গোৱালপাৰাৰ দেশী জনগোষ্ঠীৰ ৰঙালী বিহুৰ সুকীয়া পৰম্পৰাত এভুমুকি

Story by  atv | Posted by  [email protected] • 20 h ago
নৃত্যৰতা দেশী জনগোষ্ঠীয় যুৱতী
নৃত্যৰতা দেশী জনগোষ্ঠীয় যুৱতী
 
নীলিম আকাশ কাশ্যপ
 
বৰপেটাত যিদৰে সুকীয়া পৰম্পৰাৰে ৰঙালী বিহু পালন কৰা হয়, একেদৰে নিজস্ব সুকীয়া প্রথাৰে একেটা বিহু পালন কৰে অবিভক্ত গোৱালপাৰা জিলা নিবাসী দেশী জনগোষ্ঠীয় লোকসকলেও। তেওঁলোকৰ ৰঙালী বিহু 'বেষমা' হিচাপে পৰিচিত। অবশ্যে 'বেষমা' হিচাপে পৰিচিত এই উৎসৱক খেনোৱে 'চৈত-বৈষ্ণে' বুলিও কোৱা শুনা যায়।
 
'চৈত-বৈষ্ণে' অর্থাৎ চ'ত-ব'হাগৰ দোমাহীৰ দিনাৰ পৰা আৰম্ভ হোৱা 'বেষমা' উৎসৱ দুদিনীয়াকৈ পালন কৰা হয়। প্রথমদিনা বৰেৰ পুৱাতেই সকলোৱে বিচনা ত্যাগ কৰাৰ অন্তত মহিলামেথাই ঘৰ-পদুলি চাফ-চিকুণ কৰাৰ বিপৰীতে পুৰুষসকলে একেলগ হৈ জংঘল অঞ্চলৰ পৰা বেত গছৰ পাত, নৰসিংহৰ পাত, বিহ ঢেঁকীয়া, হালধিৰ পাত, নিমৰ ডালসহিতে পাত, বিলাই হাছৰা, বগা হাছ্ৰা, কাণশিয়া, কছলত আদি সংগ্রহ কৰি আনে। সেইবোৰ একেলগ কৰি দুৱাৰত আঁৰি দিয়াৰ উদ্দেশ্যে ধুই-পখালি মৰাপাতেৰে মুঠি মুঠিকৈ বন্ধা হয়- যাক 'বিষ কাটালী' বোলা হয় স্থানীয়ভাৱে। প্রচলিত বিশ্বাস মতে ঘৰৰ দুৱাৰমুখত 'বিষ কাটালী' থাকিলে ঘৰখন অপায়-অমংগল, বিষ-বেদনা, অসুখ আদিৰ পৰা নিলগত থাকে। দুৱাৰমুখত আঁৰি দিয়াৰ পূর্বে 'বিষ কাটালী'ৰে মজিয়া, চোতাল, পদুলি আদিত পানী ছটিয়াই দিয়া হয় 'চৈতেৰ বাও' অর্থাৎ 'চ'তৰ বা-মাৰলি'ৰ পৰা পৰিত্ৰাণৰ কামনাৰে।
 
পৰম্পৰাগত সাজেৰে দেশী জনগোষ্ঠীৰ কিছুসংখ্যক শিশু
 
'সাত মিশেলী' আৰু 'তিতা খোৱা' বেষমা উৎসৱৰ দুটা উল্লেখযোগ্য পর্ব। 'বিষ কাটালী'ত ব্যৱহাৰৰ উদ্দেশ্যে সংগ্রহ কৰি অনা ঔষধি গুণসম্পন্ন গছপাত-লতা আদি থেতেলি উলিওৱা ৰস বিহুৰ প্রথমদিনা খোৱা যি পর্ব, তাকেই 'তিতা খোৱা' বোলে। আনহাতে, 'তিতা খোৱা'ৰ পিছতে চাউল, গম, মাটিমাহ, বুট, মটৰ, মণ্ড আৰু তিল একত্রিত কৰি ভাজি খোৱা পৰম্পৰাৰেই কথিত নাম 'সাত মিশেলী'। সাতবিধ শস্যৰ গুটিৰ পৰা 'সাত' আৰু একত্ৰিত কৰাৰ পৰা 'মিশেলী' শব্দৰ সংমিশ্রণেৰে পর্বটোক 'সাত মিশেলী' বোলা হয় বুলি খেনোৱে ক'ব খোজে। ইয়াৰ পিছৰ পৰ্বৰ নাম 'দাগ'নি দেওৱা' অথবা 'চেংটা দেওৱা'। সামান্য পৃথকতাক বাদ দি এই পর্ব গৰু-বিহুৰ নিচিনা। গৰুক গা ধুৱাই দেশী জনগোষ্ঠীয় লোকসকলে এনেদৰে গায়---
 
 _'দীঘলতিৰ দীঘিলে দীঘিলে পাত,
গৰুক ডাঙাংঝ ঝাটাও ঝাটাও কৰি।
তোৰ মাও চটো, বাপ চটো
তুই হৈইছ্ বৰ' গৰু।।'_ 
 
'এউৰি' মাগিছে দেশী জনগোষ্ঠীৰ একাংশ লোকে
 
জলাশয়ত গৰুক তেল-হালধিৰে গা ধুওৱাৰ পিছত এই পর্বত সামান্য গৰম কৰা দা এখন গৰুৰ গাত লগাই দিয়ে। তাৰ পিছত দা, কুঠাৰ, মৈ, নাঙল আদি পৰিষ্কাৰ কৰি নিমপাত আৰু কেঁচা হালধিৰ মিশ্রণেৰে স্নান কৰে সকলোৱে। গা ধুই 'বছৰ খাপ্ৰা' গাত বান্ধি দিয়ে সন্তানসকলৰ। কড়ি, পানীলাওৰ শুকান ছাল আৰু শুকান হালধি একেলগ কৰি প্রস্তুত কৰা 'বছৰ খাপ্রা' গাত থাকিলে অপশক্তিৰ পৰা আঁতৰত থকাৰ লগতে নিৰোগী দেহৰ অধিকাৰী হয় বুলি অবিভক্ত গোৱালপাৰা জিলাৰ দেশী জনগোষ্ঠীয় লোকসকলে বিশ্বাস কৰে। আনহাতে, প্রচলিত লোকবিশ্বাসক প্রাধান্য দি অদ্যাপি 'বেষমা'ৰ পহিলা দিনটোতহে আমৰ সোৱাদ লোৱাৰ নিয়ম; তাৰ পূৰ্বে আম খোৱা একপ্রকাৰ নিষেধ। 'সাতশাকী'ৰ পৰম্পৰাও তেওঁলোকৰ মাজত বিৰাজমান। 'বেষমা'ৰ প্ৰাৰম্ভিক দিনটোতেই খোৱা 'সাতশাকী'ত মৰাপাটৰ পাত বাধ্যতামূলক।
 
পৰম্পৰাগত বিয়া নাম পৰিৱেশন দেশী জনগোষ্ঠীৰ মহিলাৰ
 
অবিভক্ত গোৱালপাৰা জিলা নিবাসী দেশী জনগোষ্ঠীয় লোকসকলে পালন কৰা 'বেষমা'ৰ দ্বিতীয়টো দিনত নতুন কাপোৰ পৰিধান কৰা, সুস্বাদু ব্যঞ্জনৰ জুতি লোবা, বিভিন্ন পৰম্পৰাগত খেল-ধেমালি আটায়ে মিলি খেলাৰ উপৰি 'সাৰুন্দে', দোঁতাৰা, ঢোল, তালৰ শব্দত তথা গোৱালপৰীয়া লোকগীতৰ সুৰৰ লগতে জিলাখনৰ বিশেষত্ব বহন কৰা 'গোৱালনী নৃত্য', 'কুশান নৃত্য'ত মুখৰ হৈ থাকে দশোদিশ। মেলা হ'ল 'বেষমা'ৰ আন এক উল্লেখনীয় পর্ব। যিয়ে যেনেকৈ পাৰে মেলাত উপলব্ধ বিভিন্ন সামগ্রী ক্রয় কৰে যদিও প্রায় সকলোৱেই 'জিলেপু' (জেলেপী) আৰু 'বাটাছা' (চেনীৰে তৈয়াৰ কৰা মুখৰচক খাদ্য বিশেষ) কিনাটো আৰু খোৱাটো যেন এক অঘোষিত নিয়ম দেশী জনগোষ্ঠীয় লোকসকলৰ বাবে। মেলাৰ পৰা উভতি আহোতে বাটতে 'দাবাৰি'য়ে পায় বুলি এক লোকবিশ্বাস প্রচলিত। তেওঁলোকৰ মাজত প্রচলিত বিশ্বাস মতে এই দিনটোতেই বছৰত প্ৰথমবাৰলৈ ধুমুহা বা ঘূর্ণি বতাহ আহে। দেশী জনগোষ্ঠীয় লোকসকলে 'বেষমা'ৰ দিনটোৰ ধুমুহা অথবা ঘূর্ণি বতাহক 'দাবাৰি' বোলে; আনহাতে ব'হাগ মাহৰ বৰদৈচিলা তেওঁলোকৰ মাজত 'মুণ্ডিচিৰা' বুলি কথিত। জেঠৰ ধুমুহাক কয় 'বেৰা-ভঙ্গা' আৰু 'তৰ-ভঙ্গা' আদি বুলি। ধুমুহাই যাতে একো অনিষ্ট কৰিব নোৱাৰে সেই প্রার্থনাৰে 'বেষমা'ত দেশী জনগোষ্ঠীয় লোকসকলে আগলতি পাতেৰে সৈতে গছৰ ডাল ঘৰৰ চালত গুজি থয়। যি কি নহওক, বগুলাৰভিটাৰ 'বিষমা মেলা', আগমনিৰ 'ছত্রশাল মেলা', গাইবান্ধা-হাড়িভাঙ্গাৰ 'সাত বেষমা মেলা' আদি তেনে গোটাচেৰেক উল্লেখনীয় মেলা।
 
জাপি আৰু অসমীয়া গামোচাৰ সৈতে দেশী জনগোষ্ঠীৰ গামোচা
 
প্রসংগক্রমে উল্লেখ্য যে দেশী জনগোষ্ঠীয় লোক বুলিলে পোনতেই অবিভক্ত গোৱালপাৰা জিলাৰ নাম মনলৈ আহে যদিও কামৰূপ জিলাৰ বকো অঞ্চলৰ বামুনবড়ী, বড়ুৱা, জামলাই আদিতো তেওঁলোকৰ বসতি পৰিলক্ষিত হোৱাৰ লগতে সেইবোৰ অঞ্চলতো 'বেষমা'ৰ প্রভাৱ নাছিল বুলিব নোৱাৰি। যি কি নহওক, এই কথা সন্দেহাতীত যে ৰঙালী বিহুৰ ৰং হিচাপে অবিভক্ত গোৱালপাৰা জিলা নিবাসী দেশী জনগোষ্ঠীয় লোকসকলে পালন কৰা 'বেষমা' সুকীয়া আৰু স্বকীয় পৰম্পৰাৰ এক নিদর্শন। 'বেষমা' পালনৰ পৰম্পৰাৰ সৈতে কোঁচ-ৰাজবংশীসকলৰ ৰীতি-নীতিৰ কিছুপৰিমাণে প্রভাৱ পৰিলক্ষিত হয় বুলি খেনোবে ক'ব নোখোজা নহয়। মাঘ বিহুৰ পৰত পালন কৰা 'পুষণা', ব'হাগ বিহুৰ পৰত পালন কৰা 'বেষমা' আদি উৎসৱে অবিভক্ত গোৱালপাৰা জিলা নিবাসী দেশী জনগোষ্ঠীয় লোকসকলৰ স্বকীয় পৰম্পৰাপ্ৰীতিৰে উৎসৱ উদযাপনৰ আগ্রহক প্রতীয়মান কৰে যদিও আধুনিকতাৰ পৰশত 'পুষণা', 'বেষমা' আদি উৎসৱৰ অস্তিত্ব ক্রমাৎ বিপন্নৰ দিশত অগ্ৰসৰ হোৱা যেনহে লাগে।
 
[লেখাটোত স্থানীয় লোকৰ লগতে 'আনপ্লাগড' আৰু 'আমাৰ অসম'ত প্রকাশিত আশ্বিক উজ জামানৰ তথা 'দেশী জাগৰন' শীর্ষক ফে'চবুক পেজত প্রকাশিত জেহেৰুল ইছলামৰ 'বেষমা' সম্পর্কীয় লেখৰ পৰা তথ্য আহৰণ কৰা হৈছে। --নীলিম আকাশ কাশ্যপ]
 
(নীলিম আকাশ কাশ্যপ অসমীয়া আৰু ভাৰতীয় ইংৰাজী সাহিত্যৰ তৰুণ ঔপন্যাসিক)