ফিৰদৌছ খান
প্ৰতিটো স্থানৰ খাদ্যৰ এক নিজস্ব সুকীয়া সোৱাদ থাকে। আজি আমি আজমেৰ শ্বৰীফৰ চিষ্টি বজাৰৰ হোটেলৰ খাদ্যৰ কথা ক'বলৈ বিচাৰিছো। আজমেৰ শ্বৰীফৰ হজৰত খোৱাজা মইনুদ্দিন হাছান চিষ্টি ৰহমাতুল্লাহ আলাইহৰ দৰগাহৰ সমীপত অৱস্থিত চিষ্টিয়া বজাৰৰ হোটেলসমূহ সুস্বাদু মোগলাই খাদ্যৰ বাবে অতি বিখ্যাত। দৰগাহৰ দুৱাৰৰ সমীপতে মুছলমান ৰেষ্টুৰেণ্টত মোগলাই খাদ্য পৰিবেশন কৰা হয়।
মাটন বিৰিয়ানী, চিকেন বিৰিয়ানী, মাটন কুৰ্মা, চিকেন কুৰ্মা, নাহৰী, পায়ে, কিমা, কোফটা, নাৰ্গিচি কোফটা, মাটন চাপ, ষ্টু, শ্বামি কাবাব, সীখ কাবাব আৰু বিভিন্ন ধৰণৰ সুস্বাদু মাংসৰ ব্যঞ্জন ইয়াত উপলব্ধ। মাছৰ ভাজি, মাছৰ তৰকাৰী আৰু কণীৰ তৰকাৰীও ইয়াত পোৱা যায়। এইবোৰৰ বাহিৰেও ইয়াত মালাই কোফটা, শ্বাহী পনীৰ, মটৰ পনীৰ, পলক পনীৰ, দাল মাখানা, দাইল ভাত, শাক-পাচলি আৰু ৰাইতাও উপলব্ধ।
চিকেন বিৰিয়ানী
ইয়াত বহু প্ৰকাৰৰ ৰুটিও পোৱা যায়, য’ত নান, ৰুমালি ৰুটি, লাচ্ছা পৰঠা, আলু পৰঠা আৰু কণী পৰঠা আদিবোৰ আছে। দিল্লীৰ মাটিয়া মহল আৰু হজৰত নিজামুদ্দিনৰ দৰে ইয়াৰ হোটেলসমূহেও দৰিদ্ৰলোকৰ বাবে কম মূল্যৰ খাদ্যৰ ব্যৱস্থা কৰে। হোটেলৰ বাহিৰত ভোকাতুৰ মানুহৰ ভিৰ দেখা যায়। পুৱাৰ পৰা গভীৰ নিশালৈকে বহুলোক হোটেলৰ সন্মুখত বহি থাকে। যিসকলে খুৱাব বিচাৰে, তেওঁলোকে ৩০ৰ পৰা ৪০ টকাত এজন মানুহক খুৱায়। ৩০ৰ পৰা ৪০ টকাত দুটা ৰটি আৰু এবিধ পাচলি বা এবাতি দালি পোৱা যায়।
একেদৰে, দাইল ভাত, চোলেৰ সৈতে ভাত, ৰাজমাৰ সৈতে ভাত আৰু তৰকাৰীৰ সৈতে ভাত ৩০ৰ পৰা ৪০ টকাত পোৱা যায়, অৰ্থাৎ ৩০০ ৰ পৰা ৪০০ টকাত দহজনক সম্পূৰ্ণ আহাৰ খুৱাব পৰা যায়। এই হোটেলসমূহে অৰ্ডাৰ অনুসৰি বিৰিয়ানী, কুৰ্মা, নাহৰী, নান আদিও তৈয়াৰ কৰে। বহুতে তেওঁলোকৰ পৰা খাদ্য ৰান্ধি আৰ্তজনৰ মাজত বিতৰণ কৰে।
দৰগাহৰ সমীপতে বিশুদ্ধ নিৰামিষ বৈষ্ণৱ হোটেলো আছে। এইবোৰত সুস্বাদু নিৰামিষ খাদ্য উপলব্ধ। ইয়াৰ ভিতৰত পনীৰ, দালি, তৰকাৰী, ৰাজমা, চোলে, ৰাইতা আৰু শাক-পাচলিৰ পৰা তৈয়াৰী ব্যঞ্জন পোৱা যায়। ইয়াত তণ্ডুৰী আৰু টাৱা ৰুটি পোৱা যায়। ৰাজস্থানৰ বিখ্যাত দাল বাটি চুৰ্মাও দোকানসমূহত দেখা যায়। লগতে, ইয়াত পনীৰ, আলু, কবি আৰু মূলাৰ পৰঠা পোৱা যায়।
বিভিন্ন প্ৰকাৰৰ সুস্বাদু মিঠাই
এই পৰঠাবোৰৰ লগত দৈ, আচাৰ, চাটনি আৰু চালাড পৰিবেশন কৰা হয়। ইয়াৰ হোটেলত ৰাজস্থানী থালিও পোৱা যায়, য’ত পঞ্চৰত্ন দালি, পাপড় কি চবজী, গট্টে কি চবজী, ৰাবিড়ি, মিলেটৰ খিচিৰি ইত্যাদি ব্যঞ্জন আছে। এইবোৰত বহুত দেশী ঘিউ মিহলি কৰা হয়। খাদ্যৰ উপৰিও ইয়াত পুৰী চোলে, শিঙৰা আৰু পকোড়া পোৱা যায়। সাধাৰণতে কচুৰীৰ লগত চোলে, আলুৰ তৰকাৰী বা চাটনি পোৱা যায়, কিন্তু ইয়াত কচুৰীৰ লগত তৰকাৰী দিয়া হয়।
বহুতে হয়তো ইয়াক অতি আচহুৱা বুলি ভাবিব পাৰে, কিন্তু ইয়াত মানুহে এই খাদ্য অতি উৎসাহেৰে খায়। একেদৰে ইয়াত শিঙৰাৰ সৈতে তৰকাৰীও উপলব্ধ। ইয়াত বেচনৰ উপৰিও মচুৰ দাইলৰ পাকোড়া পোৱা যায়। এইবোৰো বৰ সোৱাদযুক্ত। এইবোৰ সেউজীয়া ধনীয়া আৰু পুদিনা চাটনিৰ লগত খায়। ইয়াৰ পিঁয়াজৰ কচুৰী অতি বিখ্যাত।
এতিয়া পিয়াঁজৰ কচুৰি সকলোতে পোৱা যায়, কিন্তু ইয়াৰ সোৱাদ সঁচাকৈয়ে পৃথক। দালি কচুৰীতকৈ ডাঙৰ আৰু দালিৰ সলনি এইবোৰত মছলাযুক্ত পিঁয়াজ ভৰাই দিয়া হয়। ইয়াক মিঠা-টেঙা চাটনিৰ সৈতে খোৱা হয়। ইয়াৰ জলাৰ বড়াও অতি বিখ্যাত। ইয়াত দাল -ঢোকলাও অতি সোৱাদযুক্ত খাদ্য। ইয়াক বুটৰ দাইলত ৰন্ধা হয় অৰ্থাৎ বুটৰ দাইলত সৰু সৰু আটা বা ময়দাৰ পুৰি থাকে। এইটো এটা পৰম্পৰাগত খাদ্য।
তৰকাৰীৰ সৈতে শিঙৰা
কিন্তু ৰাজস্থানী খাদ্যত যথেষ্ট জলা মছলা ব্যৱহাৰ কৰা হয়। তাতে জলকীয়াও অত্যাধিক পৰিমানে থাকে। যিহেতু দূৰ-দূৰণিৰ পৰা দৰগাহলৈ মানুহ আহে। এনে জলা থকা খাদ্য সকলোৱে নাখায়। গতিকে ইয়াত বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছে, যাতে অত্যধিক জলা খাদ্যত ব্যৱহাৰ কৰা নহয়। চোলে আৰু চাট ইত্যাদিত মানুহে নিজৰ ৰুচি অনুযায়ী মছলা যোগ কৰে। আহাৰত চালাডৰ লগতে জলাৰ আচাৰো দিয়া হয়।
আজমেৰৰ মাৱা অতি বিখ্যাত। সেইবাবেই ইয়াত মাৱাৰ পৰা তৈয়াৰী মিঠাই প্ৰচুৰ পৰিমাণে পোৱা যায়। ইয়াত পেড়া, বৰফী, ৰাবড়ি, গুলাব যমুন, ৰাসগুল্লা, মালপুৱা, মগু দাইলৰ হালোৱা, বালু শ্বাহী, ইমাৰতি, জালেবী, লাড্ডু আদিও অতি বিখ্যাত। ইয়াত ডাঙৰ ডাঙৰ বুণ্ডীয়াৰ লাড়ুও পোৱা যায়। মিঠাই দোকানৰ কেৰাহীত প্ৰস্তুত কৰা গাখীৰৰ তুলনা একো মিঠাইৰ লগতে কৰিব নোৱাৰি । ইয়াত ক্ৰীমও যোগ কৰা হয়। বছৰটোৰ সকলো সময়তে ইয়াৰ চাহিদা থাকে। শীতকালত ইয়াৰ চাহিদা বহুত বেছি বৃদ্ধি পায়।
গ্ৰীষ্মকালত ইয়াৰ লাচ্ছি দোকানবোৰত গ্ৰাহকৰ লানি নিছিগা ভিৰ হয়। লাচ্ছিত কেঁচা মাখন আৰু পেড়াও যোগ কৰা হয়। ইয়াত মিল্ক শ্বেকও ভাল বিক্ৰী হয়। যদি আপুনি আজমেৰলৈ যায়, তেন্তে নিশ্চিতভাৱে তাত থকা পৰম্পৰাগত খাদ্যৰ সোৱাদ লওঁক, কাৰণ তাত থকা সোৱাদ আন ক’তো পোৱা নাযায়।