EVM ত প্ৰাৰ্থীৰ ফটো ৰঙীন নহয় কিয়; নিৰ্বাচনী আয়োগক এসপ্তাহৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ হাইক'ৰ্টৰ

Story by  atv | Posted by  [email protected] • 9 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত বিধানসভা নির্বাচন অনুষ্ঠিত হৈ যোৱাৰ ঠিক পিচতে আজি দিল্লী উচ্চ ন্যায়ালয়ে এখন আবেদনৰ শুনানি গ্রহণ কৰি নিৰ্বাচন আয়োগক গুৰুত্বপূর্ণ নির্দেশ প্রদান কৰিছে।
 
দৰাচলতে মনোনয়নপত্র বা ই ভি এমত প্ৰাৰ্থীৰ ৰঙীন ফটো কিয় নাথাকে বুলি এজন আবেদনকাৰীয়ে দাখিল কৰা গোচৰৰ শুনানি গ্রহণ কৰি আজি দিল্লী উচ্চ ন্যায়ালয়ে নির্বাচন আয়োগক এসপ্তাহৰ ভিতৰত উত্তৰ দিবলৈ চৰম সীমা বান্ধি দিয়ে। অহা ২০ ফেব্ৰুৱাৰীত গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰা হৈছে।
 
স্মর্তব্য যে ২০১৯ চনত প্রতাপ চন্দ্র নামৰ এজন ব্যক্তিয়ে দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনত কৈছিল যে ই ভি এমত প্ৰাৰ্থীৰ ক'লা-বগা ফটো থকা বাবে ভোটাৰে নিজৰ পছন্দৰ প্ৰাৰ্থীজনক বাছনি কৰাত অস্বস্তিৰ সন্মুখীন হয়। সেয়েহে ৰঙীন ফটো দিবলৈ তেওঁ আবেদনখনত উল্লেখ কৰিছিল।