উত্তৰ-পূৰ্বাঞ্চললৈ নতুন সম্ভাৱনা কঢ়িয়াইছে 'মাইচ' পৰ্যটনৰ ধাৰণাই

Story by  atv | Posted by  Munni Begum • 3 h ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বিগত কেইটামান বর্ষত উত্তৰ-পূবৰ আন্তঃগাঁথনি উন্নয়নে নতুন ৰূপ লাভ কৰাৰ সমান্তৰালভাৱে পৰ্যটন খণ্ডটোৰো বিকাশ ত্বৰান্বিত হৈছে। কেন্দ্ৰীয় চৰকাৰে সমগ্র দেশতে আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰাৰ সময়তে চর্চালৈ আহিছে 'মাইচ' পৰ্যটনৰ ধাৰণা। বিশেষকৈ 'মাইচ' পর্যটনে উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক ঔদ্যোগিক খণ্ডটোলৈ নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। 
 
'মাইচ' পর্যটন হৈছে সভা (Meet-ings), উদগনিমূলক পদক্ষেপ (Incentives), সম্মিলন (Conferences) আৰু প্রদর্শনী (Exhibi- tions)ৰ সংক্ষিপ্ত ৰূপ। ই এক প্ৰকাৰৰ ব্যৱসায়িক ভ্রমণক বুজায়, যিয়ে নির্দিষ্ট উদ্দেশ্যৰ বাবে বিভিন্ন গোট তথা প্রতিষ্ঠানক একত্রিত কৰে। 'মাইচ' শব্দটো পর্যটন আৰু ইভেন্ট উদ্যোগত ব্যৱসায় তথা কর্প'ৰেট পর্যটন সম্পর্কীয় এটা খণ্ডক প্রতিনিধিত্ব কৰাৰ বাবে প্রয়োগ কৰা হয়। 
 
'মাইচ' উদ্যোগৰ মুখ্য উদ্দেশ্য হৈছে ব্যবসায়, উদ্যোগ তথা শিক্ষাখণ্ডৰ বাবে এক নেটৱর্কিং মঞ্চ গঢ়ি তোলা। শেহতীয়াকৈ কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রালয়ে ভাৰতক 'মাইচ' উদ্যোগৰ শীর্ষস্থানীয় দেশ হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছে। ইয়াৰ দ্বাৰা দেশৰ ক্ষুদ্র, লঘু আৰু মজলীয়া উদ্যোগৰ পৰম্পৰাগত হস্তশিল্প তথা নির্মাণ কৌশলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰাৰ লক্ষ্য লোৱা হৈছে। 
 
পর্যটন উদ্যোগৰ সৈতে জড়িত উদ্যোগীসকলে জানিবলৈ দিয়ামতে বৃহৎ কৰ্প'ৰেট গোষ্ঠীসমূহে যোৱা কেইটামান বর্ষত 'মাইচ' অনুষ্ঠানৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক বাছি লোৱাটো অঞ্চলটোৰ বাবে শুভলক্ষণ। কর্প'ৰেট প্রতিষ্ঠানসমূহে উত্তৰ-পূবৰ প্ৰতি দেখুওৱা আগ্রহৰ অন্যতম কাৰণ হৈছে অঞ্চলটোৰ অনন্য প্রাকৃতিক পৰিবেশতন্ত্র। অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যকেইখনৰ অপৰূপ প্রাকৃতিক সৌন্দর্যই মোহিত কৰিছে কৰ্প'ৰেট গোষ্ঠীসমূহক। 
 
এই সন্দৰ্ভত ট্রিপ নেভিগেটৰ নামৰ প্রতিষ্ঠানটোৰ সঞ্চালক তথা সহঃপ্রতিষ্ঠাপক অভিষেক গুপ্তাই কয়, 'পর্যটন খণ্ডটোত উত্তৰ-পূবৰ বিকাশ ক্ষিপ্ৰ হৈছে। ক'ভিডৰ পিচত অঞ্চলটোত বহু অনুষ্ঠান আয়োজন কৰিছো, যিটো আগতে খুব কমেইহে কৰিছিলো। বহু লোকে এতিয়া উত্তৰ-পূব ভ্রমণ কৰিবলৈ আগ্রহ প্রকাশ কৰাৰ লগতে কৰ্প'ৰেট প্রতিষ্ঠানসমূহেও অঞ্চলটোত সভা, সন্মিলন আৰু কৰ্প'ৰেট ইভেন্ট অনুষ্ঠিত কৰিব বিচাৰে। ইয়ে নিশ্চয়কৈ উত্তৰ-পূবত 'মাইচ' পর্যটনক আগুৱাই নিয়াত সহায় কৰিব।' 
 
গুপ্তাই লগতে টাঞ্জনিয়াৰ দৰে আফ্রিকাৰ দেশসমূহে বনাঞ্চল, বন্যপ্ৰাণীৰ সৈতে জড়িত অভিজ্ঞতাসমূহ পর্যটকক প্ৰদান কৰাৰ দৰে উত্তৰ-পূবতো এনে অভিজ্ঞতাৰে আকৰ্ষিত কৰাৰ থল আছে বুলি উল্লেখ কৰে। ভাৰতৰ কৰ্প'ৰেট খণ্ডৰ বাবে প্ৰকৃতিৰ নৈসর্গিক শোভাৰ মাজত সম্মিলন, ইভেন্ট আদি অনুষ্ঠিত কৰাৰ নতুন গন্তব্যস্থল হিচাপে এতিয়া উত্তৰ-পূবে প্রাধান্য পাইছে বুলি তেওঁ মন্তব্য কৰে।