হাইদৰাবাদ
লোকসভাৰ সাংসদ আসাদুদিন ওৱেইচি ভাৰতৰ এজন প্ৰখ্যাত ৰাজনীতিবিদ। অৱশ্যে, গৃহ চহৰ হায়দৰাবাদৰ বাহিৰৰ বহুলোকে তেওঁৰ প্ৰসিদ্ধ পৰিয়ালৰ বিষয়ে নাজানিব পাৰে। তেওঁৰ ককাক মৌলৱী আব্দুল ৱাহিদ ওৱেইচি হায়দৰাবাদৰ এজন পৰিচিত আইনবিদ আছিল। তেওঁৰ পুত্ৰ চুলতান ছালাউদ্দিন ওৱেইচিও এজন সংসদৰ হোৱাৰ ওপৰিও সৰ্বভাৰতীয় মজলিস-ই-ইতিহাদ-ই-মুছলিমিন দলৰ সভাপতি আছিল। ৬০ বছৰ পুৰণি এই দলটোৰ মুখ্য কাৰ্যালয় হায়দৰাবাদৰ আগাপুৰা এলেকাৰ দাৰ-ই-ছালাম নামৰ এটি প্ৰতিষ্ঠিত ভৱনত অৱস্থিত। এই দলটোক আসাদুদ্দিন ওৱেইচিয়ে নেতৃত্ব দি আহিছে।
হায়দৰাবাদৰ ৰাইজে অৱেইচি পৰিয়ালক বহুটো কাৰণত স্মৰণ কৰে। মৌলৱী আব্দুল ৱাহিদ অৱেইচি ডেক্কানৰ মুছলমানসকলক শক্তিশালী ৰূপত থিয় কৰোৱাই আৰু চুলতান ছালাউদ্দিনক এটি ৰাজনৈতিক দলৰ একেখন পতাকাৰ তলত একত্ৰিত কৰে। দুয়োজনে মুছলমান সম্প্ৰদায়ক শক্তিশালী কৰা আৰু তেওঁলোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সংগ্ৰাম কৰিছিল।
খন্দান
আজি এই অভিযান চুলতান ছালাহুদ্দিন ওৱেইচিৰ তিনিজন পুত্ৰই আগবঢ়াই নিবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ ভিতৰত আটাইতকৈ বিখ্যাত হৈছে বেৰিষ্টাৰ আসাদুদ্দিন ওৱেইচি, যিজনক নকাইব মিল্লাত (সম্প্ৰদায়টোৰ মুখপাত্ৰ) হিচাপে সকলোৱে জানে। সৰ্বভাৰতীয় মজলিস-ই-ইতিহাদ-ই-মুছলিমিনৰ সভাপতি আৰু হায়দৰাবাদৰ সংসদ হিচাপে তেওঁ সমাজৰ বাবে কাম কৰি আছে। আনজন পুত্ৰ হৈছে তেলেংগানা বিধানসভাৰ সদস্য আকবৰুদ্দিন ওৱেইচি আৰু তৃতীয়জন বুৰহানুদ্দিন ওৱেইচি উৰ্দু দৈনিক ইতেমাদৰ সম্পাদক ৰূপে কাম কৰি আছে।
মৌলৱী আব্দুল ৱাহিদ ওৱাইচি আৰু চুলতান ছালাহুদ্দিন ওৱাইচি
আসাদুদ্দিন ওৱেইচি সমগ্ৰ দেশতে এজন নিৰ্ভীক আৰু জনপ্ৰিয় নেতা হিচাপে পৰিচিত। তেওঁৰ নেতৃত্বত, মজলিস-ই-ইতিহাদ-ই-মুছলিমিনৰ ৰাজনৈতিক শক্তি আৰু জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে। দলটোৱে মহাৰাষ্ট্ৰ আৰু বিহাৰৰ বিধান সভাত সুন্দৰ ফলাফল লাভ কৰিছে আৰু সদনলৈ সদস্য নিৰ্বাচিত কৰি সমাজৰ বাবে কাম কৰিবলৈ আগবঢ়াই দিছে। মহাৰাষ্ট্ৰৰ ঔৰঙ্গাবাদৰ লোকসভা সমষ্টিত তেওঁলোকৰ এজন সাংসদ সদস্যও আছে। তেলেংগানা বিধানসভাত মজলিসৰ সাতজন সদস্য আছে আৰু বিধান পৰিষদৰ দুজন সদস্য আছে।
মৌলৱী আব্দুল ৱাহিদ ওৱাইচি এজন সাহসী ব্যক্তি আছিল। তেওঁ এজন আইনবিদ আছিল আৰু জামিয়া নিজামিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেওঁ ইছলামী শিক্ষাৰ বিষয়ে ভালদৰে জ্ঞাত আছিল। তেওঁ ১৯৫৮ চনত বহু কষ্টৰে মজলিস-ই-ইতিহাদ-ই-মুছলিমিন গঠন কৰিছিল। দেশ বিভাজন হোৱাৰ পাছত হায়দৰাবাদত মুছলমানসকলৰ অৱস্থা যথেষ্ট বেয়া আছিল। তেওঁলোকে ভয় আৰু হীনমন্যতাত ভুগিছিল। মৌলৱী আব্দুল ৱাহিদ ওৱাইচিয়ে সেইসময়ত এই সম্প্ৰদায়ক সন্মুখৰ পৰা নেতৃত্ব দিছিল।
তেওঁ তেওঁৰ শক্তিশালী ভাষণৰ জৰিয়তে মুছলমানসকলৰ মাজত সংকল্প আৰু উৎসাহৰ অনুভূতি সঞ্চাৰিত কৰিছিল। মুছলমানসকল মৌলৱী আব্দুল ৱাহিদ ওৱাইচিৰ ওচৰত ঋণী যে তেওঁলোকক ৰাজনৈতিক শক্তি হিচাপে বিকাশ কৰাত তেখেতৰ যতেষ্ঠ বৰঙণি আছে।
হায়দৰাবাদৰ লোকসকলে এতিয়াও যুৱ মৌলৱী আব্দুল ৱাহিদ ওৱাইচি চাহিবৰ ভাষণবোৰ মনত ৰাখে যিয়ে তেওঁলোকৰ হৃদয়, আশা আৰু শক্তিৰে ভৰাই তুলিছিল। দেশ বিভাজন মুছলমানসকলৰ বাবে এক ডাঙৰ বিফলতা আছিল; লগে লগে মানুহে অনুভৱ কৰিলে যে সকলো শেষ হৈছে। এনে কঠিন সময়ত তেওঁ নেতৃত্বৰ শাসনভাৰ গ্ৰহণ কৰিছিল। তেওঁ একতাৰে আগবাঢ়ি যোৱাৰ আহ্বান জনাইছিল আৰু মানুহক ভয় নকৰিবলৈ কৈছিল লগতে মুছলমানসকলক হতাশাৰ অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ যতেষ্ঠ কষ্ট কৰিছিল।
সেই সময়ত এইধৰণৰ কামসমূহ কঠিন আছিল। তেওঁ ষড়যন্ত্ৰকাৰী আৰু বিৰোধিতাৰ সন্মুখীন হৈছিল যদিও শক্তিশালী ৰূপত তেওঁ যুঁজ দিছিল। ইয়াৰ বিপৰীতে তেওঁ সাহস আৰু উৎসাহেৰে দিন-ৰাতি এক কৰি কাম কৰিছিল। তেওঁ ১১ মাহ কাৰাগাৰত কটাইছিল। কাৰাগাৰত কটোৱাৰ পাছতো তেওঁৰ কাম কৰা সংকল্প আৰু উৎসাহ কোনো প্ৰকাৰে হ্ৰাস হোৱা নাছিল।
চুলতান ছালাহুদ্দিন ওৱাইচি তেওঁৰ পুত্ৰ আসাদদুদিন ওৱাইচিৰ সৈতে
আইনী যুঁজৰ জৰিয়তে সেই সময়ৰ চৰকাৰৰ পৰা দাৰ ই ছালাম উদ্ধাৰ কৰাটো মৌলৱী আব্দুল ৱাহিদ ওৱাইচিৰ বাবে এক কঠিন অভিযান আছিল। ১৯৬৯ চনত পৃথক তেলেংগানাৰ আন্দোলন পূৰ্ণ গতিত চলি আছিল। মজলিসৰ মুখ্য কাৰ্যালয় দাৰ ই ছালাম চৰকাৰৰ জিম্মাত আছিল। এই সন্দৰ্ভত মহানগৰ আদালতত এটি গোচৰ চলি আছিল। এক দীঘলীয়া আইনী যুঁজৰ পিছত, দাৰ ই ছালামক মজলিসৰ হাতত গতাই দিয়া হৈছিল।
১৯৭৫ চনত মৌলৱী আব্দুল ৱাহিদ ওৱাইচিয়ে হজ যাত্ৰাৰ বাবে সাজু হৈছিল আৰু সেইসময়তে তেওঁৰ পৰিয়ালটোত দুৰ্ঘটনা সংঘটিত হয়। সকলো আত্মীয় আৰু বন্ধুবৰ্গ তেওঁক বিদায় দিবলৈ একত্ৰিত হৈছিল। হামিদা নগৰত থকা তেওঁৰ বাসগৃহৰ পৰা ওলাই যোৱাৰ সময়তে তেওঁ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।
তেওঁৰ মৃত্যুৰ পিছত, তেওঁৰ পুত্ৰ চুলতান ছালাউদ্দিন ওৱাইচিয়ে মজলিস-ই-ইতিহাদ-ই-মুছলিমিন দলৰ দায়িত্ব গ্ৰহণ কৰে আৰু তেওঁ মজলিসৰ প্ৰতিনিধিসকলক বিধানসভা আৰু সংসদ পৰ্যায়লৈ নিৰ্বাচিত হোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰে।
চুলতান ছালাহুদ্দিন ওৱাইচিক ভাৰতৰ এজন বিশিষ্ট ৰাজনীতিবিদ হিচাপে গণ্য কৰা হয়। হায়দৰাবাদ চহৰত শৈক্ষিক বিপ্লৱৰ সৃষ্টি কৰা ওৱাইচিয়ে ডেক্কান চিকিৎসা মহাবিদ্যালয়ো স্থাপন কৰিছিল।
চুলতান ছালাউদ্দিন ওৱাইচি এজন মানৱীয় ব্যক্তি আছিল যি সদায় ৰাষ্ট্ৰৰ ঐক্য আৰু সম্প্ৰীতিৰ বিষয়ে চিন্তা কৰিছিল। তেওঁৰ ৰাজনৈতিক দলটোক তেওঁ বহু কষ্টৰে সম্প্ৰসাৰিত কৰিছিল আৰু জিলা পৰ্যায়তো ইয়াৰ শাখা স্থাপন কৰিছিল।
হায়দৰাবাদীসকলে কয় যে ওৱাইচি পৰিয়ালৰ সদস্যৰ সৈতে সদায় আন্তৰিকতাৰে মতবিনিময় হয়, তেওঁলোকে কেতিয়াও মানু্হক কথাৰে বিচলিত নকৰে আৰু সেইবাবে তেওঁলোকৰ লগত মত বিনিময় কৰিলে ছালাৰ-ই-মিল্লাট বুলি কোৱা হয়।
চুলতান ওৱাইচিয়ে সকলোকে লগত লৈ আগবাঢ়ি যোৱাত বিশ্বাস কৰিছিল। তেওঁ প্ৰকাশ ৰাও, সত্য নাৰায়ণ আৰু আলম পালি পোচিয়াক হায়দৰাবাদৰ মেয়ৰৰ আসনৰ বাবে বাছনি কৰিছিল। তেওঁৰ কামে মানুহৰ আশা আৰু সপোন প্ৰকাশ কৰিছিল আৰু এই কামবোৰে তেওঁক এজন জনপ্ৰিয় নেতা ৰূপে গঢ় দিছিল।
চুলতান ছালাউদ্দিন ওৱাইচিয়ে মুছলমানসকলক একত্ৰিত আৰু শিক্ষিত কৰিব বিচাৰিছিল আৰু ইয়াৰ বাবে, তেওঁ এক পৰিকল্পনা প্ৰস্তুত কৰিছিল। তেওঁৰ ৰণনীতিত হায়দৰাবাদ চহৰত শিক্ষানুষ্ঠান স্থাপন জড়িত আছিল।
ডেক্কান মেডিকেল কলেজ, ডেক্কান ইঞ্জিনিয়াৰিং কলেজ, ডেক্কান ফাৰ্মাচী কলেজ, নাৰ্চিং কলেজ, এম চি এ, এম বি এ কলেজ আৰু অন্যান্য শিক্ষানুষ্ঠানৰ সুন্দৰ ভৱনবোৰ তেওঁৰ সেৱাৰ প্ৰমাণ বুলি জনাজাত।
দাৰুছালাম এডুকেশ্যনেল ট্ৰাষ্টৰ অধীনত কাম কৰা প্ৰখ্যাত ওৱাইচি গ্ৰুপ অফ হস্পিটেলৰ কোনো ধৰণৰ পৰিচয়ৰ প্ৰয়োজন নাই। ওৱাইচি চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ, কাঞ্চন বাগ, সন্তোষ নগৰ, হায়দৰাবাদ আৰু ৰাজকুমাৰী ইছৰা চিকিৎসালয়, শ্বাহ আলী বান্দা হৈছে চিকিৎসা ক্ষেত্ৰত বিপ্লৱৰ আগজাননী। ওৱাইচি চিকিৎসালয় এছিয়াৰ অন্যতম বৃহৎ ফাৰ্মাচী ৰূপে জনা যায়।
লোকসভাত আসাদদুদিন ওৱাইচি
চুলতান ছালাউদ্দিন ওৱাইচি প্ৰথমে পৌৰ নিগমলৈ আৰু তাৰ পিছত পাঁচবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল।
চুলতান ছালাহুদ্দিন ওৱাইচি প্ৰথমবাৰৰ বাবে ১৯৮৪ চনত লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৯৯ চনলৈকে সাংসদ ৰূপে কাম কৰিছিল। তেওঁ একেৰাহে ছয়বাৰকৈ হায়দৰাবাদ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।
তেওঁৰ ৰাজনৈতিক জীৱনত নিৰ্বাচনত বহুবাৰ বহুতো বিশিষ্ট ৰাজনৈতিক নেতাক পৰাজিত কৰিছিল। তেওঁ জনসাধাৰণৰ প্ৰিয় নেতা আছিল, ৰাইজে তেওঁক বহুত ভাল পাইছিল।
চুলতান ছালাহুদ্দিন ওৱাইচিৰ ২০০৮ চনত ৭৭ বছৰ বয়সত মৃত্যু হৈছিল। ৰমজানৰ ৩০ তম দিনা তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰাৰ্থনাত দাৰ ই ছালামৰ বিশাল বৰ্গত লাখ লাখ লোকে অংশগ্ৰহণ কৰিছিল। বিশিষ্ট ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় নেতাসকলৰ ওপৰিও তেওঁৰ এই শেখ যাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰিছিল।
বেৰিষ্টাৰ আসাদুদ্দিন ওৱাইচিৰ জন্ম ১৯৬৯ চনত হায়দৰাবাদত হৈছিল। তেওঁ হায়দৰাবাদত প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ যুক্তৰাজ্যলৈ গৈছিল য'ত তেওঁ বেৰিষ্টাৰ ডিগ্ৰী লাভ কৰে।
বেৰিষ্টাৰ আসাদুদ্দিন ওৱাইচি ১৯৯৬ চনত বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁৰ পাঁচজনী কন্যা আৰু এজন পুত্ৰ সন্তান আছে। বেৰিষ্টাৰ আসাদুদ্দিন ওৱাইচিৰ জ্যেষ্ঠ কন্যা নৱাব আহমেদ আলম খানৰ পুত্ৰ নৱাব বৰকত আলম খানৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।
তেওঁৰ দেউতাক চুলতান ছালাউদ্দিন ওৱাইচিৰ মৃত্যুৰ পিছত, বেৰিষ্টাৰ আসাদুদ্দিন ওৱাইচিয়ে ভাৰতৰ মুছলমান সংঘৰ সভাপতি ৰূপে দায়িত্ব গ্ৰহণ কৰে।
আসাদুদ্দিন ওৱাইচিয়ে ১৯৯৪ চনত তেওঁৰ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল। তেওঁ প্ৰথমে চাৰমিনাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। ১৯৯৯ চনত, তেওঁ পুনৰ একেটা সমষ্টিৰ পৰা বৃহৎ সংখ্যাগৰিষ্ঠতাৰে জয়ী হবলৈ সক্ষম হৈছিল। ২০০৪ চনত, বেৰিষ্টাৰ ওৱাইচিয়ে হায়দৰাবাদৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল আৰু জয় লাভ কৰিছিল।
তেতিয়াৰে পৰা তেওঁ লোকসভাত হায়দৰাবাদ সমষ্টিক প্ৰতিনিধিত্ব কৰি আহিছে। দলিত-মুছলমান ঐক্যৰ বাবে সক্ৰিয় হৈ থকা বেৰিষ্টাৰ ওৱাইচিয়ে প্ৰথমে দলিতসকলৰ সপক্ষে মাত মাতি আহিছে ।
আসাদুদ্দিন ওৱাইচিয়ে দেশৰ আন ৰাজ্যসমূহত মজলিসৰ কামসমূহ সম্প্ৰসাৰিত কৰিছিল। মহাৰাষ্ট্ৰ আৰু বিহাৰ বিধানসভাত মজলিসৰ প্ৰতিনিধি বেৰিষ্টাৰ ওৱাইচিৰ সহযোগত জয়ী হৈ সদনত আছে।