ভাৰতত কিয় 'হাইব্ৰিড ইমাম' নাই?

Story by   Atir Khan | Posted by  Munni Begum • 8 Months ago
ইয়াছিৰ কাধী, চুহাইব ৱেব, মুফতি মেংক আৰু ওমৰ চুলেইমান
ইয়াছিৰ কাধী, চুহাইব ৱেব, মুফতি মেংক আৰু ওমৰ চুলেইমান
 
  আতিৰ খান
 
পশ্চিমীয়া বিশ্বত 'হাইব্ৰিড ইমাম'সকল যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। ভাৰতত কিয় নহয়? এটা সাধাৰণ অনুসন্ধানে গুৰুত্বপূৰ্ণ তথ্য পোহৰলৈ আনিছে। ভাৰতীয় মুছলমান জনসংখ্যা একেলগে কেইবাখনো দেশৰ সামূহিক জনসংখ্যাৰ সমান, তথাপিও আমাৰ ওচৰত নতুন যুগৰ ইমাম নাই, যিসকল জনপ্ৰিয় আৰু বৰ্তমানৰ সময়ৰ বাস্তৱতাৰ সৈতে ভালদৰে পৰিচিত।   
 
ভাৰতীয় মুছলমানৰ সৰহসংখ্যকৰ জীৱন, তেওঁলোকৰ দৈনন্দিন ধৰ্মীয় জীৱনৰ কাৰ্যপ্ৰণালী আৰু আচাৰ-ব্যৱহাৰৰ কাৰ্য্যকলাপ ইছলামৰ কোনো প্ৰতিষ্ঠানিক ৰূপৰ সৈতে জড়িত হোৱাটো বাধ্যতামূলক নহয়।  
 
কৰ্প’ৰেট জগতত কাম কৰি থকা এজন ভাৰতীয় অনুশীলনকাৰী মুছলমান যুৱকে নিজৰ সংগ্ৰামত ব্যস্ত, জীৱন নিৰ্বাহৰ চেষ্টা, পৰিয়ালে যাতে এটা মান্য জীৱনশৈলী ৰক্ষা কৰা, ঘৰৰ ভাড়া আৰু নিজৰ সন্তানৰ স্কুলৰ মাচুল সময়মতে আদায় দিয়া আদি কামত ব্যস্ত থকা দেখা যায়। ধৰ্মান্তৰকৰণৰ প্ৰতি তেওঁৰ আগ্ৰহ কম।
 
বেছিভাগ ভাৰতীয় মুছলমানেই কেৱল ধৰ্মীয় প্ৰতিষ্ঠানৰ জৰিয়তে ইছলাম পালন নকৰে বৰঞ্চ তেওঁলোকে মুছলমান হোৱাৰ নিজৰ বিশেষ ধৰণৰ অভিজ্ঞতাহে প্ৰকাশ কৰে, য’ত তেওঁলোকৰ ধৰ্মৰ প্ৰামাণ্যতা আৰু কৰ্তৃত্বৰ বিষয়ে সুকীয়া বুজাবুজি অন্তৰ্ভুক্ত কৰা হয়। দুৰ্ভাগ্যজনকভাৱে আমাৰ ওচৰত এনেকুৱা কোনো উলেমা নাই, যিয়ে নিজৰ সময়ৰ প্ৰাসংগিক প্ৰশ্নৰ উত্তৰ দিব পাৰিব। 
 
ভাৰতীয় মুছলমানসকলে ঈদ উদযাপন কৰাৰ এক দৃশ্য
 
ভাৰত ইছলামিক শিক্ষাৰ এক মহান স্থান হৈ আহিছে, য’ত উচ্চ ধৰ্মীয় অধ্যয়ন প্ৰতিষ্ঠানসমূহে ইছলামিক বিশ্বৰ বাকী অংশক জ্ঞান প্ৰদান কৰি আহিছে। তথাপিও ভাৰতৰ প্ৰতিষ্ঠানিক ইছলামে সমসাময়িক বিশ্বৰ প্ৰয়োজনীয়তাক অনুধাৱন কৰাত লেহেমীয়া হৈছে।অতি পৰিতাপৰ কথা যে, ভাৰতৰ দৰে দেশটো এনেকুৱা পৰিবেশৰ সৃষ্টি হৈছে, যিখন দেশে সদায় ধৰ্মৰ স্বাধীনতা দি আহিছে। আনহাতে ছৌদি আৰৱৰ দৰে মুছলমান প্ৰধান দেশসমূহে শেহতীয়াকৈহে নিজৰ দৃষ্টিভংগীৰ বিকাশ ঘটোৱা পৰিলক্ষিত হৈছে।   
 
আজি ভাৰতীয় মুছলমানসকল সামাজিক মাধ্যমত বিশেষভাৱে ফেচবুক, টুইটাৰ আৰু ইনষ্টাগ্ৰামৰ দৰে ৱেবছাইট আৰু এপত  সক্ৰিয় হৈ থাকে; তেওঁলোক ধৰ্মীয় পণ্ডিতসকলৰ সৈতে ঘনিষ্ঠভাৱে জড়িত, যাক তেওঁলোকে অনুসৰণ কৰে, লাইক কৰে আৰু ৰিটুইটও কৰে। কিন্তু এই পণ্ডিতসকলৰ অধিকাংশই বিদেশী, ভাৰতীয় নহয়।  
 
সামাজিক মাধ্যমত কোনো জনপ্ৰিয় ভাৰতীয় মুছলমান ধৰ্মীয় ব্যক্তিক বিচাৰি পাইছে নেকি ভালকৈ ভাবি চাওঁকচোন। আপোনালোক কোনোৱেই বিচাৰি নাপায়। প্ৰকৃততে, আপোনালোকে এনেকুৱা ব্যক্তিকহে বিচাৰি পাব, যিয়ে পৃথিৱীৰ প্ৰতি চতুৰ্থগৰাকী ব্যক্তিয়ে অনুসৰণ কৰা ধৰ্মৰ আত্মাতকৈ ইছলামৰ বিষয়বস্তু ওপৰত  ৰাজনৈতিক প্ৰকাশ কৰে। 
 
ইয়াৰ বিপৰীতে পশ্চিমীয়া বিশ্বত আপুনি নতুন যুগৰ উলেমা, যুৱ ধৰ্মীয় পণ্ডিতৰ উত্থান দেখিব, যিসকল উচ্চ যোগ্যতাসম্পন্ন আৰু সেইবাবেই আজিৰ প্ৰাসংগিকতাৰ বাবে তেওঁলোক জনপ্ৰিয় হৈ পৰিছে। যুৱ মুছলমানসকলে এনে ধৰ্মীয় কৰ্তৃপক্ষৰ ব্যক্তিসকলক মুখামুখিকৈ দেখাৰ এক আকৰ্ষনীয় বৰ্ণনা কৰে, তেওঁলোকক জনপ্ৰিয় চেলিব্ৰিটিক সাক্ষাৎ কৰাৰ দৰে অনুভৱ কৰে।
 
দাৰুল উলুম, দেওবন্দ
 
ইয়াছিৰ কাধী, চুহাইব ৱেব, মুফতি মেংক আৰু ওমৰ চুলেইমান আদি কেইটামান হাইব্ৰিড ইমামৰ উল্লেখযোগ্য উদাহৰণ। যিসকলে  চাইবাৰ আৰু ইণ্টাৰনেট যুগত ইছলাম আৰু কোৰআনৰ ব্যাখ্যা ডিজিটেল মাধ্যমৰ যোগেৰে মানুহৰ মাজলৈ লৈ যায়।  
 
ইয়েল বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ইয়াছিৰ কাধীয়ে আমেৰিকাৰ মেম্ফিছৰ ৰোডছ কলেজত অধ্যাপনা কৰি আহিছে। তেওঁ মুছলমানসকলৰ দৈনন্দিন জীৱনৰ সৈতে জড়িত পোষ্টসমূহ নিয়মিতভাৱে ফেচবুক আৰু টুইটাৰত পোষ্ট কৰে। ফেচবুকত তেওঁৰ ১০ লাখ লোকে লাইক আৰু ফ'ল' কৰে আৰু এক্সত ৫,৪৯,০০০ৰো অধিক ফ'ল'ৱাৰ আছে। একেদৰে কানাডাত জন্মগ্ৰহণ কৰা চুহাইব ৱেব হৈছে অনলাইন ইমামৰ ভিতৰত অন্যতম এজন। স্নেপচ্যাট আৰু টিভি শ্ব’ দ্য ৱাকিং ডেডৰ দৰে জনপ্ৰিয় সংবাদ মাধ্যমত আঠ ছেকেণ্ডৰ ফতোৱা প্ৰদান কৰাৰ বাবে তেওঁ বিখ্যাত।  
 
জনপ্ৰিয় অনলাইন প্ৰফাইল থকা আন এগৰাকী ধৰ্মীয় ব্যক্তি হৈছে মুফতি মেংক। জিম্বাবুৱেত ভিত্তি কৰি মেংকৰ টুইটাৰত ৭০ লাখৰো অধিক গ্ল’বেল ফ’ল’ৱাৰ আছে। বিশেষকৈ যুৱ মুছলমানসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কমেডী সন্নিবিষ্ট প্ৰেৰণাদায়ক টুইট আৰু খুতবাহৰ বাবে তেওঁ জনপ্ৰিয়। কিছুমানে তেওঁক আফগানিস্তানত জন্মগ্ৰহণ কৰা মহান চুফী সন্ত জালাল-উদ-দিন ৰুমীৰ দৰে প্ৰেৰণাদায়ক বুলিো গণ্য কৰে। 
 
যুৱ মুছলমানসকলে এনে ধৰ্মীয় পণ্ডিতসকলৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু তেওঁলোকৰ কাষ চাপিবলৈ কুণ্ঠাবোধ নকৰে। কিয়নো তেওঁলোকে তেওঁলোকৰ দৈনন্দিন জীৱনৰ উত্তৰ প্ৰদান কৰে। ইয়াৰ বিপৰীতে ভাৰতত আমাৰ মাজত এনে ধৰ্মীয় পণ্ডিত আছে, যাৰ কাষ চাপিবলৈ অতি কঠিন। তেওঁলোক জঠৰ আৰু বৰ্তমানৰ জগতখনৰ প্ৰতি মুকলি হোৱাতকৈ নিজৰ মাজতে আৱদ্ধ হৈ থাকে। 
 
পশ্চিম বংগত মুছলমান যুৱকৰ এক সমাৱেশ
 
ভাৰতীয় মুছলমান যুৱক-যুৱতীসকলে নিজৰ মানুহতকৈ বিদেশীৰ পৰা প্ৰেৰণা বিচাৰি যোৱাৰ প্ৰধান কাৰণ এইটোৱেই। যদিও কাশ্মীৰ এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম। তেনে এজন যুৱক হৈছে হাফিজ আদিল ছিদ্দিকী যাৰ পোষ্ট বিনয়, সামাজিক সম্প্ৰীতি, ঘৰুৱা হিংসাৰ সৈতে জড়িত। ইউটিউবত তেওঁৰ ১.১ লাখ চাবস্ক্ৰাইবাৰ আছে। একেদৰে ড্ৰাগছ ডি-এডিকচনৰ ওপৰত পোষ্ট কৰা মুফতি মহিউদ্দিন ৰহিমীৰ ফেচবুকত ১.৯ লাখ ফ’ল’ৱাৰ আছে। 
 
সামগ্ৰিকভাৱে কথাবোৰ চালে আমি দেখিবলৈ পাওঁ যে বহুলাংশে ভাৰতীয় মুছলমান পণ্ডিতসকলে অতীতত জীয়াই আছে, যাৰ ফলত সেইসকল অপ্রাসংগিক হৈ পৰিছে৷ কেৱল আচাৰ-ব্যৱহাৰৰ প্ৰাৰ্থনা আৰু আনুষংগিক অনুষ্ঠানৰ সময়তহে তেওঁলোকক স্মৰণ কৰা হয়। এয়া অতি দুৰ্ভাগ্যজনক কাৰণ ভাৰতত যদিও বহু ইছলামিক পণ্ডিত আছে, কিন্তু তেওঁলোকে সময়ৰ সৈতে খোজ মিলাই আগবাঢ়ি যাব পৰা নাই।   
 
তেনে এটা উদাহৰণ হৈছে দাৰুল উলুমৰ ৱেবছাইটত, য’ত গাজৱা-ই-হিন্দৰ ওপৰত ১৫ বছৰীয়া ফতোৱা আছে। ফতোৱাটো হজৰত মহম্মদ (ছঃ)ৰ জীৱন আৰু সময়ত ভাৰতৰ কিছু অঞ্চলত হ’বলগীয়া ইছলামিক সামৰিক অভিযানৰ কথা কোৱা হৈছে। পোন্ধৰ বছৰ আগতে এজন ছাত্ৰই প্ৰতিষ্ঠানটোক এই ফাতোৱা 'গাজৱা-ই-হিন্দ' শব্দটোৰ ব্যাখ্যা  বিচাৰিছিল তেতিয়া প্ৰতিষ্ঠানটোৱে এক অনলাইনত ব্যাখ্যা দিছিল, যত তেওঁলোকে এই কথা প্ৰকাশ নকৰিলে যে, এই ধাৰণাটোৰ  ফতোৱাৰ সম্প্ৰতি কোনো প্ৰাসংগিকতা নাই।
 
ফলত নেশ্যনেল কমিছন ফৰ প্ৰটেকচন অৱ চাইল্ড ৰাইটছৰ ৱেবছাইটত এই পোষ্টটোৰ সন্দৰ্ভত এক অভিযোগ লাভ কৰাত বিতৰ্কৰ সৃষ্টি হৈছিল। এই বিতৰ্ক সহজেই এৰাই চলিব পৰা গ’লহেঁতেন। এনে ঘটনাই গৰিষ্ঠসংখ্যক ভাৰতীয় মুছলমানৰ ওপৰত নেতিবাচক দৃষ্টিভংগীৰ সৃষ্টি।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
অপ্ৰাসংগিক ইছলামিক ধাৰণাত সময় নষ্ট কৰাৰ পৰিৱৰ্তে উলেমাসকলে আজিৰ দিনত যিটো প্ৰাসংগিক সেইটোত মনোনিৱেশ কৰাটো প্ৰয়োজন।  যেনে চতুৰ্দশ শতিকাৰ ইছলামিক পণ্ডিত ইবনে খালদুনৰ পৰ্যবেক্ষণৰ শিক্ষা, যাৰ শিক্ষণ আৰু ধাৰণাসমূহৰ আচৰিত ধৰণে আধুনিক প্ৰাসংগিকতা আছে।  
 
আমাৰ উলেমাসকলে পৰিৱৰ্তিত সময়ৰ লগে লগে নিজকে পুনৰ সংশোধন কৰিব লাগিব, নহ’লে তেওঁলোক অতি সোনকালে অপ্রাসংগিক হৈ পৰিব৷ তেওঁলোকৰ গৌৰৱময় অতীত আছে আৰু এই উত্তৰাধিকাৰক আগুৱাই নিবলৈ তেওঁলোকে নিজৰ মানসিকতা সলনি কৰি তেওঁলোকৰ মাজত প্ৰয়োজনীয় পৰিৱৰ্তন আনিব লাগিব। সমাজখনক ফলপ্ৰসূভাৱে নেতৃত্ব দিবলৈ ধৰ্মীয় পণ্ডিত আৰু ইমামৰ চিন্তাধাৰা আৰু মানসিকতা গুণগতভাৱে পৰিবৰ্তন হোৱাৰ প্ৰয়োজন। তেওঁলোকৰ শিক্ষণ বৰ্তমানৰ জগতখনৰ সৈতেৰ্খাপ খাব লাগিব আৰু কোনো ধৰনৰ সংঘাতত লিপ্ত  হব নালাগিব।
 
তদুপৰি ভাৰতীয় মুছলমান যুৱক-যুৱতীসকলক  বিদেশৰ পণ্ডিত সকলৰ পৰিৱৰ্তে দেশৰ ধৰ্মীয় পণ্ডিতসকলৰ দ্বাৰা অনুপ্ৰাণিত কৰা উচিত। দাৰুল উলুমৰ দৰে শিক্ষণ আসনে উলেমাসকলৰ বাবে  সামাজিক মাধ্যমত প্ৰশিক্ষণ পাঠ্যক্ৰম অনুষ্ঠিত কৰি তেওঁলোকক প্ৰাসংগিক কৰি তুলিব লাগে। 
 
ভাৰতীয় মুছলমানসকলে নিজৰ ধৰ্ম এক অনন্য ধৰণে পালন কৰি আহিছে। একে সময়তে ধৰ্মীয় আৰু আধ্যাত্মিক দুয়োটা ক্ষেত্ৰতে তেওঁলোক সমান। ইয়াৰ ফলত উত্তৰ-আধুনিক জগতখনত তেওঁলোক স্থিতিস্থাপক হৈ পৰিছে। বহিঃৰাজ্যত ইছলামৰ ৰাজনীতিকৰণৰ বাবে সংঘটিত হিংসাৰ প্ৰভাৱ তেওঁলোকৰ ওপৰত হোৱা নাই, গতিকে সেইটো এনেদৰে থাকিলে ভাল। তেওঁলোকৰ ধৰ্মীয় আচাৰ-ব্যৱহাৰ আৰু মতাদৰ্শৰ ক্ষেত্ৰত বিদেশীতকৈ ভাৰতীয় উলেমাৰ প্ৰভাৱ পৰিলে ভাল।