পত্নীয়ে 'পৰ্দা' নিপিন্ধাটো নিষ্ঠুৰতা নহয়, ই বিবাহ বিচ্ছেদৰ কাৰণ হ'ব নোৱাৰেঃ উচ্চ ন্যায়ালয়

Story by  atv | Posted by  [email protected] • 2 d ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
এলাহাবাদ

এলাহাবাদ উচ্চ ন্যায়ালয়ে শুকুৰবাৰে উল্লেখ কৰিছে যে এগৰাকী মহিলাই পৰ্দা পিন্ধা ত্যাগ কৰাটো তেওঁৰ স্বামীৰ প্ৰতি নিষ্ঠুৰতা বুলি গণ্য কৰা নহয় আৰু সেয়েহে ইয়াক বিবাহ বিচ্ছেদ বিচৰাৰ কাৰণ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি। ন্যায়াধীশ সৌমিত্ৰ দয়াল সিং আৰু ন্যায়াধীশ ডোনাদি ৰমেশক লৈ গঠিত খণ্ড বিচাৰপীঠে নিম্ন আদালতে বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰা এজন ব্যক্তিয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই ৰায় দিয়ে। 
 
স্বামী-স্ত্ৰীহালে ২৩ বছৰতকৈও অধিক সময় ধৰি পৃথকে বাস কৰি থকাৰ বাবে আদালতে পৰিত্যাগৰ কথা উল্লেখ কৰি বিবাহ বিচ্ছেদ মঞ্জুৰ কৰে। স্বামীয়ে বিবাহ বিচ্ছেদ বিচৰাৰ দুটা কাৰণ উল্লেখ কৰিছিল। সেয়া হৈছে, পত্নী নিজকে স্বাধীন বুলি দাবী কৰি সঘনাই নিজাববীয়াকৈ ঘৰৰ পৰা ওলাই যায়, আৰু ‘পৰ্দা’ৰ প্ৰথা পালন নকৰে। 

১৯৯০ চনৰ ২৬ ফেব্ৰুৱাৰীত এই দম্পতীহালৰ বিবাহ হয় আৰু ১৯৯২ চনৰ ৪ ডিচেম্বৰত তেওঁলোকৰ ‘গৌনা’ অনুষ্ঠান সম্পন্ন হয়। উত্তৰ ভাৰতত গৌনা হৈছে এক হিন্দু বিবাহ অনুষ্ঠান, যেতিয়া কইনা বিয়াৰ পিছত স্বামীৰ ঘৰলৈ যায়। ১৯৯৫ চনৰ ২ ডিচেম্বৰত তেওঁলোকে এজন পুত্ৰ সন্তানক নিজৰ সংসাৰলৈ আদৰণি জনায়। একেলগে থাকিলেও তেওঁলোকে ২৩ বছৰতকৈ অধিক সময় সহবাস কৰা নাই, আৰু তেওঁলোকৰ পুত্ৰ এতিয়া প্ৰাপ্তবয়স্ক।

পৰ্দা হৈছে কিছুমান মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ মাজত প্ৰচলিত লিংগ বিভাজনৰ ধৰ্মীয় আৰু সামাজিক প্ৰথা। ইয়াৰ দুটা ৰূপ থাকে: লিংগৰ সামাজিক বিভাজন আৰু নাৰীয়ে নিজৰ শৰীৰটো এনেদৰে ঢাকি ৰখাৰ প্ৰয়োজনীয়তা যাতে তেওঁৰ গাৰ ছাল আৰু ৰূপ কোনেও নেদেখে। পৰ্দা ব্যৱহাৰ কৰা নাৰীক পৰ্দানাছিন (pardanashin or purdahnishan) বুলি ক’ব পাৰি।