শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি
দেশে আজি ৭৬সংখ্যক গণৰাজ্য দিৱস পালন কৰিব। এই উপলক্ষে দেশৰ ৰাজধানী নতুন দিল্লীত অনুষ্ঠিত হৈছে গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে দেশ-বিদেশৰ কেইবাগৰাকীও আমন্ত্ৰিত অতিথি আৰু গণ্যমান্য ব্যক্তি উপস্থিত থকা গণৰাজ্য দিৱসৰ এই কেন্দ্ৰীয় অনুষ্ঠানত অসমৰ এগৰাকী ৰিক্সাচালকো উপস্থিত থাকে।
নিৰক্ষৰ হোৱাৰ পিছতো সমাজৰ বাবে আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে তেওঁক ভাৰত চৰকাৰে গণৰাজ্য দিৱসৰ অনুষ্ঠানলৈ আমন্ত্ৰণ জনাইছে। সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত শিক্ষানুষ্ঠান গঢ় দি মহানুভৱতাৰ পৰিচয় দিয়া ৰিক্সাচালকগৰাকীৰ নাম হৈছে আহমেদ আলী।
ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেডিঅ'ৰ মাহেকীয়া অনুষ্ঠান 'মন কি বাত'ত দক্ষিণ অসমৰ শ্ৰীভূমি জিলাৰ এখন ভিতৰুৱা গাওঁৰ বাসিন্দা আহমেদ আলীৰ নাম লৈছিল। ইয়াৰ পাছতেই ৰিক্সাচালক আহমেদ আলীৰ বিষয়ে সমগ্ৰ দেশত চৰ্চা হৈছিল।
নিজেই স্থাপন কৰা বিদ্যালয়ৰ সন্মুখত ৰিক্সাচালক আহমেদ আলী
আহমেদ আলীয়ে ৰিক্সা চলাই যিখিনি ধন উপাৰ্জন কৰে, সেইখিনিৰে পৰিয়াল পোহপাল দিয়াৰ লগতে ৯খনকৈ বিদ্যালয় স্থাপন কৰিছিল। দৰিদ্ৰতাই আহমেদ আলীক নিৰক্ষৰ হ'বৰ বাবে বাধ্য কৰাইছিল। কিন্তু নিৰক্ষৰতা নামৰ পাপৰ পৰা তেওঁ নিজৰ সমাজখনক উদ্ধাৰ কৰিব পাৰিব বুলি আলীৰ বিশ্বাস আছিল আৰু সেই আশাৰেই তেওঁ আগবাঢ়ি গৈছিল।
এই আহমেদ আলীক এইবাৰ দিল্লীত অনুষ্ঠিত ৭৬সংখ্যক গণৰাজ্য দিৱসৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাইছে। জানিব পৰা মতে, আকাশবাণীৰ এডিচনেল ডাইৰেক্টৰ জেনেৰেল মুকেশ কুমাৰে তেওঁক পত্রযোগে অনুষ্ঠানত উপস্থিত থকাৰ বাবে আমন্ত্ৰণ জনাইছে। আহমেদ আলী এনে এটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ অংশ হ'বলৈ পাই নিজকে গৌৰবান্বিত বুলি উল্লেখ কৰিছে।
দিল্লী অনুষ্ঠিত গণতন্ত্ৰ দিৱসৰ দৃশ্য
আৱাজ দ্য ভইচৰ আগত আলীয়ে কয় যে মন কি বাত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ নামটো উল্লেখ কৰাত তেওঁৰ উৎসাহ আৰু কাম কৰাৰ শক্তি বৃদ্ধি পাইছিল। এতিয়া মহিলাৰ শিক্ষাৰ উন্নয়নৰ ক্ষেত্ৰত আৰু কিছুমান কাম কৰিব লগা আছে বুলি তেওঁ কয়।
উল্লেখ্য যে, দক্ষিণ অসমৰ কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি চক্ৰৰ খিলৰবন্দ-মধুৰবন্দৰ ৮৮ বছৰীয়া বৃদ্ধজন পেছাত এজন ৰিক্সা চালক, যাৰ লক্ষ্য আৰু সংকল্প একেবাৰে স্থিৰ। আলীয়ে তেওঁৰ সামান্য ৰিক্সাখনেৰে কৰা উপাৰ্জনৰ ধন আৰু তেওঁৰ ৩২ বিঘা পৈতৃক ভূমি দান কৰি বিদ্যালয় স্থাপন কৰিছে। তেওঁ স্থাপন কৰা ৯ খন বিদ্যালয়ত বৰ্তমান ৫০০তকৈ অধিক ছোৱালী আৰু প্ৰায় ১০০ জন ল'ৰাই শিক্ষা গ্ৰহণ কৰি আছে।
আলীয়ে ১৯৭৮ চনত প্ৰথমে তেওঁৰ জন্মভূমিৰ এটুকুৰা মাটি বিক্ৰী কৰি আৰু গাঁওবাসীৰ পৰা কম পৰিমাণৰ ধন গ্ৰহণ কৰি এখন প্ৰাথমিক বিদ্যালয় স্থাপন কৰিছিল। তেতিয়াৰে পৰা তেওঁ পিছলৈ ঘূৰি চোৱা নাই। খিলৰবন্দ-মধুৰবন্দ আৰু ইয়াৰ কাষৰীয়া অঞ্চল সমূহত তেওঁ স্থাপন কৰা ৯ খন বিদ্যালয়ৰ ভিতৰত তিনিখন নিম্ন প্ৰাথমিক, পাঁচখন মধ্য ইংৰাজী বিদ্যালয় আৰু এখন উচ্চ মাধ্যমিক বিদ্যালয় আছে। ইয়াৰে পাঁচখন প্ৰদেশিককৰণ হৈছে আৰু বাকী স্কুলসমূহত শিক্ষকসকলে স্বেচ্ছামূলকভাৱে শিক্ষাৰ পোহৰ বিলাই আছে।
আহমেদ আলী আৰু তেওঁৰ পত্নী
৮৮ বছৰ বয়সত আলীয়ে এতিয়াও নিজৰ গাঁওৰ ওচৰত এখন কণিষ্ঠ মহাবিদ্যালয় স্থাপনৰ প্ৰচেষ্টা চলাই আছে, যাতে তেওঁ স্থাপন কৰা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে উচ্চশিক্ষা লাভ কৰিব পাৰে। আহমেদ আলীয়ে আৱাজ দ্য ভইচক তিনিবছৰ আগতে কৈছিল, "সৰ্বশক্তিমান গৰাকীয়ে মোক পথ প্ৰদৰ্শন আৰু আশীৰ্বাদ দিয়াৰ বাবে মই নতুন প্ৰজন্মৰ জীৱন সলনি কৰাৰ অভিযানত ব্যস্ত আছোঁ। মই সুখী যে আমাৰ গাঁওৰ লৰা ছোৱালীৰ সৈতে মোৰ নিজৰ সন্তানকো শিক্ষিত কৰিব পাৰিছোঁ। বিদ্যালয়সমূহৰ পৰা উত্তীৰ্ণ বহু ছাত্ৰ-ছাত্ৰী এতিয়া ভাল স্থানত সংস্থাপিত হৈছে আৰু চাকৰি কৰি আছে। এইটোৱেই মোক যথেষ্ট সন্তোষ প্ৰদান কৰে।"
দুগৰাকী মহিলাক বিয়া কৰোৱা আলী ১১ টা সন্তানৰ পিতৃ। ইয়াৰে এজন সন্তানে আলীৰ নামেৰে নামাকৰণ কৰা এখন বিদ্যালয়ত নিযুক্তি লাভ কৰিছে। আলীয়ে কেতিয়াও বিচৰা নাছিল যে নিজেই স্থাপন কৰা বিদ্যালয়ৰ নাম তেওঁ নিজৰ নামেই দিব। কিন্তু গাঁওবাসীৰ হেঁচাত উচ্চ মাধ্যমিক বিদ্যালয় খনৰ নাম আহমেদ আলী উচ্চ মাধ্যমিক বিদ্যালয় নাম ৰখা হৈছিল।
বহু পুৰস্কাৰ আৰু সম্বৰ্ধনা লাভ কৰা ৰিক্সাচালক আহমেদ আলীয়ে তেওঁক সকলোৱে এতিয়াও 'ৰিক্সাচালক' বুলি কোৱাটোৱে তেওঁ পচন্দ কৰে, কিয়নো সকলো কামৰে নিজা মৰ্য্যদা আছে বুলি তেওঁ বিশ্বাস কৰে। উল্লেখযোগ্য যে, ২০১৯ চনৰ মাৰ্চ মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেওবৰীয়া ৰেডিঅ' অনুষ্ঠান 'মন কি বাত'ত তেওঁৰ নাম উল্লেখ কৰা হৈছিল।
"আকাশবাণীৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ কণ্ঠত মোৰ নাম শুনি মই নিৰ্বাক হৈ পৰিছিলোঁ,"আলীয়ে কয়। প্ৰধানমন্ত্ৰী মোদীয়ে আলীৰ নাম লৈ তেওঁৰ উদ্যোগৰ ভূয়সী প্ৰসংশা কৰিছিল, আৰু কৈছিল যে ৰিক্সাচালকজনৰ পৰোপকাৰক সকলোৱে স্বীকৃতি দিয়া উচিত।
নিজেই স্থাপন কৰা বিদ্যালয়ৰ সন্মুখত ৰিক্সাচালক আহমেদ আলী
আলীৰ মহানুভৱতা প্ৰথমে কেইবছৰমান আগতে পূৰ্বৰ পাথাৰকান্দিৰ বিধায়ক কৃষেন্দু পালৰ (বৰ্তমান মন্ত্ৰী) দ্বাৰা পোহৰলৈ আহিছিল। আলীক এজন "বিৰল ব্যক্তিত্ব" বুলি উল্লেখ কৰি তেওঁ আহমেদ আলী উচ্চ বিদ্যালয়ৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত তেওঁৰ বহুখণ্ডীয় উন্নয়ন কাৰ্যসূচী পুঁজিৰ পৰা ১১ লাখ টকাৰ বৰঙণি আগবঢ়াইছিল।
ইফালে, অসমৰ পৰা ধুবুৰীৰ নমিতা এম মাৰাক, কোকৰাঝাৰৰ বিউটী ৰামচিয়াৰী, চিৰাঙৰ মীনা মুছাহাৰী, শোণিতপুৰৰ ইৰিকা ডব্লিউ ডি বাগাম, ধেমাজিৰ জোনাইৰ অনিল পেণ্ড, গুৱাহাটীৰ গোপাল কৰ্মকাৰ, শিৱসাগৰৰ প্রিন্স ফুকন, মৰিগাঁৱৰ প্ৰণৱ সিং, কামৰূপ মহানগৰৰ ত্ৰিৱেণী বৰগোহাঞি, কামৰূপ মহানগৰৰ নিৰ্মল চৌধুৰীকো ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে।