৰা কলকাতা-চেন্নাইলৈ ৩১ ডিচেম্বৰলৈকে সমগ্ৰ দেশৰ বতৰ কেনেকুৱা হ’ব জানো আহক।
বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰতিবেদন অনুসৰি বংগৰ পশ্চিম মধ্য উপসাগৰৰ ওপৰত নিম্ন চাপ পশ্চিম-দক্ষিণ-পশ্চিম দিশলৈ গতি কৰিছে আৰু দক্ষিণ-পশ্চিম, পশ্চিম-মধ্য বংগ উপসাগৰৰ পৰা দক্ষিণ অন্ধ্ৰপ্ৰদেশ-উত্তৰ তামিলনাডু উপকূললৈকে বিয়পি পৰিছে। উপকূলীয় অন্ধ্ৰপ্ৰদেশ, উপকূলীয় ওড়িশা আৰু পুডুচেৰীত ২৬ ডিচেম্বৰলৈকে বজ্ৰপাতৰ সম্ভাৱনা আছে। ইয়াৰ বাবে কিছু ঠাইত লঘুৰ পৰা মধ্যমীয়া আৰু প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ বিভিন্ন ঠাইত পাতল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ২৭ৰ পৰা ২৯ ডিচেম্বৰৰ ভিতৰত পশ্চিম হিমালয় অঞ্চলত বৰষুণ আৰু বৰফ পৰাৰ সম্ভাৱনা আছে। ২৭ আৰু ২৮ ডিচেম্বৰত ভৈয়ামৰ ওপৰতো প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে।
৬ৰ পৰা ২৮ ডিচেম্বৰলৈ মহাৰাষ্ট্ৰ, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, পশ্চিম উত্তৰ প্ৰদেশত বজ্ৰপাত আৰু শিলাবৃষ্টিৰ সম্ভাৱনা আছে। ২৭ ডিচেম্বৰত উত্তৰ প্ৰদেশ, ৰাজস্থান, মধ্যপ্ৰদেশ, মধ্য মহাৰাষ্ট্ৰ আৰু মাৰাথৱাদাত ধাৰাসাৰ বৰষুণ হ’ব। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ, লাডাখ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়ত ২৬ ডিচেম্বৰলৈকে শীতল প্ৰবাহ পৰিব।
উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, উপ-হিমালয় পশ্চিম বংগ, বিহাৰ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, ৰাজস্থানৰ বিভিন্ন ঠাইত ৩০ ডিচেম্বৰলৈকে ঘন কুঁৱলীৰ প্ৰকোপ থাকিব পাৰে।
বতৰ বিজ্ঞান বিভাগে হিমাচল প্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড় আৰু উত্তৰ-পূব ভাৰতত তুষাৰপাতৰ সম্ভাৱনা প্ৰকাশ কৰিছে। ২৯ ডিচেম্বৰৰ পৰা দিল্লীৰ বতৰ পৰিষ্কাৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত ঘন কুঁৱলী হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে দিল্লী-এনচিআৰত সৰ্বোচ্চ উষ্ণতা ১৮.৪ ডিগ্ৰী আৰু সৰ্বনিম্ন উষ্ণতা ৮.৬ ডিগ্ৰী।
আজি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা ৪.৪ ডিগ্ৰী আৰু সৰ্বোচ্চ তাপমাত্ৰা ২৮.৩ ডিগ্ৰী হোৱাৰ সম্ভাৱনা আছে।