বিবাহৰ উৰা বাতৰিৰ মাজতে ছানিয়া মিৰ্জাই ঘোষণা কৰিলে এই সিদ্ধান্ত; শ্বেয়াৰ কৰিলে ভিডিঅ'

Story by  atv | Posted by  [email protected] • 1 Months ago
নিজৰ টেনিছ একাডেমীত ছানিয়া মিৰ্জা (ফাইল ফটো)
নিজৰ টেনিছ একাডেমীত ছানিয়া মিৰ্জা (ফাইল ফটো)
 
মুম্বাই

ভাৰতৰ টেনিছ তাৰকা ছানিয়া মিৰ্জাই সম্প্ৰতি ইনষ্টাগ্ৰামত অতি সক্ৰিয় হৈ আছে আৰু নিয়মিতভাৱে তেওঁ নিজৰ অনুৰাগীসকলক দৈনন্দিন জীৱন আৰু ৰুটিনৰ বিষয়ে আপডেট কৰি আছে। সঘনাই নিজৰ মনোমোহা ফটো তথা প্ৰেৰণাদায়ক বাৰ্তাৰে ছানিয়াই অনুৰাগীৰ মনোযোগ আকৰ্ষণ কৰে।
 
চলিত বৰ্ষৰ আৰম্ভণিতে পাকিস্তানী ক্ৰিকেটাৰ তথা পূৰ্বৰ জীৱনসংগী শ্বোৱাইব মালিকৰ সৈতে বিচ্ছেদ ঘটা ছানিয়াই এই দুখৰ সময়ৰ পিছৰে পৰা ইছলাম আৰু মানসিক শান্তিৰ সৈতে জড়িত কেইবাটাও ৰহস্যময় বাৰ্তা ইনষ্টাগ্ৰামত পোষ্ট কৰিছে। অৱশ্যে, মোহময়ী টেনিছ তাৰকাগৰাকীয়ে এইবাৰ খেলক লৈ এটা বিশেষ ভিডিঅ’ পোষ্ট কৰিছে।
 
 
ভিডিঅ’টোত ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণৰ এক শিবিৰ আয়োজনৰ বিষয়ে উল্লেখ কৰে। মনকৰিবলগীয়া যে, প্ৰতিভাৱান খেলুৱৈসকলক উন্নত মানৰ প্ৰশিক্ষণৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে ২০১৩ চনৰ মাৰ্চ মাহত স্থাপন কৰা হৈছিল ছানিয়া মিৰ্জা টেনিছ একাডেমী। তেওঁৰ এই একাডেমীয়ে অহা ৯–১৩ ছেপ্টেম্বৰলৈ পাঁচ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ১২ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুসকলক অংশগ্ৰহণ কৰিবলৈ ছানিয়াই আহ্বান জনাইছে। 
 
যুৱ প্ৰতিভাৱান খেলুৱৈসকলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিছ খেলুৱৈ গঢ়ি দিয়াৰ লক্ষ্যৰে তেওঁ শিবিৰৰ আয়োজন কৰিছে। এইধৰণৰ অনুষ্ঠানৰ মাজত নিজকে ব্যস্ত কৰি ছানিয়া মিৰ্জাই পাৰিবাৰিক দুখ-বেদনা দূৰ কৰিছে আৰু সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতাও প্ৰদৰ্শন কৰিছে। 
 

পাকিস্তানী ক্ৰিকেটাৰ শ্বোৱাইব মালিকৰ সৈতে বিচ্ছেদ হোৱাৰ পিছতো ছানিয়া মিৰ্জাই নিজৰ মনোবল হেৰুওৱা নাই আৰু নিজৰ কাম সঠিকভাৱে কৰি গৈছে। বিভিন্ন আগশাৰীৰ ব্ৰেণ্ডৰ সৈতে বাণিজ্যিক চুক্তিত স্বাক্ষৰ কৰি তেওঁ মোটা অংকৰ ধনো উপাৰ্জন কৰি আছে। 

কিছুদিন আগতে ভাৰতীয় ক্ৰিকেট খেলুৱৈ মহম্মদ ছামিৰ সৈতে ছানিয়া মিৰ্জাৰ বিবাহৰ কথা চৰ্চালৈ আহিছিল। অৱশ্যে, দুয়োগৰাকী চেলিব্ৰিটীয়ে ইয়াক উৰা বাতৰি বুলি স্পষ্ট কৰিছে।