পর্যটকৰ বাবে কাজিৰঙাত মুকলি বার্ড ছাফাৰী

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী  
 
এটা-দুটা প্রজাতি নহয়, তিনি শতাধিক প্ৰজাতিৰ বিভিন্ন চৰাইৰ কলৰৱত প্রতি পুৱাই মুখৰ হৈ পৰে কাজিৰঙাৰ পাণবাৰী। সম্প্রতি কাজিৰঙা পর্যটনত পর্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাৰ বাবেই সোমবাৰৰ পৰা এক নতুন সংযোজন হিচাপে আৰম্ভ কৰা হৈছে পাণবাৰীৰ বার্ড ছাফাৰী। বিশেষকৈ পক্ষী চাই ভালপোৱা পর্যটকসকলৰ বাবে কাজিৰঙাৰ পাণবাৰী সংৰক্ষিত বনাঞ্চল মুকলিৰ বতৰাটো সঁচাকৈয়ে এটা ভাল খবৰ হিচাপে চিহ্নিত হৈছে। 
 
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কঁহৰা আৰু অগৰাতলী বনাঞ্চলৰ দক্ষিণে থকা এই পাণবাৰী সংৰক্ষিত বনাঞ্চল বার্ড ছাফাৰীৰ বাবে মুকলি কৰাৰ পিচতে উদ্যান কর্তৃপক্ষৰ তৰফৰ পৰা জানিবলৈ দিয়ামতে বার্ড ছাফাৰীৰ বাবে পর্যটকে অনলাইন প্রি-বুকিং কৰিব লাগিব। সম্প্রতি এদিনত সর্বাধিক তিনিখন বন বিভাগৰ পঞ্জীয়নভুক্ত জীপছি আৰু বাৰজন ব্যক্তিৰ প্রৱেশৰ অনুমতি থকা বনাঞ্চলত প্রৱেশৰ সময় পুৱা ছয় বজাত আৰু প্ৰস্থানৰ সময় দিনৰ দহ বজাত হ'ব।
 
সেই অনুসৰি, প্ৰৱেশ পইন্ট পাণবাৰী উপ-বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ আৰু প্রস্থান পইন্ট হ'ব মদাৰজুৰি। এই বনাঞ্চলত ৮.২ কিলোমিটাৰ, দৈর্ঘ্যৰ পথছোৱা পর্যটকে ভ্রমণ কৰাৰ সুবিধা আছে। বনাঞ্চলত প্রৱেশ কৰিলে লগত এজন বনকর্মী আৰু এজনকৈ স্থানীয় গাইড নিয়াটো বাধ্যতামূলক বুলি জানিবলৈ দি উদ্যান কর্তৃপক্ষই সদৰী কৰে যে, ছাফাৰীৰ সময়ত পর্যটক জীপৰ ভিতৰত থকাটো বাধ্যতামূলক। পর্যটক কেৱল নির্বাচিত স্থানত বাহনৰ পৰা নামিব পাৰিব। 
 
উদ্যানৰ সহকাৰী বন সংৰক্ষক অলেক ছাক্সেনা, কঁহৰা বনাঞ্চলৰ বন বিষয়া বিভূতিৰঞ্জন গগৈ, অগৰাতলী বনাঞ্চলৰ বন বিষয়া বিদ্যুৎ বিকাশ বৰা, বোকাখাত বনাঞ্চলৰ বন বিষয়া মনজিৎ সোনোৱাল, পর্যটন ব্যৱসায়ী অনিমেষ শইকীয়া আদিৰ উপস্থিতিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড° সোণালী ঘোষে ফিটা কাটি আনুষ্ঠানিকভাৱে পাণবাৰী সংৰক্ষিত বনাঞ্চল পর্যটকৰ বাবে মুকলি কৰিছে। 
 
উল্লেখযোগ্য যে, বিশেষভাৱে পক্ষী নিৰীক্ষণ সংৰক্ষিত বনাঞ্চল হিচাপে খ্যাত পাণবাৰী সংৰক্ষিত বনাঞ্চলত বিশেষকৈ বিভিন্ন প্রকাৰৰ চৰাইৰ ফটোগ্রাফীৰ বাবে আটাইতকৈ সুবিধাজনক হ'ব। নতুনকৈ মুকলি কৰা পাণবাৰী সংৰক্ষিত বনাঞ্চলত প্রধানকৈ তিনিশবিধ বিভিন্ন প্রজাতিৰ চৰাই, টুপিমুৰীয়া বান্দৰ, হাতী, হৰিণৰ উপৰি প্ৰথমবাৰৰ বাবে কাজিৰঙাত দেখা পোৱা ব্লু এণ্ড হোৱাইট ফ্লাইংকেটচাৰ, জাপানী ফ্লাইংকেটচাৰ আদি দেখাৰ সৌভাগ্য পর্যটকৰ হ'ব বুলি সঞ্চালকে মত প্রকাশ কৰিছে।