আৰিফুল ইছলাম / গুৱাহাটী
ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী। ভোগালী বুলি ক'লেই আমাৰ মনলৈ গাঁৱৰ সেই নিভাঁজ দৃশ্যসমূহ মনলৈ আহে। চহৰৰ ব্যস্ততাপূৰ্ণ জীৱনত গাঁৱৰ দৰে বিহুৰ আনন্দ যেন কল্পনাতীত। কিন্তু কংক্ৰিটৰ মহানগৰী গুৱাহাটীতো ভোগালী বিহুক আদৰাৰ বাবে প্ৰস্তুতি তুংগত উঠিছে। এইবেলি ভোগালীৰ আনন্দত গুৱাহাটীৰ এখন বিহু সমিতিয়ে সম্পূৰ্ণ গাঁৱৰ পৰিৱেশ সৃষ্টি কৰি মহানগৰীবাসীক চহা জীৱনৰ আভাষ দিবলৈ চেষ্টা কৰিছে। খেৰ আৰু বাঁহেৰে ভেলাঘৰ আৰু মেজি প্ৰস্তুত কৰাৰ লগতে তাত গাঁৱৰ আৰ্হিত এখন সুন্দৰ গাঁও নিৰ্মানৰ কাম চলি আছে।
ষষ্ঠ বৰ্ষত ভৰি দিয়া পাথৰকুৱেৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে বিগত বছৰবোৰৰ দৰে এইবেলিও বর্ণাঢ্য কাৰ্যসূচীৰে ৭ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰত ভোগালী বিহু উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে।পশ্চিম মায়াং আৰু বৰবিলাৰ পৰা অহা কাৰিকৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি নাৰেংগী ক্ৰীড়া সন্থাৰ খেলপথাৰতে এখন গাঁও সাজিছে।
নিৰ্মীয়মান এই গাঁওখনতে আছে এটা গোহালি ঘৰ,ভঁৰাল ঘৰ,ঢেঁকী শাল,নামঘৰ, মাছ-মেটেকাৰে ভৰি থকা পুখুৰী,বাঁহৰ দলং আদি। লগতে থাকিব সু-উচ্চ মেজি,আকৰ্ষণীয় ভেলাঘৰ। উদযাপন সমিতিৰ কৰ্মকৰ্তাৰ পৰা জানিব পৰা মতে, ৭ জানুৱাৰীৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা "ভোগালী মেলা"ত পূহমহীয়া জাৰৰ শীতল অনুভৱৰ মাজতে জুইৰ উত্তাপ লৈ প্ৰতিদিনে সন্ধিয়া উপভোগ কৰিব পাৰিব অসমৰ কেইবাগৰাকী জনপ্ৰিয় শিল্পীৰ গীত-মাত আৰু নৃত্যৰ আকৰ্ষণীয় অনুষ্ঠান।
পাথৰকুৱেৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ বিত্তীয় সম্পাদক নৱ গোস্বামীয়ে 'আৱাজ দ্য ভইচ'ৰ আগত কয়; "আমাৰ ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে ষষ্ঠ বৰ্ষৰ বাবে ভোগালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ। কংক্ৰীটৰ মহানগৰীত আচলতে গাঁৱৰ চহা জীৱনৰ ভোগালীৰ মাদকতাটো নাই। কৃষকে খেতি চপোৱাৰ পিছত ভঁৰালত ধান উভৈনদী হৈ পৰে আৰু গাঁৱৰ ৰাইজে আনন্দৰে ভোগালী উৎসৱ উদযাপন কৰে। ভোগালী বুলি ক'লে কেৱল লাড়ু-পিঠায়ে নহয়, সেইবাবে এইবাৰ আমি গ্ৰাম্য জীৱনৰ এক প্ৰতিচ্ছবি দাঙি ধৰিবৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ দ্বাৰা আমাৰ গুৱাহাটীৰ নৱ-প্ৰজন্মই গ্ৰাম্য জীৱনৰ জীৱনশৈলীটো দেখিবলৈ পাব। প্ৰতিবাৰেই আমি অকণমান ব্যতিক্ৰমী কৰিব চেষ্টা কৰোঁ, যোৱা বছৰ আমি দুমহলীয়া ভেলাঘৰ এটা সাজিছিলোঁ।"
পাথৰকুৱেৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়াসকল
পাথৰকুৱেৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ ডেকাই কয়; "আমি কৰ্মসূত্ৰে বা বিভিন্ন কাৰণত গাঁৱৰ পৰা যিহেতু চহৰমুখী হ'বলৈ লৈছোঁ, তেনে সময়ত আমি চহা জীৱনৰ মাদকতা কংক্ৰীটৰ মহানগৰীত হেৰুৱাই পেলাইছোঁ। ইয়াতে আমি ভেলাঘৰ এটা বনাবলৈ খেৰ বা নৰাৰ অভাৱ, মুকলি ঠাইৰ অভাৱ। এইবাৰ ইয়াত আমি এখন অস্থায়ী অসমীয়া নিভাঁজ গাঁও নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে, ৭ জানুৱাৰীৰ পৰা আমাৰ 'ভোগালী মেলা'ৰ কাৰ্যসূচী আৰম্ভ হৈ গৈছে। প্ৰতিদিনেই আমাৰ গীত-মাতৰ অনুষ্ঠান আছে। লগতে আমাৰ ইয়াতে আমি বিভিন্ন থলুৱা বিপণী বহুৱাইছোঁ, য'ত পৰম্পৰাগত অসমীয়া খাদ্য সম্ভাৰ দেখিবলৈ পাব। বিহুৰ দিনা আমাৰ মেজি প্ৰজ্জ্বলন কাৰ্যসূচী আছে, লগতে পৰম্পৰাগত খেল-ধেমালি থাকিব। তাৰোপৰি, আমি জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদ গ্ৰহণৰো এক অনুষ্ঠান আয়োজন কৰিছো। ১৪ জানুৱাৰীৰ পুৱাৰ পৰা সন্ধিয়ালৈ এই কাৰ্যসূচীসমূহ আমি সফলভাৱে ৰূপায়ন কৰিবলৈ চেষ্টা কৰিম।"
উল্লেখযোগ্য যে, উদযাপন সমিতিয়ে থলুৱা তথা জনগোষ্ঠীয় খাদ্য সম্ভাৰৰ জুতি ল'বলৈ ৩০ৰো অধিক থলুৱা বিপণীৰ ব্যৱস্থা কৰা হৈছে। ইয়াত লাড়ু, পিঠা, দৈ, মিঠৈ, কোমল চাউল, চাহ-জলপান আদিৰে ভৰি পৰিছে। আনহাতে বিভিন্ন খেলৰো আয়োজন কৰা হৈছে। 'ভোগালী মেলা' চাবলৈ অহা লোকসকলে বিভিন্ন নতুন নতুন খেল খেলিও আনন্দ লাভ কৰিব পাৰিব।
পাথৰকুৱেৰী ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে নিৰ্মান কৰা গাঁৱৰ এক দৃশ্য
পাথৰকুৱেৰী বিহু উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা 'ভোগালী মেলা'ত অসমৰ বিভিন্ন ঠাইৰ পৰা বিপণী আহে। যোৱা বছৰ এই সমিতিয়ে প্ৰস্তুত কৰা দুমহলীয়া ভেলাঘৰ চাবলৈ ইংলেণ্ড আৰু নেদাৰলেণ্ডৰ পৰাও পৰ্যটক আহিছিল বুলি যুটীয়া সম্পাদক দিগন্ত ডেকাই জানিবলৈ দিয়ে। ৭ জানুৱাৰীৰ পৰা ১৪ জানুৱাৰীলৈ অনুষ্ঠিত এই ভোগালী মেলাত উৰুকাৰ নিশা উদযাপন সীমিতৰ সকলো সদস্যই একেলগে এসাজ খাই ভোগালীৰ আনন্দ উদযাপন কৰিব।
প্রায় ৭ দিন ধৰি আয়োজিত এই মেলাত খেলপথাৰখন যথেষ্ট লেতেৰা হয়, গতিকে উদযাপন সমিতিয়ে মেলাৰ অন্তিম দিনা খেলপথাৰখন সম্পূৰ্ণ স্বচ্ছ আৰু পৰিষ্কাৰ কৰাৰ ব্যৱস্থা কৰে।