আৱাজ দ্য ভইচ অসম ব্যুৰ'
উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ সমগ্ৰ বিশ্বৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দৈনিক লাখ লাখ লোকে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ আহি ভাৰতৰ চহকী সভ্যতা, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অতুলনীয় অনুভৱৰ সৈতে বিলীন হৈ পৰিছে। আবুধাবিৰ জনপ্ৰিয় ব্ল'গাৰ ছেলি এল আজাব (Sally El Azab)কো প্ৰয়াগৰাজৰ মহাকুম্ভই অভিভূত কৰিছে।
পৃথিৱীৰ আটাইতকৈ ডাঙৰ ধৰ্মীয় আৰু সাংস্কৃতিক সমাৱেশ মহাকুম্ভ মেলাত অংশগ্ৰহণ কৰাৰ অভিজ্ঞতা বৰ্ণনা কৰি মুছলমান মহিলাগৰাকীয়ে কয় যে এয়া সঁচাকৈয়ে এক আচৰিত অনুষ্ঠান। “মহাকুম্ভ চাবলৈ মই মধ্যপ্ৰাচ্যৰ পৰা ভাৰতলৈ আহিছো। ই এক অদ্ভুত আৰু অতুলনীয় অভিজ্ঞতা। বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় সমাৱেশ ইমান সুন্দৰকৈ আৰু সুসংগঠিতভাৱে আয়োজন কৰা হৈছে। নিৰাপত্তাৰ বাবে পৰ্যাপ্ত আৰক্ষী আছে। থকা-খোৱাৰ সকলো সু-ব্যৱস্থা কৰা হৈছে। চৰকাৰে এই সকলোবোৰ বহুত ভালদৰে আয়োজন কৰিছে।” এএনআইৰ সন্মুখত আবুধাবিৰ জনপ্ৰিয় ব্ল'গাৰ ছেলি এল আজাবে এইদৰে কয়।
ভিডিঅ’টোত তেওঁ ইমান বিশাল সমাৱেশ কেতিয়াও দেখা নাছিল বুলি উল্লেখ কৰি কয় যে কাৰণ যিয়েই নহওক কিয়, প্ৰতিখন দেশতে এনেকুৱা সুসংহত সমাৱেশ অনুষ্ঠিত হ’ব লাগে। সফল আযোজনৰ বাবে চৰকাৰী কৰ্তৃপক্ষ আৰু মেনেজমেণ্টক প্ৰশংসা কৰি ছেলি এল আজাবে মহাকুম্ভত থকাৰ সময়ত কোনো মুহূৰ্ততে অসুৰক্ষিত অনুভৱ কৰা নাছিল বুলিও প্ৰকাশ কৰে।
উল্লেখ্য যে, ছেলি এল আজাব হৈছে প্ৰয়াগৰাজৰ পবিত্ৰ সংগম পৰিদৰ্শন কৰা দহখন ভিন্ন দেশৰ ২১ জনীয়া প্ৰতিনিধি দলৰ অংশ। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বহিঃ প্ৰচাৰ আৰু ৰাজহুৱা কূটনীতি বিভাগে প্ৰতিনিধি দলটোক আমন্ত্ৰণ জনাইছে। বুধবাৰে মহাকুম্ভত উপস্থিত হৈ প্ৰতিনিধি দলটোৱে উত্তৰ প্ৰদেশ ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমে নিৰ্মাণ কৰা আৰাইলৰ টেণ্ট চিটিত বাহৰ পাতি আছে।
ইনষ্টাগ্ৰাম বায়’ অনুসৰি তেওঁ এগৰাকী চিভিল ইঞ্জিনিয়াৰৰ পৰা ব্ল'গাৰ হৈছে। খাদ্য আৰু ভ্ৰমণৰ বিষয়ে প্ৰস্তুত কৰা ছেলি এল আজাবৰ ভিডিঅ’সমূহত বিশ্বৰ বিভিন্ন বিখ্যাত পৰ্যটনস্থলী ভ্ৰমণৰ অভিজ্ঞতা শ্বেয়াৰ কৰে। এই প্ৰতিবেদন লিখাৰ সময়ত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ ৩.৫ লাখৰো অধিক ফ’ল’ৱাৰ আছে।
উত্তৰ প্ৰদেশ চৰকাৰৰ এক বিবৃতিত কোৱা হৈছে যে মহাকুম্ভ মেলা উপলক্ষে ১১ জানুৱাৰীৰ পৰা ১৬ জানুৱাৰীলৈ প্ৰয়াগৰাজৰ সংগমস্থলীত ৭ কোটিৰো অধিক তীৰ্থযাত্ৰীয়ে স্নান কৰিছে। কেৱল বৃহস্পতিবাৰৰ দিনটোতে ৩০ লাখৰো অধিক ভক্তই ঐশ্বৰিক আশীৰ্বাদ বিচাৰি পবিত্ৰ গংগা জলত গা ধুইছিল।