তোমালোক মুছলমান হব নোৱাৰা, তোমালোক ইছলামক ধ্বংস কৰিবলৈ সৃষ্টি হোৱা কাপুৰুষ: পেহেলগাম আক্ৰমণ কৰা সন্ত্ৰাসবাদীলৈ এখন মুকলি চিঠি

Story by  atv | Posted by  Munni Begum • 20 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
  মেজৰ ডাঃ মহম্মদ আলী শ্বাহ 
 
তোমালোক হৈছা মেৰুদণ্ডহীন কাপুৰুষৰ এটি গোট।  
 
মোৰ মাতৃভূমিৰ নিৰীহ মানুহৰ ওপৰত তোমালোকে চলোৱা ভয়ংকৰ, অৰ্থহীন নৃশংস হত্যাকাৰণ্ড কথা শুনাৰ পিছত মাজনিশা বহু পৰলৈ.... আচলতে পুৱতি নিশালৈয়ে.... মই শুব পৰা নাছিলো। তোমালোক আচলতে একো একোজন বিকাৰগ্ৰস্ত মানুহ।   
 
মই তোমালোকলৈ এজন ক্ৰোধিত, ভগ্ন হৃদয়ৰ ভাৰতীয় মুছলমান হিচাপে এই চিঠিখন লিখিছো। অকল্পনীয় শোক আৰু জ্বলন্ত ক্ৰোধৰ মাজত বিচ্ছিন্ন হৈ পৰা এজন মানুহ মই। কাৰণ যেতিয়া তোমালোকে পেহেলগামত সাধাৰণ নাগৰিকক আক্ৰমণ কৰিছিলা, তেতিয়া তোমালোকে কেৱল এডোখৰ ঠাইকে লক্ষ্য কৰি লোৱা নাছিলা। তোমালোকে লক্ষ্য আছিল এতিয়াও ঐক্য, শান্তিত, ন্যায়ত বিশ্বাস কৰা প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আঘাত হনা।   
 
পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা পৰ্যটক
 
আৰু মই কেৱল ব্যক্তি হিচাপে নহয়, এই ৰাষ্ট্ৰৰ সেৱা আগবঢ়োৱাৰ বাবে জীয়াই থকা এটি পৰিয়ালৰ পুত্ৰ হিচাপে কৈছো। মোৰ শিৰাৰ মাজেৰে দেশপ্ৰেম প্ৰবাহমান হৈ আছে। মোৰ দেউতা লেফটেনেণ্ট জেনেৰেল জমিৰ উদ্দিন শ্বাহে ডেপুটি চীফ অৱ আৰ্মী ষ্টাফ হিচাপে অৱসৰ গ্ৰহণ কৰি পিছলৈ আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ উপাচাৰ্য হিচাপে মুছলমান বুদ্ধিজীৱীৰ কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁৰ কনিষ্ঠ ভাতৃ হৈছে পদ্মশ্ৰী আৰু পদ্মভূষণ বঁটা প্ৰাপক প্ৰখ্যাত অভিনেতা নাছিৰুদ্দিন শ্বাহ আৰু মোৰ দেউতাৰ জ্যেষ্ঠ ভাতৃ, এজন সন্মানীয় আই আই টিয়ানক এই মহান ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সন্মান জনাইছে।  
 
মোৰ পৰিয়ালক সদায়ে সন্মান আৰু মৰ্যাদা প্ৰদান কৰি অহা হৈছে। আৰু মই আন কিবা হোৱাৰ আগতে সদায় ভাৰতীয় হিচাপে গৌৰৱান্বিত হৈ আহিছো। সন্মান, সেৱা আৰু ৰাষ্ট্ৰ- প্ৰথম মূল্যবোধৰ উত্তৰাধিকাৰী হৈ মই মোৰ শক্তি আৰু সাহস আহৰণ কৰি আহিছো। আৰু প্ৰমূল্যবোধেই  মোক তোমালোকৰ কাৰ্যৰ বিৰুদ্ধে আৰু অধিক বিদ্ৰোহী কৰি তুলিছে।  
 
মই অভিনয় কৰা প্ৰেম, ত্যাগ আৰু একতাৰ কাহিনীৰে ভৰা বহু চলচ্চিত্ৰৰ দৃশ্যগ্ৰহণ পেহেলগাম আৰু সমগ্ৰ কাশ্মীৰৰ উপত্যকাত কৰা হৈছিল। 'হায়দৰ', 'বজৰংগী ভাইজান', 'মোঝি' আৰু আনকি ৱেব শৃংখলা 'অৱৰোধ'ৰ দৰে ৰাষ্ট্ৰীয় বঁটা বিজয়ী চলচ্চিত্ৰ আছে, য'ত মই এজন পেৰা কমাণ্ডোৰ চৰিত্ৰত আভিনয় কৰিছিলো। যিজনৰ তোমালোকে অপবিত্র কৰিবলৈ চেষ্টা কৰা এই দেশতে জন্ম হৈছিল। মই সেই শান্ত পথবোৰত খোজ কাঢ়িছো, পাহাৰৰ বিশুদ্ধতা অনুভৱ কৰিছো আৰু সেই পাহাৰবোৰৰ প্ৰতিটো ভাঁজত বাস কৰা সম্প্ৰীতি প্ৰত্যক্ষভাৱে দেখিছোঁ। সমগ্ৰ বিশ্বতে মোৰ টিইডিএক্স (TEDx)আলোচনাত মই ভাৰতৰ আত্মাৰ কথা কৈছো— য'ত বৈচিত্ৰ্যৰ ক্ষেত্ৰত ইয়াৰ শক্তি, ইয়াৰ অতুলনীয় আধ্যাত্মিক আৰু সাংস্কৃতিক সমৃদ্ধিৰ কথা কৈছো৷ আৰু আজি তোমালোকে সেই আত্মাক হত্যা কৰিবলৈ চেষ্টা কৰিছা।
 
কিন্তু এটা কথা কওঁ- তোমালোকৰ গুলীবোৰে সৌন্দৰ্য্যক নিস্তব্ধ কৰিব নোৱাৰে। তোমালোকৰ ঘৃণাই সম্প্ৰীতি মচি পেলাব নোৱাৰে। পেহেলগাম কেৱল এডোখৰ স্থান নহয়— ভাৰত প্ৰকৃততে কিহৰ বাবে থিয় হৈ আছে তাৰ এক জীৱন্ত স্মৃতি হয়। আৰু ইয়াৰ ভূমিত তেজ বোৱাই তোমালোকে আমাক দুৰ্বল কৰা নাই৷ বৰং তোমালোকে আমাক কি ৰক্ষা কৰিব লাগিব সেই কথা আগতকৈও অধিক সংকল্পৰে পুনৰবাৰ সোঁৱৰাই দিছা৷    
 
তোমালোকে কিবা এটাৰ বাবে যুঁজ দিয়া বুলি দাবী কৰি আহিছা। কিন্তু কিহৰ বাবে? ইছলামৰ বাবে? নে কাশ্মীৰৰ বাবে?
 
আমাৰ বুদ্ধিমত্তাক অপমান নকৰিবা৷
 
তোমালোক স্বাধীনতা সংগ্ৰামী নহয়। তোমালোক যোদ্ধা নহয়। বন্দুক, মাস্ক, মিছা শ্লোগানৰ আঁৰত লুকাই থকা একো একোজন জঘন্য কাপুৰুষহে। তোমালোক হৈছা কছাই।   
 
জম্মু-কাশ্মীৰত কাশ্মীৰী পণ্ডিতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাত মুছলমান লোকে সহায় কৰাৰ এক দৃশ্য
 
সেনা ঘাটিৰ ওচৰলৈ আহিবলৈ সাহস নকৰি৷ তোমালোকে সৰল সাধাৰণ নাগৰিক, পৰ্যটক, শিশু, মাতৃ, তীৰ্থযাত্ৰী, নৱবিবাহিত— নিৰস্ত্ৰ, প্ৰতিৰক্ষাহীন মানুহক লক্ষ্য কৰি লৈছা। আৰু এইয়াক জেহাদ বুলি ক’বলৈ সাহস কৰিছা?  
 
নাই, এইয়াটো জেহাদ হব নোৱাৰে। কিয়নো জেহাদৰ আচল অৰ্থ হৈছে 'সংগ্ৰাম'। তোমালোকে যি কৰিলা সেয়া আছিল গুনাহ— পাপ, ৰক্তপাত আৰু মানৱতা আৰু ঈশ্বৰ উভয়ৰে প্ৰতি কৰা বিশ্বাসঘাতকতা। পেহেলগামৰ তেজেৰে তিতি থকা ভূমিৰ মাজেৰে তোমালোকে আল্লাহৰ নাম টানি লৈ ফুৰিছা। তোমালোকে শান্তিৰ ধৰ্ম এটা গ্ৰহণ কৰিছা আৰু ইয়াক ভুল ব্যাখ্যা কৰি, ইয়াক আতংকৰ অস্ত্ৰলৈ ৰূপান্তৰিত কৰিছা৷ তোমালোক একো একোটা লজ্জাজনক জীৱ— তোমালোক চিৰদিন নৰকত পচি থাকিবা। 
 
মই লাজ পাইছো যে, তোমালোক আৰু মই একেটা ধৰ্মতে জন্ম লৈছো— কাৰণ আমাৰ একোৱেই একে নহয়। মোৰ ধৰ্ম মানৱতা। মই জনা ইছলামে মোক নিৰীহক ৰক্ষা কৰিবলৈ শিকাইছে। আমাৰ বধক মহিমামণ্ডিত কৰে। মোৰ ইছলামে মোক নিজৰ দেশৰ প্ৰতি সেৱা কৰিবলৈ শিকাইছে। তোমালোকৰটোৱে তোমালোকক কৈছে যে, ইয়াক ধ্বংস কৰা যাওঁক।   
 
মই তোমালোকক অন্তৰৰ পৰা যিমানেই গালি নাপাৰিলেও, সেয়াও কিজানি কময়ে হ'ব।
 
আৰু এতিয়া মই মোৰ অন্তৰত তোমালোকৰ বাবেই এটা বোজা কঢ়িয়াই লৈ ফুৰিছো, যিটো মই কেতিয়াও কঢ়িয়াব বিচৰা নাছিলো। প্ৰতিবাৰেই তোমালোকৰ বাবে কোনোবাই মুছলমানৰ নাম শুনিলে বা মূৰত টুপি দেখা পালে তেওঁলোকৰ চকুত সন্দেহৰ সৃষ্টি হয়। এই সকলোবোৰ হৈছে একমাত্ৰ তোমালোকৰ বাবেই। ভাল চিন্তাধাৰাৰ, মাতৃভূমিক ভালপোৱা দেশপ্ৰেমী মুছলমানসকলক তেওঁলোকে কেতিয়াও নকৰা অপৰাধ আৰু তেওঁলোকে কেতিয়াও সমৰ্থন নকৰা বিশ্বাসৰ বাবে সদায়ে ব্যাখ্যা, প্ৰতিৰক্ষা আৰু ক্ষমা খুজিবলৈ বাধ্য কৰা হয়। 
 
তোমালোকে বহু মানুহৰ জীৱন কাঢ়ি লৈছা৷ কিন্তু তাতোকৈ বেয়া কথাটো হ’ল— তোমালোকে মানুহৰ মনত থকা বিশ্বাস কাঢ়ি নিবলৈ চেষ্টা কৰিছা৷ তোমালোকে এজন ভাৰতীয় মুছলমানে নিজৰ দেশক মুকলিকৈ, মুক্তভাৱে, কোনো প্ৰশ্ন নকৰাকৈ ভাল পোৱাটো অসম্ভৱ কৰি তুলিবলৈ চেষ্টা কৰিছা।  
 
সেইটোৱেই তোমালোকৰ আচল অপৰাধ।
 
আৰু অনুমান কৰাচোন? তোমালোক এই ক্ষেত্ৰত বিফল হৈছা৷
 
আৰু তোমালোক সদায়ে বিফল হৈয়ে থাকিবা। 
 
কাৰণ আমি— প্ৰকৃত মুছলমান, প্ৰকৃত ভাৰতীয়— এতিয়াও তোমালোকৰ বিৰিদ্ধেয়ে থিয় হৈ আছো। আৰু আমি তোমালোকৰ কাৰ্যত ক্ৰোধিত হৈ পৰিছো। কিন্তু আমি ভয় কৰা নাই— বৰং ক্ৰোধিতহে হৈছো। তোমালোকৰ কাৰ্যই আমাক চুকত ঠেলি পঠিয়াব নোৱাৰে। তোমালোকৰ গুলীয়ে আমাক মৌন তথা স্তব্ধ কৰিব নোৱাৰে। আমাৰ মাজৰে এজন হোৱাৰ অৰ্থ কি তোমালোকক পুনৰ এনে কাৰ্য সংঘটিত কৰিবলৈ দিয়া হব বুলি ভাবিছা, যদি তেনেকৈ ভাবিছা, ভুল ভাবিছা।
      
পেহেলগামত পৰ্যটকৰ ওপৰত কৰা সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত অন্য পৰ্যটকক নিৰাপত্তা বেষ্টনীৰ মাজেৰে সুৰক্ষিত স্থানলৈ লৈ অহা এক দৃশ্য
 
ভাৰতবাসীলৈ অনুগ্ৰহ কৰি কৈছো যে 'এই দানৱবোৰক আপোনাৰ মুছলমান ভাই-ভনীৰ সৈতে ৰিজাই বিভ্ৰান্তি সৃষ্টি নকৰিব। ইহঁতে আপোনালোকৰ লগতে আমাৰো তেজ বোৱাইছে। আৰু আমি আপোনালোকৰ শত্ৰু নহয়। আমিও আন প্ৰতিজন ভাৰতীয়ৰ দৰেই এই একেই কাপুৰুষালিৰ বলি হৈছো।' তোমালোকৰ ওপৰত আমাৰ খং উঠিছে।   
 
সন্ত্ৰাসবাদীসকলৰ বাবে— তোমালোক মানৱতাৰ নামত এটা মাত্ৰ কলংক, এটা দাগ, গেলি-পচি যোৱা দাগ এটাৰ বাহিৰে আন একো নহয়। কিন্তু এই দেশ, এই ঐক্য, ভাৰতৰ এই ধাৰণা— চিৰন্তন জীয়াই থাকিব।    
 
তোমালোকে আমাক আতংকিত কৰিবলৈ চেষ্টা কৰিছা। কিন্তু তোমালোকে আমাক মাত্ৰ সজাগহে কৰি তুলিছে৷ 
 
পেহেলগামৰ পৰিয়ালবোৰলৈ মই কেৱল প্ৰাৰ্থনাই নহয়, এটা প্ৰতিশ্ৰুতিও দিছো যে, আমি এই নৃশংস কাণ্ড কেতিয়াও পাহৰিব নোৱাৰো। আমি ক্ষমা কৰি দিব নোৱাৰো। তোমালোকে কৰা এই ক্ষতি দেশৰ বিবেকত প্ৰতিধ্বনিত নোহোৱালৈকে আৰু ন্যায় লাভ নকৰালৈকে আমি জিৰণি নলওঁ। তোমালোকে উচিত শাস্তি নোপোৱালৈ এই দেশৰ আত্মাই শান্তি নাপায়।    
 
হত্যাকাৰীয়ে হত্যা কৰাৰ আগতে নাম আৰু ধৰ্ম সুধিবলৈ কেনেকৈ সাহস কৰে? তোমালোক মুছলমান নহয়। সমগ্ৰ বিশ্বৰ মুছলমান সমাজে তোমালোকক অস্বীকাৰ কৰিছে। ৰক্তাক্ত সন্ত্ৰাসবাদী। 
 
তোমালোকে কেৱল কাশ্মীৰক আক্ৰমণ কৰা নাই।
 
তোমালোকে আমাৰ সকলোকে আক্ৰমণ কৰিছা। 
 
আমি পুনৰ থিয় হম, এখন ৰাষ্ট্ৰ হিচাপে, এজন ভাৰতীয় হিচাপে। 
 
জয় হিন্দ !!!!