সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে ঘৰতে চাবোন প্ৰস্তুত কৰা অসমৰ বিজ্ঞানী ডঃ ৰেমী হুছনেআৰা

Story by  Munni Begum | Posted by  Munni Begum • 1 Months ago
ডঃ ৰেমী হুছনেআৰা আৰু প্ৰাকৃতিক উপদানেৰে তেওঁ প্ৰস্তুত কৰা চাবোন
ডঃ ৰেমী হুছনেআৰা আৰু প্ৰাকৃতিক উপদানেৰে তেওঁ প্ৰস্তুত কৰা চাবোন
 
মুন্নী বেগম / গুৱাহাটী
 
প্ৰাকৃতিক সম্পদেৰে চহকী আমাৰ দেশত প্ৰাচীন কালৰ পৰাই সৌন্দৰ্য্য চৰ্চাৰ বাবে প্ৰাকৃতিক সামগ্ৰীৰ ব্যৱহাৰ হৈ আহিছে। কিন্তু সম্প্ৰতি অতি ব্যস্ততাতপূৰ্ণ জীৱনত এনে উপাদানবোৰ সংগ্ৰহ কৰা আৰু প্ৰসাধন প্ৰস্তুত কৰাত যথেষ্ট অসুবিধা হয়। সেয়েহে বৰ্তমান বজাৰত সহজে উপলব্ধ বিভিন্ন ৰসায়ন সংমিশ্ৰিত প্ৰসাধনৰ ব্যৱহাৰ অধিক দেখা যায়। তেনে ক্ষেত্ৰত এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহন কৰিছে ডঃ ৰেমী হুছনেআৰাই। গুৱাহাটীৰ বাসিন্দা ডঃ ৰেমীয়ে সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি সৌন্দৰ্যচৰ্চাৰ সামগ্ৰী প্ৰস্তুত কৰি ব্যৱসায় আৰম্ভ কৰিছে।
 
আৱাজ - দ্য ভইচ'ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ডঃ ৰেমী  হুছনেআৰাই কয়, "সৰুৰে পৰা মই সৃষ্টিমূলক কামবোৰ কৰি খুব ভাল পাইছিলোঁ। ২০১২ চনত যেতিয়া মই কেলিফোৰ্নিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে গৈছিলো। তেতিয়া তাত মোক মোৰ ৰূমমেট জেচিকা ষ্টিনেনে এদিন হঠাতে কৈছিল যে 'আজি মোৰ চাবোন শেষ হ'ল আহা আমি চাবোন বনাও'। জেচিকাৰ কথা শুনি মই খুব অচৰিত হৈছিলো। কিয়নো সৰুৰে পৰা আমি কেতিয়াও ঘৰত চাবোন বনোৱাৰ কথা শুনা নাছিলো। জেচিকাই মোক কৈছিল যে তেওঁলোকে হেনো কেতিয়াও বজাৰৰ পৰা চাবোন ক্ৰয় নকৰে। তেওঁলোকে কেৱল ঘৰতে বনোৱা চাবোনহে ব্যৱহাৰ কৰি আহিছে। জেচিকাই মোক সম্পূৰ্ণ প্ৰাকৃতিক উপাদানেৰে ঘৰতে চাবোন প্ৰস্তুত কৰিবলৈ শিকাইছিল।"
 
 
ভাৰতীয় পৰম্পৰাত পুৰণিকালত শৰীৰ পৰিস্কাৰৰ বাবে চাবোন ব্যৱহাৰ কৰা হোৱা নাছিল। শৰীৰ পৰিস্কাৰ কৰাৰ বাবে ঘেঁহুৰ গুৰি, বেচন আৰু গাখীৰ, হালধী, নেমুৰ ৰস, নীম পাত আদি বিভিন্ন প্ৰকৃতিক উপাদান ব্যৱহাৰ কৰা হৈছিল। 
 
ডঃ ৰেমীয়ে কয়, "জেচিকাৰ ওচৰত চাবোন প্ৰস্তুত প্ৰণালীৰ বহু কিতাপ আছিল যিবোৰ তেওঁ মোক দিছিল। মই আগ্ৰহেৰে সেইবোৰ শিকিলো আৰু কিছু চাবোনো বনালো। কিন্তু তেতিয়া পঢ়াৰ বোজা ইমানে বেছি আছিল যে, মই চাবোন বনোৱাৰ বাবে সময় উলিয়াব নোৱাৰা হ'লো। পিছত মই ঘৰলৈ উভতি আহিলো। কিছু বছৰ পিছত যেতিয়া মোৰ ছোৱালী দুজনীৰ ছালৰ সমস্যা হৈছিল। তেতিয়া মই আকৌ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি কম পৰিমানে চাবোন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলো। পিছত মোৰ পৰিয়ালৰ লগতে আত্মীয় আৰু বন্ধু বৰ্গই মোৰ পৰা চাবোন বিচাৰিলে আৰু তেনেকৈ মই চাবোন বনোৱা কাম অব্যাহত ৰাখিলো। বৰ্তমান মোৰ চাবোন  'Ray Me' ব্ৰেণ্ডেৰে বজাৰত উপলব্ধ।"
 
ডঃ ৰেমী হুছনেআৰাই প্ৰাকৃতিক উপদানেৰে প্ৰস্তুত কৰা বিভিন্ন ডিজাইনৰ চাবোন
 
বহুমুখী প্ৰতিভাৰ গৰাকী ডঃ ৰেমী  হুছনেআৰা এগৰাকী জৈৱ প্ৰযুক্তিবিদ্যাৰ বিজ্ঞানী, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপিকা, উদ্যোগী, শিল্পী, চিত্ৰশিল্পী হোৱাৰ লগতে এগৰাকী মাতৃও। ইমান ব্যস্ততাপূৰ্ণ জীৱনতো তেওঁ সম্পূৰ্ণ প্ৰকৃতিকভাৱে বিভিন্ন প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ চাবোন প্ৰস্তুত কৰি আহিছে। চাবোন প্ৰস্তুতৰ বাবে ব্যৱহৃত সামগ্ৰীবোৰ যেনে বাঁহৰ কয়লা, অলিভ অইল, কেলামাইন মাটি, চন্দন গুৰি, গোল্ড ডাষ্ট (gold dust), মান্দাৰীন (mandarin), ৰোজমেৰী (rosemary), লেৱেণ্ডাৰ (lavender), জেছমিন (Jasmine), ডেদ চীয়া চল্ট (Dead Sea salt), হিমালয়ান পিংক চল্ট (Himalayan pink salt),  ক'ক'ৱা পাউদাৰ (cocoa powder), এৰাবিকা ক'ফি আদি সামগ্ৰী ডাঃ ৰেমীয়ে অনলাইযোগে ক্ৰয় কৰে।ভাৰতীয় পৰম্পৰাত পুৰণিকালত শৰীৰ পৰিস্কাৰৰ বাবে চাবোন ব্যৱহাৰ কৰা হোৱা নাছিল। শৰীৰ পৰিস্কাৰ কৰাৰ বাবে ঘেঁহুৰ গুৰি, বেচন আৰু গাখীৰ, হালধী, নেমুৰ ৰস, নীম পাত আদি বিভিন্ন প্ৰকৃতিক উপাদান ব্যৱহাৰ কৰা হৈছিল। 
 
ডঃ ৰেমীয়ে কয়, "জেচিকাৰ ওচৰত চাবোন প্ৰস্তুত প্ৰণালীৰ বহু কিতাপ আছিল যিবোৰ তেওঁ মোক দিছিল। মই আগ্ৰহেৰে সেইবোৰ শিকিলো আৰু কিছু চাবোনো বনালো। কিন্তু তেতিয়া পঢ়াৰ বোজা ইমানে বেছি আছিল যে, মই চাবোন বনোৱাৰ বাবে সময় উলিয়াব নোৱাৰা হ'লো। পিছত মই ঘৰলৈ উভতি আহিলো। কিছু বছৰ পিছত যেতিয়া মোৰ ছোৱালী দুজনীৰ ছালৰ সমস্যা হৈছিল। তেতিয়া মই আকৌ প্ৰাকৃতিক উপাদান ব্যৱহাৰ কৰি কম পৰিমানে চাবোন প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলো। পিছত মোৰ পৰিয়ালৰ লগতে আত্মীয় আৰু বন্ধু বৰ্গই মোৰ পৰা চাবোন বিচাৰিলে আৰু তেনেকৈ মই চাবোন বনোৱা কাম অব্যাহত ৰাখিলো। বৰ্তমান মোৰ চাবোন  'Ray Me' ব্ৰেণ্ডেৰে বজাৰত উপলব্ধ।"
 
ডঃ ৰেমী হুছনেআৰা তেওঁৰ স্বামী আৰু দুগৰাকী কন্যাৰ সৈতে
 
বহুমুখী প্ৰতিভাৰ গৰাকী ডঃ ৰেমী  হুছনেআৰা এগৰাকী জৈৱ প্ৰযুক্তিবিদ্যাৰ বিজ্ঞানী, অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ অধ্যাপিকা, উদ্যোগী, শিল্পী, চিত্ৰশিল্পী হোৱাৰ লগতে এগৰাকী মাতৃও। ইমান ব্যস্ততাপূৰ্ণ জীৱনতো তেওঁ সম্পূৰ্ণ প্ৰকৃতিকভাৱে বিভিন্ন প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰি বিভিন্ন প্ৰকাৰৰ চাবোন প্ৰস্তুত কৰি আহিছে। চাবোন প্ৰস্তুতৰ বাবে ব্যৱহৃত সামগ্ৰীবোৰ যেনে বাঁহৰ কয়লা, অলিভ অইল, কেলামাইন মাটি, চন্দন গুৰি, গোল্ড ডাষ্ট (gold dust), মান্দাৰীন (mandarin), ৰোজমেৰী (rosemary), লেৱেণ্ডাৰ (lavender), জেছমিন (Jasmine), ডেদ চীয়া চল্ট (Dead Sea salt), হিমালয়ান পিংক চল্ট (Himalayan pink salt),  ক'ক'ৱা পাউদাৰ (cocoa powder), এৰাবিকা ক'ফি আদি সামগ্ৰী ডাঃ ৰেমীয়ে অনলাইযোগে ক্ৰয় কৰে।
 
ডঃ ৰেমীয়ে কয়, "মই চাবোনত ছাগলী গাখীৰৰ লগতে অন্য বিভিন্ন সামগ্ৰী ক্ৰমে নাৰিকল, অলিভ অইল, এক্টিভেটেত চাৰ্কোল, মুলতানী মাটি,  ফ্ৰেন্স ক্লিন ক্লে, গোলাপ, লেভেণ্ডাৰ, লিলি, কমলা, নেমু, ষ্ট্ৰ'বেৰী, আপেল,পীচ, আঙুৰ, চেৰী, কিৱি, গ্লিচাৰিন, কেলামাইন মাটি, চন্দন গুৰি, নিম পাত, হালধি, অমিতা, মগ্ৰা, ভেনিলা, চাহগছ, বাঁহৰ কয়লা, ইউকেলিপ্টাছ, নেমু, লেমন গ্ৰাছ, চীয়া বাটাৰ, কোকো বাটাৰ, মেংগো বাটাৰ, গোল্ড ডাষ্ট (gold dust), মান্দাৰীন (mandarin), ৰোজমেৰী (rosemary), লেৱেণ্ডাৰ (lavender), জেছমিন (Jasmine), ডেদ চীয়া চল্ট (Dead Sea salt), হিমালয়ান পিংক চল্ট (Himalayan pink salt), ক'ক'ৱা পাউদাৰ (cocoa powder), এৰাবিকা ক'ফি (Arabica coffee), তৰমুজ (watermelon),  ৱাইট টি (white tea), এলোই (aloe), আদি সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰি আহিছো। চাবোনবোৰত ছাগলী গাখীৰ মূলত এক প্ৰকাৰৰ এডেটিভ হিচাপে ব্যৱহাৰ কৰা হয়। প্ৰতিবিধ এডেটিভৰ গুণাগুণ সমুহ বেলেগ বেলেগ হয়।" 
 
ডঃ ৰেমী হুছনেআৰাই প্ৰস্তুত কৰা বিভিন্ন ডিজাইনৰ চাবোন
 
বৰ্তমান সৌন্দৰ্য চৰ্চাৰ উপযোগী প্ৰায়বোৰ উপাদান সহজে প্ৰকৃতিৰ পৰা আহৰণ কৰাত যথেষ্ট অসুবিধা। কিছু কিছু সামগ্ৰী বজাৰত উপলব্ধ যদিও সেইবোৰৰ পৰা প্ৰসাধন প্ৰস্তুত কৰা প্ৰক্ৰিয়াটো দীঘলীয়া হোৱা বাবে মানুহে বজাৰত সহজে উপলব্ধ সুলভ মূল্যৰ প্ৰসাধন ক্ৰয় কৰি ব্যৱহাৰ কৰা দেখা যায়। যিবোৰ প্ৰসাধন দীৰ্ঘদিন ধৰি সংৰক্ষণ কৰি ৰাখিবলৈ বিভিন্ন ৰসায়ন মিহলি কৰে, যিয়ে আমাৰ ছাল-চুলি আদিৰ বাবে বহু ক্ষতিকাৰক হয়। তেনে ক্ষেত্ৰত ডঃ ৰেমীয়ে পেৰাবেন, চালফেটমুক্ত  সম্পূৰ্ণ জৈৱিক আৰু এফ ডি এ (FDA) প্ৰমাণিত সামগ্ৰী ব্যৱহাৰ কৰি চাবোন তথা অন্য সামগ্ৰী প্ৰস্তুত কৰি আহিছে। 
 
ডঃ ৰেমীয়ে কয়, "চাবোন প্ৰকৃততে প্ৰসাধনমূলক সামগ্ৰী নহয়। চাবোন এক ক্লিনিং এজেণ্ট হয়। চাবোন সাধাৰণতে এক সম্পূৰ্ণ ৰসায়নিক প্ৰক্ৰিয়া 'চেপ'নিফিকেচন'ৰ মাজেৰে প্ৰস্তুত কৰা হয়। এই প্ৰক্ৰিয়াত ফেটি এছিড, চৰ্বি তথা এলকালি আদিৰ ক্ৰিয়াৰে চাবোন প্ৰস্তুত হয়। বজাৰত উপলব্ধ চাবোনবোৰে সাধাৰণতে নিজকে চাবোন বুলি দাবী কৰিব নোৱাৰে। কিয়নো বজাৰৰ চাবোনবোৰত পেৰাবেন, চালফেট আদি বিভিন্ন ধৰনৰ ৰসায়ন মিহলি কৰি প্ৰস্তুত কৰা হয়, যিয়ে চালৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। মই  চাবোন প্ৰস্তুতৰ বাবে ব্যৱহাৰ হোৱা সামগ্ৰীবোৰ মই অনলাইন যোগে ক্ৰয় কৰি আহিছো। চাবোনবোৰত ব্যৱহাৰ কৰা অৰ্গেনিক তেল আৰু আন কেচা সামগ্ৰী এফ ডি এ প্ৰমাণিত হোৱাৰ বাবে ব্যয়বহুল হয়। সেয়েহে চাবোন বা অন্য সামগ্ৰীবোৰৰ মূল্য বজাৰত উপলব্ধ সামগ্ৰী তথা চাবোনৰ তুলনাত কিছু পৰিমানে বেছি। বৰ্তমান মোৰ চাবোন অসমৰ জনপ্ৰিয় ডিজাইনাৰ বিদ্যুৎ এণ্ড ৰাকেশৰ ষ্টোৰত ডিজাইনাৰ ব্ৰাইডেল পিচ হিচাপে উপলব্ধ।" 
 
নতুন বস্তু সৃষ্টি কৰি ভালপোৱা ডঃ ৰেমীয়ে হাতেৰে ব্লেড ব্যৱহাৰ কৰি বিভিন্ন ধৰনৰ চাবোনৰ ডিজাইন প্ৰস্তুত কৰে। তেওঁ ফুল, ডেজাৰ্ট, লুফা আদিকে ধৰি বিভিন্ন ধৰনৰ ডিজাইন প্ৰস্তুত কৰিছে। এটুকুৰা চাবোন প্ৰস্তুত কৰিবলৈ ৰেমীয়ে ১০ মিনিটৰ পৰা ২ দিন পৰ্যন্ত সময় দিব লগীয়া হয়। 
 
ডঃ ৰেইমী হুছনেআৰাই প্ৰস্তুত কৰা চাবোনৰ বেণ্ডৰ নাম "RAY ME"
 
ডঃ ৰেমীয়ে কয়, "চাবোন প্ৰস্তুতৰ বাবে কোনো নিৰ্দিষ্ট সময় নাথাকে। এটুকুৰা চাবোন প্ৰস্তুতৰ বাবে প্ৰয়োজন হোৱা সময় চাবোন টুকুৰাৰ ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰে। কিয়নো এটুকুৰা চাবোনৰ ডিজাইন পাৰ্ফেক্ট হোৱা লৈ মোৰ দুটামান চাবোনৰ বেটচ্‌ নষ্ট হৈ যায়। কিছুমান ডিজাইন আকৌ মই হাতেৰে ব্লেড ব্যৱহাৰ কৰি কাটি কাটি প্ৰস্তুত কৰো। ফুল ক্ৰিষ্টেল আদি ডিজাইনৰ চাবোন হাতেৰে কাটি প্ৰস্তুত কৰো। তাৰ পিছত আকৌ বেলেগ এটা ফ্ৰেমত বহুৱাই পুনৰ ডিজাইনৰ বাবে কাটে। এনেকৈয়ে কেতিয়াবা এটুকুৰা চাবোন প্ৰস্তুত কৰোতে ২ দিন, কেতিয়াবা ২৪ ঘণ্টা, কেতিয়াবা ৪ ঘণ্টা বা কেতিয়াবা আকৌ ১০ মিনিটৰ ভিতৰতে প্ৰস্তুত কৰা হয়। মোৰ চাবোনৰ কিছু ডিজাইন ক্ৰমে দ্য ব্লুমিং ছোৱিৰল- ৩ডি ডিজইন (The blooming swirl- 3D design),  ক্ৰিষ্টেল কালেকচন (Crystal), মাৰমেইড ইন ক্ৰিষ্টেল ব'ল (Mermaid in Crystal bowl), ফেলিউৰ (Fleur), ক'ক' বেৰীছ ডেজাৰ্ট ছ'প (Coco berries dessert soap), ৰীম (Reem), ত্বিগ এণ্ড তুল (Twig & Tulle), ব্লাছ (Blush), চুগাৰ মেপল (Sugar Maple), এল্যুৰ উড (Allure Woods), ক্ৰীমি ট্ৰিপল বাটাৰ (creamy triple butter), চীয়া বাৰ, ক'ক'ৱা বাৰ (cocoa bar), কাডল (Cuddle), ট্ৰন্সপাৰেণ্ট গ্লিচাৰিন চ'প (Transparent glycerine soap), ক্ৰিষ্টেল ক্লিয়েৰ গ্লিচাৰিন (Crystal clear glycerine), উলট্ৰা ক্লিয়েৰ ট্ৰন্সপাৰেণ্ট চ'প (ultra clear transparent soap) আদি।" 
 
ডঃ ৰেমীৰ চাবোনৰ এক বিশেষত্ব হৈছে সুগন্ধি। যি সুগন্ধি ডাঃ ৰেমীয়ে নিজেই প্ৰস্তুত কৰি চাবোনত সংমিশ্ৰণ কৰে। এই সন্দৰ্ভত তেওঁ কয়, "মোৰ চাবোনবোৰৰ এক বিশেষত্ব হৈছে ইয়াৰ সুগন্ধি। বজাৰত বিভিন্ন ব্ৰেণ্ডৰ নানান চাবোন উপলব্ধ আৰু প্ৰতি টুকুৰাৰ গোন্ধ সুকীয়া। যিবোৰ গোন্ধ দীৰ্ঘম্যাদী কৰি ৰখাৰ বাবে বিভিন্ন প্ৰকাৰৰ ৰসায়নিক দ্ৰব্য ব্যৱহাৰ কৰে। যিয়ে আমাৰ ছালৰ বাবে যথেষ্ট ক্ষতিকাৰক হয়। এনে চাবোন ব্যৱহাৰে আমাৰ চালৰ বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। সেয়েহে মই মোৰ চাবোনবোৰত নিজেই প্ৰস্তুত কৰা গোন্ধ সংযোজন  কৰো।  যি সম্পূৰ্ণ স্বাস্থ্যসন্মত হয় আৰু আমাৰ ছালৰ কোনো ধৰনৰ অপকাৰ সাধন নকৰে।" 
 
পৰীক্ষাগাৰত ডঃ ৰেমী হুছনেআৰা
 
ডঃ ৰেমীয়ে চাবোনৰ লগতে লিপ বাম, বাথ ছল্ট, হেয়াৰ অইল, ল'চন আদিও প্ৰস্তুত কৰিছে।যিবোৰৰ বাবে গ্ৰাহকৰ যথেষ্ট ভাল সহাৰি লাভ কৰিছে। সম্পূৰ্ণ প্ৰাকৃতিকভাৱে প্ৰস্তুত কৰা হেয়াৰ অইল বিধে চুলি বিভিন্ন সমস্যা নিৰ্মূল কৰে। ড০ ৰেমীৰ সামগ্ৰীবোৰ ইনষ্টাগ্ৰামৰ (rayme natural fatis) আৰু ফেচবুকৰ (rayme_artnsoaps) জৰিয়তে গ্ৰাহকৰ মাজলৈ লৈ যায়।
 
ডঃ ৰেমীয়ে চাবোন প্ৰস্তুত কৰাৰ ওপৰিও বিভিন্ন ধৰনৰ পেইণ্টিং, ডিজাইনাৰ কাপোৰ প্ৰস্তুত কৰি আহিছে। তেওঁ কয়, "মই মাজে সময়ে ৱাটাৰ কালাৰ, অইল পেণ্টিং আৰু মিক্স মিডিয়া আৰ্ট কৰো। নতুনকৈ ৰেজিন আৰ্টো কৰিবলৈ আৰম্ভ কৰিছো। স্কুলীয়া আৱস্থাত আৰ্ট কৰি কেইবাটাও বঁটা লাভ কৰিছিলো। এতিয়া মই ঘৰৰ ইণ্টেৰিয়ৰ ওপৰত নিৰ্ভৰ কৰি প্ৰিণ্টিংবোৰ বনাওঁ। বৰ্তমান মই কেৱল নিজৰ বাবে বা কোনোৱাই অৰ্ডাৰ দিলেহে পেইণ্টিং বনাই দিওঁ। মোৰ পেইণ্টিংত মই সকলো মিডিয়া ব্যৱহাৰ কৰো।" ৰেমীয়ে চালমোনেল'চিচৰ ভেকচিনো প্ৰস্তুতো কৰিছে।  
 
ডঃ ৰেমী হুছনেআৰাই সংগ্ৰহ কৰা কিছু উদ্ভিদ
 
প্ৰকৃতিক ভালপোৱা ডঃ ৰেমীয়ে নিজৰ বাসগৃহতে সৰুকৈ বাগিছা পাতিছে। যি বাগিছাত অতি দুৰ্লভ আৰু দুষ্প্ৰাপ্য গছবোৰৰ এক সংগ্ৰহ আছে। এই সন্দৰ্ভত ডঃ ৰেমীয়ে কয়, "মই বিভিন্ন ধৰনৰ গছৰ পুলি সংগ্ৰহ কৰাৰ এক চখ আছে। মই অতি দুৰ্লভ আৰু দুষ্প্ৰাপ্য গছৰ পুলি সংগ্ৰহ কৰি আহিছো। যিবোৰ গছপুলি সহজে পোৱা নাযায় আৰু পুলিবোৰৰ মূল্য অতি বেছি। মই অনলাইনৰ জৰিয়তে পুলিবোৰ ক্ৰয় কৰো। বৰ্তমান মোৰ ওচৰত দুৰ্লভ ফিলোদেন'ৰোচ, এনথুৰিয়ামচ, চিংগোনিয়ানচ, এলোকেচিয়াচ আদিকে ধৰি ৭০ বিধৰো অধিক প্ৰজাতিৰ গছ সংগ্ৰহ কৰিছো আৰু ১৫০ লৈ বৃদ্ধি কৰিম বুলি ভাবিছো। যিবোৰেৰে ভৱিষ্যতলৈ সৰুকৈ ব্যৱসায় আৰম্ভ কৰিম বুলিও এক পৰিকল্পনা কৰিছো।"
 
মহিলাসকলৰ উদ্দেশ্যে ডঃ ৰেমীয়ে কয়, "মহিলাসকল আত্মবিশ্বাসী হব লাগে। কিয়নো বিভিন্ন সময়ত দেখা যায় যে মহিলাসকলে আগবাঢ়ি যোৱাৰ বাবে সমাজ তথা পৰিয়ালৰ তৰফৰ পৰা সমৰ্থন লাভ নকৰে। এনেকুৱা বহু মহিলা আছে যিসকলে বিভিন্ন প্ৰতিভাৰ গৰাকী হয় যদিও সমৰ্থন আৰু সহযোগিতাৰ অভাৱৰ বাবে আগবাঢ়ি যাব পৰা নাই। তেনে ক্ষেত্ৰত মহিলা সকলক সহযোগ কৰিব লাগে আৰু তেওঁলোকক আত্মবিশ্বাসী কৰি তুলিব লাগে।"