ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ; ঘণ্টাত ৫০ কিলোমিটাৰ গতিত আহি আছে ধুমুহা-বৰষুণ

Story by  atv | Posted by  [email protected] • 12 h ago
ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ
ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ
 
গুৱাহাটী
 
ৰঙালীৰ বতৰত ৰাজ্যত বতৰে ল’ব ভয়ংকৰ ৰূপ। ৰাজ্যত বতৰক লৈ ডাঙৰ সতৰ্কবাণী প্ৰদান কৰিলে বতৰ বিজ্ঞান বিভাগে।
 
দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, বজালী, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাছাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি জিলাত য়েল' এলাৰ্ট জাৰি কৰিছে।
 
বঙাইগাঁও আৰু বৰপেটা জিলাত আজি ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা- বৰষুণ আহিব। ধুবুৰী, দক্ষিণ শালমাৰা, বজালী, নলবাৰী, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় জিলাত আজি ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত ধুমুহা আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে।
 
দক্ষিণ শালমাৰা, ধুবুৰী, কোকৰাঝাৰ, বজালী গোৱালপাৰা, নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, গোলাঘাট, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া, চৰাইদেউ, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত কাইলৈ য়েল' এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
 
বঙাইগাঁও আৰু বৰপেটা জিলাত আজি বতৰ বিজ্ঞান বিভাগে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। বঙাইগাঁও, বৰপেটা আৰু কাৰ্বি আংলং জিলাত কাইলৈ ঘণ্টাত ৪০ৰ পৰা ৫০ কিলোমিটাৰ গতিত ধুমুহা- বৰষুণ আহিব।
 
দক্ষিণ শালমাৰা, ধুবুৰী, বজালী, ডিমা হাচাও, কাছাৰ, শ্ৰীভূমি, হাইলাকান্দি গোলাঘাট জিলাত কাইলৈ ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত ধুমুহা আৰু বৰষুণ অহাৰ সম্ভাৱনা আছে।