ৰমজানত আড়ম্বৰপূৰ্ণ খাদ্য পৰিহাৰ কৰক

Story by  Munni Begum | Posted by  Munni Begum • 7 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
মুন্নী বেগম / গুৱাহাটী 
 
ৰমজান হৈছে আত্মনিয়ন্ত্ৰণ, আত্মচৰ্চা আৰু আধ্যাত্মিকতা বৃদ্ধি কৰাৰ এক সৰ্বোত্তম পবিত্ৰ মাহ। ৰমজানৰ সম্পূৰ্ণ এমাহ পুৱাৰে পৰা সূৰ্যস্ত যোৱালৈ উপবাসে থকাৰ সময়ছোৱাত শৰীৰক পুষ্টি, শক্তি, সুস্থ কৰি ৰাখিবলৈ সুষম খাদ্য গ্ৰহণ কৰাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ মাজত এনে বহুলোক আছে, যিসকলে ৰমজানত স্বাস্থ্যসন্মত খাদ্য খোৱাৰ দিশটোক অৱহেলা কৰি আড়ম্বৰপূৰ্ণ খাদ্য খোৱাৰ ওপৰতহে আধিক গুৰুত্ব দিয়ে। 
 
প্ৰকৃততে ৰমজানত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰাটো শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ। সেয়েহে সুপৰিকল্পিত খাদ্য নাখায় দীঘলীয়া সময়ৰ বাবে উপবাস কৰিলে শৰীৰক ক্ষতি কৰিব পাৰে। সুষম খাদ্যই শৰীৰক প্ৰয়োজনীয় পুষ্টিকৰ উপাদান প্ৰদান কৰে, শক্তিৰ মাত্ৰা বজাই ৰাখে। খাদ্য সঠিকভাৱে নিৰ্ধাৰণ কৰি নল'লে শৰীৰত ভাগৰুৱা, তৃষ্ণাতুৰ, পাচনতন্ত্ৰৰ সমস্যা, আনকি ওজন বৃদ্ধিৰ দৰে সমস্যাও হ’ব পাৰে। ইয়াৰোপৰি ইফটাৰৰ সময়ত অতিমাত্ৰা খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব লাগে। 
 

প্ৰতিনিধিত্বমূলক ছবি
 
ছেহেৰীত কি খাব লাগে
 
ছেহেৰী হৈছে ৰোজৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। কিয়নো এই খাদ্যই সম্পূৰ্ণ দিনটোৰ বাবে আপোনাৰ শৰীৰত শক্তি আৰু হাইড্ৰেচন বজাই ৰখাত সহায় কৰে। ছেহেৰীত যিমান সম্ভাৱ সুষম খাদ্য অন্তৰ্ভুক্ত কৰিব লাগে।  

সংমিশ্ৰিত কাৰ্বহাইড্ৰেট: অটছ, ঘেঁহুৰ ৰুটি, ব্ৰাউন ৰাইচ আৰু দালিয়া ইত্যাদি গোটা শস্য, উচ্চ আঁহযুক্ত শস্য ক্ৰমে মিঠা আলু আদি। এই খাদ্যবোৰ হজম হ’বলৈ বেছি সময় লাগে, যাৰ ফলত শৰীৰক দীৰ্ঘ সময়লৈকে শক্তি যোগান ধৰে।  
 
প্ৰটিন সমৃদ্ধ খাদ্য: কণী, গ্ৰীক দৈ, চীজ, বীন আৰু মচুৰ দাইল আদিৰ প্ৰটিনে পেশীৰ মজবুত কৰে আৰু ভোক নিবাৰণ কৰে।

স্বাস্থ্যকৰ চৰ্বি: বাদাম, কাঠবাদাম, আখৰোট, চিয়া চিড, ফ্লেক্সচিড, এভোকাডো, অলিভ তেল আদিৰ স্বাস্থ্যকৰ চৰ্বিয়ে হজম শক্তি লেহেমীয়া কৰে আৰু শৰীৰক এক স্থিৰ শক্তি প্ৰদান কৰে।  

হাইড্ৰেচন আৰু ইলেক্ট্ৰলাইট: ৰমজানৰ সময়ছোৱাত পানী অন্ততঃ ২-৩ গিলাচ খাব লাগে। নাৰিকল পানী (প্ৰাকৃতিক ইলেক্ট্ৰ'লাইট থাকে), তৰমুজ, কমলা আৰু তিয়ঁহ দৰে ফল (উচ্চমাত্ৰাত পানী থাকে) খাব লাগে। কেফেইন জাতীয় পানীয় ক্ৰমে কফি, চাহ, চ’ডা আদি পৰিহাৰ কৰিব লাগে, কিয়নো ই শৰীৰক তৃষ্ণাতুৰ অনুভৱ কৰোৱাই।   
 

প্ৰ'টিন আৰু আঁহযুক্ত খাদ্য
 
ইফটাৰৰ বাবে সৰ্বোত্তম খাদ্য 
 
ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰোজা ৰখাৰ পিছত ইফটাৰ কৰিবলৈ সন্ধিয়া শৰীৰক এক কোমল আৰু পুষ্টিকৰ আহাৰৰ প্ৰয়োজন হয়। ইয়াৰ বাবে সৰ্বোত্তম খাদ্য হ'ল প্ৰথমে খেজুৰ আৰু পানীৰে ইফটাৰ কৰিব। কিয়নো খেজুৰে প্ৰাকৃতিক মিঠা, আঁহ আৰু প্ৰয়োজনীয় খনিজ পদাৰ্থৰ সৈতে শৰীৰক দ্ৰুত শক্তি প্ৰদান কৰে। পানীয়ে শৰীৰক পুনৰ হাইড্ৰেট কৰাত সহায় কৰে আৰু পেটক হজমৰ বাবে প্ৰস্তুত কৰে।
 
ইয়াৰ পিছতে হজম শক্তি সহজ কৰি তুলিবলৈ সতেজ ফল বা স্মুদি, সৰু বাটিত চুপ ক্ৰমে মচুৰ দাইল, শাক-পাচলি, কুকুৰাৰ চুপ আৰু এমুঠিমান কাঠবাদাম আদি লঘু খাদ্য গ্ৰহণ কৰিব লাগে। গোটেই সন্ধিয়াটো শৰীৰক হাইড্ৰেট কৰি ৰখাৰ বাবে ছেহেৰী আৰু ইফটাৰত অবিৰতভাৱে পানী খাব লাগে। এই সময়ছোৱাত চেনিযুক্ত ৰস আৰু চ'ডা পৰিহাৰ কৰিব লাগে। কিয়নো এনে খাদ্যই তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি কৰে আৰু তৃষ্ণাতুৰ কৰি তোলে। 
 
ৰমজানৰ সময়ত পৰিহাৰ কৰিবলগীয়া খাদ্য
 
কিছুমান বিশেষ খাদ্যই ৰমজানৰ সময়ত শৰীৰক ভাগৰুৱা, পাচনতন্ত্ৰৰ সমস্যা,  তৃষ্ণাতুৰ অনুভৱ কৰা আদিৰ দৰে সমস্যা সৃষ্টি কৰিব পাৰে, যাৰ ফলত ৰোজা পালন কৰাটো কঠিন হৈ পৰে। সেয়েহে এই সময়ছোৱাত ভজা আৰু তেলীয়া খাদ্য ক্ৰমে শিঙৰা, ডিপ ফ্ৰাইড স্নেক, অত্যাধিক মছলা আৰু তেলযুক্ত ব্যঞ্জন, পেষ্ট্ৰি, কেক, মিঠাই, বগা আটাৰ ৰুটি, বগা চাউল, চেনিযুক্ত শস্য, চিপচ, আচাৰ আৰু টেঙা খাদ্য যিয়ে পিয়াহ বৃদ্ধি কৰে সেইবোৰ পৰিহাৰ কৰিব লাগে। কফি আৰু চাহ খালেও পিয়াহ লগা অনুভৱ হয়। 
 

ইফটাৰত এগৰাকী ব্যক্তিয়ে পানী খোৱা এক দৃশ্য
 
ৰমজানৰ সময়ত সাধাৰনে কৰা কিছুমান ভূল 
 
বহুলোক আছে যিসকলে ৰমজানৰ ছেহেৰীৰ সময়ত একেইবাৰে কম খাদ্য খায় অথবা পানীৰ বাহিৰে একোৱেই নাখায়। কিন্তু এনে কৰিলে সম্পূৰ্ণ দিনটো শৰীৰে দুৰ্বল আৰু তৃষ্ণাতুৰ অনুভৱ কৰে। সেয়েহে ছেহেৰী কেতিয়াও নখোৱাকৈ থাকিব নালাগে। আনহাতে এনে বহুলোক আছে যিয়ে ইফটাৰৰ সময়ত অতিমাত্ৰা খাদ্য খায় দিয়ে। কিন্তু এনেও কৰিব নালাগে, কিয়নো ইফটাৰত অতিমাত্ৰা অৰ্থাৎ প্ৰয়োজনতকৈ বেছি আৰু বেছি খৰকৈ খাদ্য খালে পেট ফুলা আৰু বদহজম হব পাৰে।   
 
সাধাৰণতে ছেহেৰী তথা ইফটাৰৰ সময়ত পানী কমকৈ খোৱা হয়। কিন্তু শৰীৰত পানীৰ মাত্ৰা কমিলে পিয়াহ লগা, মূৰৰ বিষ আৰু ভাগৰুৱা অনুভৱ হয়। সেয়েহে এই সময়ছোৱাত পৰ্যাপ্ত পানী সেৱন কৰিব লাগে। 
 
অত্যাধিক চেনিযুক্ত বা ভজা খাদ্যবোৰ সোৱাদযুক্ত হোৱাৰ বাবে বহু লোকৰ ছেহেৰী তথা ইফটাৰৰ সময়ত এইবোৰ পছন্দৰ খাদ্য হৈ পৰে। কিন্তু অত্যাধিক চেনিযুক্ত বা ভজা খাদ্য খোৱাৰ ফলত ওজন বৃদ্ধি আৰু হজম শক্তি বিৰূপ প্ৰভাৱ পৰিব পাৰে। যদি সম্ভৱ এনে খাদ্য পৰিহাৰ কৰাটোৱে উত্তম।   
 
ৰমজানৰ সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে অতি মনোযোগ আৰু আনন্দেৰে খাদ্য গ্ৰহণ কৰিব লাগে। কিয়নো ৰমজান হৈছে আত্ম-অনুশাসনৰ সময় আৰু ই খাদ্যৰ নিৰ্বাচনলৈকে বিস্তৃত। মনযোগেৰে খাদ্য গ্ৰহণ কৰা, পুষ্টিকৰ খাদ্যত মনোনিৱেশ কৰা আৰু শৰীৰকক পৰ্যাপ্ত পানী যোগান ধৰাটোৱে ৰোজা পালনক সহজ আৰু অধিক উপকাৰী কৰি তুলিব পাৰে। ছেহেৰী আৰু ইফটাৰত সুষম খাদ্য গ্ৰহণ কৰিলে শৰীৰে শক্তিশালী অনুভৱ কৰিব, স্বাস্থ্যজনিত সমস্যাৰ পৰা দূৰত থাকিব।