পশ্চিম বংগৰ বিভিন্ন আদালতে ছমাহত ছজন দোষীৰ বিৰুদ্ধে দিলে মৃত্যুদণ্ডৰ ৰায়

Story by  atv | Posted by  [email protected] • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
কলকাতা
 
প্রায় দুটা দশক পূর্বে পশ্চিমবংগত অন্তিমবাৰলৈ ধনঞ্জয় চেটার্জী নামৰ এজন ব্যক্তিক মৃত্যুদণ্ড বিহিছিল। ১৯৯০ চনত ১৬ বছৰীয়া এগৰাকী কিশোৰী ছাত্ৰীক বলাৎকাৰ আৰু হত্যাৰ গোচৰত ধনঞ্জয়ক দোষী সাব্যস্ত কৰা হৈছিল।
 
শেহতীয়াকৈ পশ্চিমবংগত কেইবাখনো আদালতে ছজন দোষীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় দি আন এক অভিলেখ গঢ়িছে। বিভিন্ন আদালতে পকছ' আইনৰ অধীনত কণমানিক হত্যা আৰু যৌন নিৰ্যাতনৰ গোচৰত ৭টাৰ ভিতৰত ৬টা গোচৰৰে শুনানি গ্রহণ কৰি দোষীক মৃত্যুদণ্ড বিহিছে।
 
লক্ষণীয়ভাৱে আৰ জি কৰ মেডিকেল কলেজত এগৰাকী মহিলা চিকিৎসকৰ বলাৎকাৰ-হত্যাৰ গোচৰত দোষী সাব্যস্ত সঞ্জয় ৰায়ক কিন্তু আদালতে মৃত্যুদণ্ডৰ হুকুম দিয়া নাই।