ফিৰদৌচ খান
আজমেৰ শ্বৰীফৰ হজৰত খোৱাজা মইনুদ্দিন হাছান চিষ্টি ৰহমাতুল্লাহ আলাইহৰ দৰগাহৰ আশে-পাশে আছে এখন ডাঙৰ বজাৰ। এই বজাৰখনে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ অহা তীৰ্থযাত্ৰীসকলৰ সকলো প্ৰয়োজনীয়তা পূৰণ কৰে। বজাৰত প্ৰায় সকলো ধৰণৰ সামগ্ৰী পোৱা যায়। এই বজাৰত অধিকাংশ দোকান আছে হিন্দু লোকৰ। দোকানবোৰেই তেওঁলোকৰ কৰ্মসংস্থাপনৰ উৎস, যাৰ জৰিয়তে তেওঁলোকৰ ঘৰ-পৰিয়াল চলি থাকে।
বহু প্ৰজন্মৰ পৰা তেওঁলোকে ইয়াত ব্যাৱসায় চলাই আহিছে। এই দোকানীসকলে বিশ্বাস কৰে যে, কেৱল খোৱাজা চাহাবৰ আশীৰ্বাদৰ বাবেই তেওঁলোকৰ ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি আছে। খোৱাজা চাহাবৰ প্ৰতি তেওঁলোকৰ অন্তৰত অপৰিসীম শ্ৰদ্ধা আছে। আচলতে খোৱাজা চাহাবৰ দুৱাৰমুখলৈ অহা তীৰ্থযাত্ৰীসকল ধৰ্মীয় সম্প্ৰীতি, ঐক্য আৰু ভাতৃত্ববোধৰ নিদৰ্শন। খোৱাজা চাহাবৰ মৰমে তেওঁলোকক ইয়ালৈ লৈ আহে। খোৱাজা চাহাবে দেখুওৱা পথ অনুসৰণ কৰে আৰু তেওঁলোকে কাকো বৈষম্য নকৰে।
আজমেৰ শ্বৰীফৰ বজাৰ এক দৃশ্য
প্ৰায় সকলো ধৰ্মৰ লোকে ইয়ালৈ তীৰ্থযাত্ৰীৰ ৰূপত আহে। খোৱাজা চাহাবৰ দৰগাহৰ বাবেই ইয়াত হাজাৰ হাজাৰ লোকে কৰ্মসংস্থাপন পাইছে বুলি ক'লেও ভুল নহ'ব, কাৰণ ইয়াৰ বজাৰবোৰত দৰগাহলৈ অহা তীৰ্থযাত্ৰীৰ হুলস্থুলীয়া পৰিৱেশ। হজৰত খোৱাজা মইনুদ্দিন হাছান চিষ্টি ৰহমাতুল্লাহ আলাইহৰ দৰগাহ ভ্ৰমণ কৰা হজযাত্ৰীসকলে টাবাৰুকৰ বেছিভাগ সামগ্ৰী ক্ৰয় কৰে। সেইবাবেই ইয়াত বহু দোকান আছে। এই দোকানবোৰত ফুল, সুগন্ধি, ধূপৰ কাঠি আৰু বিচনা চাদৰ আদি পোৱা যায়। বেছিভাগ দোকানতে গোলাপ ফুল উপলব্ধ হয়, কাৰণ দৰ্শনাৰ্থীৰ মাজত ইয়াৰ চাহিদা সৰ্বাধিক। এই ফুলবোৰ কাগজ বা প্লাষ্টিকৰ প্লেটত ৰখা হয়।
দৰগাহত আগবঢ়োৱা বহু ধৰণৰ চাদৰও ইয়াত পোৱা যায়। ৰঙীন ৰেচমৰ চাদৰবোৰ ধুনীয়া সোণালী সূতাৰে সজাই তোলা হৈছে। ইয়াত ছপা পত্ৰও পোৱা যায়, য'ত কলিমা বা দোৱাৰ আয়াত ছপা কৰা হয়। এই চাদৰবোৰ ব্ৰতৰ বাবে আগবঢ়োৱা হয়। বহুতে প্ৰতিজ্ঞা কৰে যে, যেতিয়া কোনো এটা নিৰ্দিষ্ট অনুষ্ঠান হ’ব তেতিয়া তেওঁলোকে দৰগাহত চাদৰ আগবঢ়াব। ব্ৰত পূৰণ হ’লে খোৱাজা চাহাবৰ দৰবাৰত উপস্থিত হৈ দৰগাহত চাদৰ দি ব্ৰত পালন কৰে। এই উপলক্ষে তেওঁলোকে টাবাৰুক বিতৰণো কৰে। ইয়াৰ উপৰিও ইয়াত টাবৰৰুকৰ দোকান আৰু মিঠাইৰ দোকান আছে।
এইবোৰৰ বাহিৰেও এই দোকানবোৰত আল্লাহৰ নাম থকা লকেট, মৌলা আলীৰ নাম থকা লকেট আৰু আয়াতুল কুৰ্ছিৰ লকেটো পোৱা যায়। চুৰা ইয়াচিন, চাৰিওটা কুল, আয়াতুল কুৰ্ছি আৰু তুঘ্ৰাও ইয়াত পোৱা যায়। তছবীহ, টুপী, মুছাল্লা, আৰবী ৰুমাল আৰু ইছলামিক কিতাপো বজাৰখনত উপলব্ধ। বহুতে ইয়াৰ পৰাই স্মৃতি হিচাপে বিভিন্ন সামগ্ৰী ক্ৰয় কৰি ঘৰলৈ লৈ যায়।
আজমেৰ শ্বৰীফৰ মুখ্যদ্বাৰৰ এক দৃশ্য
এইবোৰ আধ্যাত্মিক উপহাৰ, যিবোৰ আধ্যাত্মিকতাৰ সৈতে জড়িত লোকসকলৰ বাবে অতি প্ৰিয়। সকলো ঠাইতে সকলো বস্তু উপলব্ধ নহয়। বিচাৰি পালেও প্ৰতিখন ঠাইৰ নিজস্ব গুৰুত্ব আৰু ইয়াৰ লগত জড়িত স্মৃতি আছে, যিবোৰে ইয়াক বিশেষ কৰি তোলে। দৰগাহৰ সমীপতে কাপোৰৰ দোকান আছে। ইয়াত সকলো ধৰণৰ কাপোৰ উপলব্ধ। ল’ৰা-ছোৱালীৰ সাজ-পোছাক ইমানেই বেছিকৈ আছে যে, অভিভাৱকে পচন্দ কৰিবলৈ অসুবিধাৰ সন্মুখীন হয়। ইয়াত কেঁচা কাপোৰো প্ৰচুৰ পৰিমাণে পোৱা যায়।
বাহিৰৰ পৰা অহা মানুহে ৰাজস্থানী শ্ব্যুট আৰু ওৰণি কিনিবলৈ বেছি পছন্দ কৰে। লহৰীয়া আৰু বন্ধেজ আদি ইয়াত অতি বিখ্যাত। ইয়াত হিজাব আৰু বোৰ্খাও বিক্ৰীৰ বাবে ৰখা হয়। ইয়াত গহনা আৰু প্ৰসাধন সামগ্ৰীৰ দোকানো আছে। বজাৰখনত সোণ-ৰূপৰ উপৰিও কৃত্ৰিম গহনাও ভাল বিক্ৰী হয়। ইয়াৰ ভিতৰত লেকৰ খাৰু আটাইতকৈ বেছি বিক্ৰী হয়। বাহিৰৰ পৰা অহা মানুহে সেইবোৰ বহুত কিনে।
পিতল, মাৰ্বল, মাটি আৰু কাঠেৰে নিৰ্মিত হস্তশিল্প হৈছে বজাৰখনৰ বিশেষত্ব। ইয়াৰ ভিতৰত আছে দৈনন্দিন ঘৰুৱা সামগ্ৰী আৰু ঘৰত সজোৱা সামগ্ৰী। ইয়াৰ মাৰ্বলৰ শিল আৰু মৰ্টনবোৰ বৰ ধুনীয়া। ইয়াৰ উপৰিও কাঠৰ চকলা-বেলন, চামুচ, টং আৰু বাটিও বৰ ভাল লাগে। মহিলাসকলে ইয়াক বহুত কিনে, কাৰণ ই তেওঁলোকৰ পাকঘৰৰ সৌন্দৰ্য্য বৃদ্ধি কৰে। সৰু বস্তুৰ পৰা আৰম্ভ কৰি ডাঙৰ বাচনলৈকে ঘৰত ব্যৱহৃত সকলো সামগ্ৰী বজাৰখনত দেখা যায়। হিন্দু তীৰ্থযাত্ৰীৰ বাবে মাৰ্বলৰ দেৱ-দেৱীৰ মূৰ্তিও ৰখা হৈছে।
আজমেৰ শ্বৰীফৰ বজাৰৰ কেইখনমান বিপণি
ইয়াত থকা সা-সামগ্ৰীয়ে ৰাজস্থানী সংস্কৃতিৰ আভাস দিয়ে। বিদেশী তীৰ্থযাত্ৰী আৰু পৰ্যটকে এইবোৰ বেছিকৈ ক্ৰয় কৰে। মূৰ্তি নিৰ্মাণ আৰু বিক্ৰী কৰা ব্যৱসায়ীসকলৰ ভিতৰত মুছলমান লোকো আছে। বুলাণ্ড দৰৱাজাৰ সমীপত পুৱা আৰু গভীৰ নিশাও এখন ৰাজপথৰ বজাৰ বহে। যেতিয়া দোকান বন্ধ হৈ থাকে, সেই সময়ছোৱাত ইয়াত পুৱাৰ বজাৰ এখন অনুষ্ঠিত হয়। পুৱা ছয় বজাতো ইয়াত যথেষ্ট ভিৰ দেখা যায়। এই বজাৰত বাচন-বৰ্তন, কাপোৰ-কানি, কম্বল, বিচনা চাদৰ, জোতা, গহনা, প্ৰসাধন সামগ্ৰী, মছলা, শুকান ফল, পাপড় আদি অতি উচিত মূল্যত পোৱা যায়।
স্থায়ী দোকানসমূহ খোলাৰ আগতেই এই বজাৰখন বন্ধ হৈ পৰে। ঠিক তেনেদৰে নিশা দোকানসমূহ বন্ধ হোৱাৰ পিছতো গভীৰ নিশা আন এখন বজাৰ বহে। নিশা ১ বজাতো ইয়াত বিপুল জনসমাগম দেখা যায়। নৈশ বজাৰতো মানুহে বহুত বজাৰ কৰে। ইয়াত বহুতো দোকানী আছে, যাৰ কেইবাটাও প্ৰজন্মই এই ব্যৱসায় কৰি আহিছে। হিন্দু সম্প্ৰদায়ৰ টুপী বিক্ৰেতা সঞ্জুৱে কয় যে, তেওঁৰ পৰিয়ালে যোৱা তিনিটা প্ৰজন্মৰ পৰা টুপী বিক্ৰী কৰি আহিছে।
ব্যৱসায়ীজনে কয়, "যেতিয়া মুছলমান ভাইসকলে আমাৰ টুপী পিন্ধি নামাজ কৰে, তেতিয়া আমি আধ্যাত্মিক শান্তি অনুভৱ কৰো। দিল্লীৰ সদৰ বজাৰৰ এজন হিন্দু ব্যৱসায়ীৰ পৰা আমি টুপীবোৰ কিনো আৰু এইবোৰ আমি মুছলমান ভাইসকলৰ তাত বিক্ৰী কৰো। মুছলমানসকলে আমাৰ হিন্দু দেৱ-দেৱীৰ মূৰ্তি তৈয়াৰ কৰে আৰু সেইবোৰ আমি পূজাত ব্যৱহাৰ কৰো। এই পৃথিৱীত সকলোৱে কোনোবা নহয় কোনোবা কামৰ বাবে ইজনে সিজনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এয়াই আমাৰ দেশৰ একতা-সম্প্ৰীতিৰ ইতিহাস।"
(লেখক এজন কবি, গল্পকাৰ আৰু সাংবাদিক)