২০২৫ বর্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব ৰাজ্য চৰকাৰে

Story by  atv | Posted by  Munni Begum • 17 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী 
 
ৰাজ্য চৰকাৰে ২০২৫ বর্ষটো কিতাপৰ বৰ্ষ হিচাপে পালন কৰিব। মংগলবাৰে ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়ত অনুষ্ঠিত প্রথমখন কেবিনেট বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। ডিব্ৰুগড়ৰ মুখ্যমন্ত্রীৰ সচিবালয়ত আয়োজিত এক সংবাদমেলত কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ সদৰী কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই কথা জানিবলৈ দিয়ে।   
 
নতুন প্ৰজন্মৰ মাজত কিতাপ কিনা আৰু পঢ়াৰ আগ্রহ বৃদ্ধিৰ বাবে শিক্ষা বিভাগক পূর্ণাংগ পৰিকল্পনা প্রস্তুত কৰিবলৈ নির্দেশ দিয়া হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে লগতে কয় যে, এইবাৰ প্রথমবাৰৰ বাবে গুৱাহাটী গ্রন্থমেলা খানাপাৰা ফিল্ডত পাতিবলৈ অনুমতি দিয়া হৈছে। নিৰাপত্তাজনিত আশংকা থাকিলেও কিতাপৰ স্বাৰ্থত এনে সিদ্ধান্ত লোৱা হৈছে। প্রতিজন মন্ত্রীয়ে গ্রন্থমেলালৈ যাব আৰু কিতাপ কিনাৰ লগতে বিভাগসমূহেও বাজেট অনুসৰি কিতাপ ক্রয় কৰাৰ চেষ্টা কৰিব।   
 
মুখ্যমন্ত্রীয়ে জানিবলৈ দি কয় যে, কেবিনেটে ৰাজ্যত থকা ১৪৫০ বনগাঁৱৰ গাঁওবুঢ়াসকলক ২০২৫ চনৰ ১ জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ মাহিলি ৯ হেজাৰ টকাৰ পাৰিতোষিক দিয়া সিদ্ধান্ত গ্রহণ কৰিছে। ইয়াৰ বাবে চৰকাৰে প্রতি বছৰে ১৫ কোটি ৫৮ লাখ টকা ব্যয় কৰিব লাগিব। এই সিদ্ধান্তৰ আগলৈকে বনগাঁৱৰ গাঁওবুঢ়াসকলে আন ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ দৰে ৯ হেজাৰ টকাৰ মাননি বা পৰিতোষিক লাভ কৰা নাছিল। বনগাঁৱৰ গাঁওবুঢ়াসকলে ৰাজহ গাঁৱৰ গাঁওবুঢ়াৰ দৰে একেখিনি কামেই কৰে যদিও ইমানদিনে উপযুক্ত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছিল। 
 
মুখ্যমন্ত্রী শৰ্মাই লগতে কয় যে, কেবিনেটে ভাৰত চৰকাৰৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ আগ্রহত অসমত ইণ্টাৰনেচনেল স্কিল চেণ্টাৰ স্থাপন কৰিব। আনহাতে অৰুণোদয় ২.০ত ৬৮২ গৰাকীয়ে নিয়মীয়া চৰকাৰী কৰ্মচাৰীয়ে আঁচনিখনৰ সুবিধা লৈ থকাটো চৰকাৰৰ দৃষ্টিগোচৰ হোৱাত কেবিনেটত বিষয়টো আলোচনা কৰি তেওঁলোকৰ বিৰুদ্ধে বিভাগীয় অনুশাসনমূলক ব্যৱস্থা গ্রহণৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ বাসগৃহৰ সমীপত মানকটা ৰোডত এখন উৰণ সেতু নিৰ্মাণৰ কামৰ আধাৰশিলা অহা ২৭ জানুৱাৰীত কৰা হ'ব বুলিও তেওঁ উল্লেখ কৰে। 
 
কেবিনেট বৈঠকত ডিব্ৰুগড়ব মুখ্যমন্ত্ৰীৰ সচিবালয়ত ৬ জন মন্ত্রীয়ে অংশ গ্ৰহণ কৰাৰ বিপৰীতে গুৱাহাটীৰ কেবিনেট ৰূমৰ পৰা ৯ জনে আভাষিকভাৱে সংযুক্ত হয়। মন্ত্রী ৰঞ্জিত দাসে বঙাইগাঁৱৰ পৰা আৰু কৌশিক ৰয় শিলচৰৰ পৰা সংযুক্ত হয়।