আৰিফুল ইছলাম / গুৱাহাটী
কাইলৈ পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলতো খ্ৰীষ্টান ধৰ্মৰ লোকসকলে এই ধৰ্মীয় উৎসৱ ব্যাপক উলহ-মালহেৰে উদযাপন কৰিবলৈ সাজু হৈছে। প্ৰতিবছৰে ২৫ ডিচেম্বৰৰ দিনটোত যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষে এই উৎসৱ পালন কৰা হয়। বৰদিনত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে জাক-জমকতাৰ উপৰিও খাদ্যৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰে।
গুৱাহাটীৰ ঐতিহাসিক বেকেৰী প্ৰতিষ্ঠান শ্বেইখ ব্ৰাডাৰ্চ অবিহনে যেন উত্তৰ-পূৰ্বাঞ্চলত বৰদিন অসম্পূৰ্ণ। ব্ৰিটিছ শাসনৰ পৰা বৰ্তমানলৈ, হেণ্ড মেড চকলেটৰ পৰা প্লাম কেকলৈ... তাহানিৰে পৰা বৰদিন উদযাপনত শ্বেইখ ব্ৰাডাৰ্চে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
১৮৮৫ চনতে স্থাপিত শ্বেইখ ব্ৰাডাৰ্চে এতিয়াও গ্ৰাহকৰ মন জয় কৰি আহিছে। প্ৰতিটো উৎসৱত শ্বেইখ ব্ৰাডাৰ্চৰ সুস্বাদু বেকেৰী আইটেমে গ্ৰাহকৰ মুখলৈ হাঁহি বিৰিঙাই আনে। এইবাৰো কোনো ব্যতিক্ৰম নহয়। বৰদিন উপলক্ষে শ্বেইখ ব্ৰাডাৰ্চত উখল-মাখল পৰিবেশ। বৰদিন বিশেষ প্লাম কেক, ফ্ৰুটছ কেক, বাটাৰ কেক ক্ৰয় কৰিবলৈ গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা আহি ভিৰ কৰিছে গ্ৰাহকে। লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহলৈও বৰদিনৰ বিশেষ সামগ্ৰী পঠোৱা হৈছে।
উল্লেখযোগ্য যে, ব্ৰিটিছ শাসনকালতো বৰদিন উদযাপনৰ বাবে শ্বেইখ ব্ৰাডাৰ্চে বিশেষ আইটেম প্ৰস্তুত কৰিছিল। সেই সময়ত ব্ৰিটিছসকলে বৰদিনত হেণ্ড মেড চকলেট বেছিকৈ ক্ৰয় কৰিছিল। শ্বেইখ ব্ৰাডাৰ্চৰ চতুৰ্থ প্ৰজন্মৰ সন্তান শ্বেইখ ৰোহান নাৱাজে আৱাজ-দ্য ভইচ'ৰ সন্মুখত কয়; "আমাৰ বেকেৰীত বৰদিনত যথেষ্ট ভিৰ হয়। প্ৰতিটো উৎসৱত শ্বেইখ ব্ৰাডাৰ্চত গ্ৰাহকে ভিৰ কৰে। আমাৰ গ্ৰাহকবোৰে যেতিয়া আমাৰ সামগ্ৰী ক্ৰয় কৰি খাই ভাল পাই, তেতিয়া আমাৰো যথেষ্ট ভাল লাগে। প্ৰায় এটা শতিকা ধৰি গ্ৰাহকে আমাক মৰম দি আহিছে। সাধাৰণ দিনবোৰতো আমাৰ বিস্কুট, কেক আদি মানুহে যথেষ্ট পৰিমাণে ক্ৰয় কৰে। প্ৰতিটো উৎসৱত গ্ৰাহকৰ চাহিদা অনুযায়ী সামগ্ৰী যোগান ধৰিব পাৰিলে আমাৰ বৰ ভাল লাগে।"
গুৱাহাটী মহানগৰীত খ্ৰীষ্টমাছৰ সামগ্ৰীৰে ভৰা এখন বিপণি
উল্লেখযোগ্য যে, অন্য দিনতকৈ বৰদিনৰ সময়ত শ্বেইখ ব্ৰাডাৰ্চত ভিৰ বেছি দেখা পৰিলক্ষিত হয়। কিয়নো বৰদিনৰ সময়ত গুৱাহাটীলৈ অহা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলে শ্বেইখ ব্ৰাডাৰ্চত আহি ভিৰ কৰে।
আনহাতে, ২০২৪ চনৰ বৰদিন উদযাপনৰ বাবে ৰং বিৰঙী লাইটেৰে সুন্দৰকৈ সজোৱা হৈছে গুৱাহাটীৰ পানবজাৰস্থিত ছেইণ্ট যোছেফ কেথলিক গীৰ্জাঘৰ। বৰদিনৰ দিনা এই গীৰ্জাঘৰৰ চৌহদ হৈ পৰে সকলো ধৰ্মৰ লোকৰ বাবে এক মিলনভূমি। প্ৰতি বছৰে জাতি-ধৰ্ম-বৰ্ণ-ভাষা নিৰ্বিশেষে এই গীৰ্জাঘৰত মানুহৰ সমাগম ঘটা দেখিবলৈ পোৱা যায়।
শ্বেইখ ব্ৰাডাৰ্চৰ প্লাম কেক
তাৰোপৰি গুৱাহাটীৰ নেডফি হাটতো প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে খ্ৰীষ্টমাছ কাৰ্নিভেল। উত্তৰ-পূৱৰ সকলো ৰাজ্যৰ থলুৱা আৰু পৰম্পৰাগত খাদ্যৰে ভৰি পৰিছে নেডফি হাটৰ চৌহদ। গুৱাহাটীত বসবাস কৰা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ লোকসকলে নেডফি হাটৰ খ্ৰীষ্টমাছ কাৰ্নিভেলত নিজৰ নিজৰ থলুৱা তথা পৰম্পৰাগত খাদ্যৰ খোৱাদ ল'ব পাই আনন্দিত হোৱা দেখা গৈছে।
তাৰোপৰি, বৰদিনৰ ৰং-বিৰঙী সামগ্ৰীৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। শিলপুখুৰী, ফাঁচী বজাৰ, বেলতলা, মালিগাঁও, পানবজাৰত আদিত দেখা পোৱা গৈছে বৰদিনৰ ৰং-বিৰঙী সামগ্ৰী। বিভিন্ন আকৃতিৰ চাণ্টাক্লজ, স্ন'মেন, ষ্টাৰছ, লাইট, খ্ৰীষ্টমাছ ট্ৰি আদিয়ে আকৰ্ষিত কৰিছে গ্ৰাহকক।
নেডফি হাটতৰ খ্ৰীষ্টমাছ কাৰ্নিভেল
প্ৰতিবাৰেই গুৱাহাটীৰ শিলপুখুৰীত বিশেষ বৰদিনৰ সামগ্ৰীৰ বিপণি দিয়া ব্যৱসায়ী ভানু মেধিয়ে কয়; "বৰদিনৰ প্ৰয়োজনীয় সকলো সামগ্ৰীয়ে মোৰ ইয়াতে উপলব্ধ। বিশেষকৈ এইবাৰ ৬ ফুট উচ্চতাৰ চাণ্টাক্লজ আমি আনিছোঁ। ১৫০ টকাৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত চাণ্টাক্লজ আমাৰ ইয়াত উপলব্ধ। বিশেষকৈ এইবাৰ ব্যতিক্ৰমী হলিষ্টিক, স্ন'মেন, ষ্টাৰছ, লাইট আদি আহিছে। চাণ্টাক্লজৰ ডিজাইনবোৰ ভাল ভাল আহিছে। এইবাৰ মই ভাবিছিলো যে, যিহেতু উৰণ সেতুৰ কাম চলি আছে, সেয়েহে পাৰ্কিং নাথাকিব আৰু গ্ৰাহকৰ ভিৰ কিছু সেৰেঙা হ'ব। কিন্তু ডিভাইডাৰ ভাঙি দিয়াৰ ফলত পাৰ্কিং যথেষ্ট ওলাইছে আৰু গ্ৰাহকৰ সংখ্যাও বৃদ্ধি পাইছে। কবলৈ গ'লে ব্যৱসায় ভালেই হৈছে।"