মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ আটাইতকৈ বৰ্ষীয়ান প্ৰতিযোগী হিচাপে ইতিহাস ৰচনা ৮০ বছৰীয়া বৃদ্ধৰ

Story by  atv | Posted by  Munni Begum • 4 d ago
 দক্ষিণ কোৰিয়াৰ ৮০ বছৰীয়া মডেল 'চয়ী ছুন-হৱা'
দক্ষিণ কোৰিয়াৰ ৮০ বছৰীয়া মডেল 'চয়ী ছুন-হৱা'
 
ছিউল
 
৮০ বছৰীয়া দক্ষিণ কোৰিয়াৰ এগৰাকী মডেলে ইতিহাস ৰচনা কৰি মিছ ইউনিভাৰ্ছ কোৰিয়া প্ৰতিযোগিতাত আটাইতকৈ বয়সীয়াল প্ৰতিযোগী হিচাপে পৰিগণিত হৈছে। বগা চুলি আৰু যৌৱন মনোভাৱৰ সৈতে মডেল 'চয়ী ছুন-হৱা'ই তেওঁতকৈ বহু দশক সৰু সতীৰ্থ প্ৰতিযোগীৰ মাজত থিয় দিছে যদিও বয়স যে মাত্ৰ এটা সংখ্যা সেয়া প্ৰমাণ কৰিছে। 
 
১৯৫২ চনত প্ৰথম মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ প্ৰায় এদশক পূৰ্বে ১৯৪৩ চনত জন্মগ্ৰহণ কৰা যুৱতী চয়ীয়ে এই নৱেম্বৰ মাহত মেক্সিকোত অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছৰ ফাইনেলত দক্ষিণ কোৰিয়াক প্ৰতিনিধিত্ব কৰিব আৰু যদি এই সৌন্দৰ্যৰ খিতাপ জয় কৰে, তেন্তে এক ইতিহাস ৰচনা  হব। সোমবাৰে মিছ ইউনিভাৰ্ছৰ ফাইনেলৰ বাবে আন ৩১ গৰাকী যুৱতীৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰিব চয়ীয়ে। 
 
চয়ী ছুন-হৱা ৰেম্পৱাক কৰি থকা এক দৃশ্য
 
বয়সৰ সংখ্যা বেছি যদিও চয়ীয়ে নিজৰ সামৰ্থ্যৰ ওপৰত আত্মবিশ্বাসী আৰু আগন্তুক প্ৰতিযোগিতাখনৰ বাবে যথেষ্ট উৎসাহিত। তেওঁ কয়, "মই বিশ্ববাসীক স্তম্ভিত কৰিব বিচাৰো, যেনে এগৰাকী ৮০ বছৰীয়া মহিলা কেনেকৈ ইমান সুস্থ? তেওঁ তেওঁৰ শৰীৰটো কেনেকৈ ৰক্ষা কৰি আহিছে? তেওঁৰ খাদ্যাভাস কি?"   
 
আধুনিকীকৰণৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই মিছ ইউনিভাৰ্ছ অৰ্গেনাইজেশ্যনে পূৰ্বে ২৮ বছৰ বয়সৰ উচ্চ সীমা উঠাই দিয়াৰ পিছত চয়ীয়ে এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে বুলি তেওঁ মন্তব্য কৰিছে।
 
মডেলিঙৰ সফল কেৰিয়াৰৰ পিছতে পেজেণ্ট্ৰিত পলমকৈ প্ৰৱেশ কৰিছে চয়ীয়ে। ৫০ বছৰ বয়সত আৰ্থিক অসুবিধাৰ সন্মুখীন হোৱাৰ পিছত ৭২ বছৰ বয়সত মডেলিং কৰাৰ পূৰ্বে চিকিৎসালয়ৰ যত্ন লোৱা ব্যক্তি হিচাপে কাম কৰিছিল তেওঁ। এজন ৰোগীৰ দ্বাৰা উৎসাহিত হৈ তেওঁ প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু অৱশেষত ৭৪ বছৰ বয়সত ছিউল ফেশ্বন উইকত ৰাণৱেত আত্মপ্ৰকাশ কৰিছিল চয়ীয়ে। তেওঁ হাৰ্পাৰছ বাজাৰ আৰু এলেৰ দৰে আলোচনীৰ লগতে দক্ষিণ কোৰিয়াৰ জনপ্ৰিয় ব্ৰেণ্ডৰ বিজ্ঞাপনতো কাম কৰিছে।
 
মিছ ইউনিভাৰ্ছৰ ফাইনেলৰ প্ৰতিযোগীসকলৰ সৈতে চয়ী ছুন-হৱা 
 
চয়ীয়ে কয় যে, "মডেল হোৱাটো মোৰ বাবে নতুন পথৰ দুৱাৰ মুকলি কৰাৰ দৰেই আছিল।" সোমবাৰে অনুষ্ঠিত হ’বলগীয়া মিছ ইউনিভাৰ্ছ কোৰিয়া প্ৰতিযোগিতাত বিভিন্ন ধৰণৰ অনুষ্ঠান অনুষ্ঠিত হ’ব, য’ত চয়ীয়ে গীতৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰতিযোগিতাখনৰ বাহ্যিক আৰু ভিতৰৰ দুয়োটা সৌন্দৰ্য্যৰ ওপৰত বিচাৰ কৰা হ’ব, অনলাইন ভোটিংও চূড়ান্ত সিদ্ধান্তৰ কাৰক হিচাপে লোৱা হ’ব। 
 
যদি তেওঁ জয়ী হয়, তেন্তে চয়ী ছুন-হৱা হ’ব বিশ্বব্যাপী এতিয়ালৈকে হোৱা মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আটাইতকৈ বয়সীয়াল প্ৰতিযোগী।