এহছান ফাজিলি / শ্ৰীনগৰ
পবিত্ৰ ৰমজান মাহত পুৱাৰ পৰা গধূলিলৈকে কাশ্মীৰত খেজুৰৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কিয়নো হজৰত মহম্মদে কৈ যোৱা কথাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা ধৰ্মীয় পবিত্ৰতাৰ সৈতে খেজুৰ জড়িত হৈ আছে। সেয়ে সমগ্ৰ বিশ্বৰ মুছলমানসকলে খেজুৰেৰে দিনটোৰ ৰোজা ভংগ কৰাটো পছন্দ কৰে আৰু খেজুৰ নাপালে ইয়াৰ পৰিৱৰ্তে পানীত চুমুক দি দিনজোৰা ৰোজা ভংগ কৰে।
ধৰ্মীয় আৱেগ আৰু বৈজ্ঞানিক যুক্তিৰ কথা মনত ৰাখি কাশ্মীৰ উপত্যকাত খেজুৰৰ ব্যৱহাৰ কেৱল যোৱা কেইবছৰমানৰ পৰাই বৃদ্ধি হোৱা নহয়, বিগত পাঁচটা দশকৰ পৰা ইয়াত খেজুৰৰ ব্যাপক চাহিদা দেখিবলৈ পোৱা গৈছে। যদিও কাশ্মীৰীত পৰম্পৰাগতভাৱে বছৰজুৰি শুকান বা সতেজ খেজুৰ ব্যৱহাৰ কৰা হয়, তথাপিও ৰমজানত সতেজ খেজুৰৰ ব্যৱহাৰ ২০০ কিলোগ্ৰামৰ পৰা ২০গুণলৈ বৃদ্ধি পায়।
উল্লেখ্য যে, এই মাহটোত উচ্চমানৰ খেজুৰৰ এটা ডাঙৰ অংশ মুছলমানৰ পবিত্ৰ ভূমি ছৌদি আৰৱৰ পৰা পোনপটীয়াকৈ উপত্যকাটোলৈ আমদানি কৰা হয়। পবিত্ৰ মাহটো আৰম্ভ হোৱাৰ লগে লগে শ্ৰীনগৰৰ লগতে উপনগৰ আৰু গ্ৰাম্য অঞ্চলৰ পথ আৰু ৰাস্তাৰ দৃশ্য সম্পূৰ্ণৰূপে সলনি হয়। পুৱাৰ সময়ছোৱাত মানুহৰ গতি-বিধি মন্থৰ হয়, দুপৰীয়াৰ ভাগত ই গতি লাভ কৰে আৰু বিয়লিৰ ভাগত লৰা-ঢপৰা আৰম্ভ হৈ যায়। ৰোজাৰ দিনকেইটাত পুৱা চেহৰিৰ পিছত আৰু গোটেই দিনটোৰ কামৰ অন্তত ‘ইফতাৰ’ৰ আগত ঘৰ পাবলৈ সকলোৱে পছন্দ কৰে।
কাশ্মীৰৰ বজাৰত ছৌদিৰ খেজুৰ
উপবাস ভংগ কৰিবলৈ স্বেচ্ছাসেৱকসকলে ৰাস্তাৰ চুক, পথৰ দাঁতি, বজাৰ, বাছ ষ্টপ, চিকিৎসালয় আৰু মছজিদৰ বাহিৰত পথচাৰীক দিবলৈ খাদ্য সামগ্ৰীৰ প্লেট বা পেকেট লৈ উপস্থিত হয়। ইফতাৰীৰ পিছত হোৱা ‘মাগৰিব’ (সন্ধিয়াৰ নামাজ)ৰ আহ্বান ‘আজান’ৰ লগে লগে দৃশ্যটো সলনি হয়, কিয়নো বেছিভাগ মানুহেই নিশাৰ আহাৰ খোৱাৰ আগতে নামাজ আৰু দিনটোৰ ৰোজাৰ শেষত ‘তাৰাৱীহ’ নামাজ পঢ়ে।
সাধাৰণতে শ্ৰীনগৰৰ লাল চ’কত থকা কৰ্মস্থলীৰ পৰা বুডগামত থকা নিজৰ ঘৰলৈ উভতি অহা গুলাম হাছানে কয়, "ৰাস্তাত সময়মতে 'ইফটাৰী' নোপোৱা মানুহ প্ৰায়েই নাথাকে। প্ৰতিদিনে উভতি অহাৰ পথত স্বেচ্ছাসেৱকসকলে খেজুৰ, পানীৰ বটল, ফলৰ ৰস আৰু কল যোগান ধৰে। সেয়ে আমি বাটত ৰোজা ভংগ কৰিবলৈ পেকেট কঢ়িয়াই নিয়াৰ প্ৰয়োজন অনুভৱ নকৰো।"
শ্ৰীনগৰৰ জাহাংগীৰ চ’কৰ পাইকাৰী বিক্ৰেতা আৰু খুচুৰা বিক্ৰেতা 'দস্তাগিৰি ড্ৰাই ফ্ৰুটছ'ৰ স্বত্তাধিকাৰী ইলিয়াছ বেইগে আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে যোৱা কেইবছৰমানৰ পৰা ইয়াত খেজুৰৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে। বছৰৰ বাকী সময়ছোৱাত প্ৰতিমাহে ১০০ৰ পৰা ২০০ কিলোগ্ৰামৰ তুলনাত ৰমজানত ইয়াৰ ব্যৱহাৰ ২০০০ কিলোগ্ৰামতকৈও বৃদ্ধি পায়।
শ্ৰীনগৰত খেজুৰৰ পাঁচৰ পৰা দহজন পাইকাৰী বিক্ৰেতাৰ উপৰিও উপত্যকাটোত বৃহৎ সংখ্যক খুচুৰা বিক্ৰেতা আছে। বেইগৰ দৰে ‘বেছিভাগ পাইকাৰী বিক্ৰেতাই’ মুছলমানৰ পবিত্ৰ ভূমি ছৌদি আৰৱৰ পৰা পোনপটীয়াকৈ খেজুৰৰ ষ্টক আনে। অৱশ্যে ইজিপ্ত বিশ্বৰ ভিতৰতে খেজুৰৰ সৰ্বাধিক উৎপাদনকাৰী দেশ।
কাশ্মীৰৰ এখন বিপণিত গ্ৰাহকে খেজুৰ ক্ৰয় কৰিছে
আলজেৰিয়া, ইৰাণ, পাকিস্তান আৰু ছুডানে ব্যাপক পৰিমাণৰ খেজুৰ উৎপাদন কৰি থকাৰ বিপৰীতে ভাৰতৰ ৰাজস্থান আৰু গুজৰাটৰ কুচ্চ অঞ্চলত যথেষ্ট খেজুৰ উৎপাদন কৰা হয়। আজৱা কাশ্মীৰৰ আটাইতকৈ ভাল লগা খেজুৰৰ জাত। ইয়াৰ দাম প্ৰতি কেজিত প্ৰায় ২০০০ টকা। মিঠা আৰু পুষ্টিকৰ উপাদানৰ বাবে পৰিচিত খেজুৰ সেই অঞ্চলৰ পৰাই আহে যিয়ে ‘বিশ্বৰ তিনিটা প্ৰধান ধৰ্ম’ (ইহুদী, খ্ৰীষ্টান আৰু ইছলাম)ৰ জন্ম দিছিল।
ইছলামিক জগতত বিশেষকৈ ৰমজান মাহত খেজুৰৰ ব্যৱহাৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰে। পবিত্ৰ ৰমজান মাহৰ পূৰ্বৰে পৰা বিভিন্ন জাতৰ খেজুৰে কাশ্মীৰৰ দোকানবোৰৰ শোভা বঢ়াই আৰু বজাৰবোৰক উৎসৱমুখৰ কৰি তোলে। মুছলমান পৰিয়ালত নিকাহ অনুষ্ঠানৰ সময়তো এই খাদ্যৰ গুৰুত্বপূৰ্ণ স্থান আছে, য’ত মুছলমান দম্পতীৰ বিবাহ উপলক্ষে খেজুৰ বিতৰণ কৰা হয়। এইবোৰ আন আন অনুষ্ঠান যেনে শোক সমাৱেশ অথবা ৰমজান মাহত চাহ বা খাদ্যৰ পৰিৱৰ্তে বিতৰণ কৰা হয়। কাশ্মীৰৰ মুছলমান পৰিয়ালত শুকান বা সতেজ খেজুৰৰ স্থান সদায় আছে।