অসমীয়া মুছলমান সমাজৰ ঈদ-উল-ফিটৰৰ খাদ্য সম্ভাৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
সুস্বাদু পুলাও আৰু সৰ্বোত্তম মিঠা সুস্বাদু চেৱাই
সুস্বাদু পুলাও আৰু সৰ্বোত্তম মিঠা সুস্বাদু চেৱাই
  জাফ্ৰি মুদ্দাছৰ নফিল / নতুন দিল্লী 
 
অহা কাইলৈ সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হব  ঈদ-উল-ফিটৰ। ঈদ-উল-ফিটৰ হৈছে আনন্দৰ উৎসৱ, ঈশ্বৰৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰা। ঈদত পৰিয়াল তথা বন্ধুবৰ্গৰ সৈতে বিভিন্ন সুস্বাদু ব্যঞ্জনেৰে এসাঁজ তৃপ্তিৰে খোৱা হয়। এই উৎসৱ সম্পূৰ্ণ এমাহ ৰমজানৰ উপবাসৰ সন্ধিয়াৰ অন্তত পিছদিনা পুৱা উদযাপন কৰা হয়।   
 
অসমীয়া মুছলমান লোকসকলেও উলহ মালহেৰে ঈদ উদযাপন কৰি আহিছে। বহুতৰ বাবে, ঈদৰ দিনটো আৰম্ভ কৰা হয় সৰ্বোত্তম মিঠা সুস্বাদু চেৱাইৰে। আজিকালি, বজাৰত সাধাৰণ তথা ৰঙীন আদি বিভিন্ন প্ৰকাৰৰ চেৱাই উপলব্ধ।
 
সেৱাইৰ বজাৰ
 
পূৰ্বতে, বহুতো পৰিয়ালে তেওঁলোকৰ ঘৰতে চেৱাই প্ৰস্তুত কৰিছিল। মোৰ মনত আছে যে মই যেতিয়া সৰু আছিলো, তেতিয়া মোৰ আইতাই  ঘৰতে চেৱাই প্ৰস্তুত কৰিছিল। তেওঁ ময়দাৰ একোটা লাড্ডু আমাৰ 'চেৱাই মেচিন'ৰ ভিতৰ সুমুৱাই দিছিল আৰু  মেচিনৰ মুখেৰে সূক্ষ্ম চেৱাই ওলাই নহা পৰ্যন্ত মেচিনৰ হেণ্ডেল ঘূৰাই আছিল। মেচিনৰ পৰা ওলোৱা দীঘল ক্ষীণ চেৱাইৰ টুকুৰাবোৰ এডাল ওলমি থকা ৰছীত ওলোমাই সূৰ্যৰ ৰদত শুকাবলৈ দিয়া হৈছিল। 
 
সুস্বাদু পুলাও
 
ঈদ-উল-ফিটৰৰ ৰাতিপুৱা পাতল ময়দা পৰঠাবোৰো ভুনা বা কোৰ্মা নামৰ মাংসৰ ব্যঞ্জনৰ সৈতে পৰিবেশন কৰা হয়। অসমীয়া মুছলমানলোক সকলে  ৰন্ধা এই কোৰ্মা দেশৰ আন প্ৰান্তত থকা কোৰ্মাতকৈ পৃথক। কিয়নো এই ব্যঞ্জনত ব্যৱহৃত অধিক পিয়াজৰ বাবে ইয়াৰ সোৱাদ অলপ মিঠা হয়। লগতে মচলাৰ নূন্যতম ব্যৱহাৰৰ বাবে ই মৃদু হয়। পৰঠাবোৰ ঘূৰণীয়া, বৰ্গ আৰু আনকি ত্ৰিভুজাকাৰ আদি বিভিন্ন আকৃতিত তৈয়াৰ কৰা হয়। 
 
সুস্বাদু মিঠা 
 
ঈদৰ দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰত বিভিন্ন প্ৰকাৰৰ মাংসৰ ব্যঞ্জন - সাধাৰণ ব্যঞ্জনৰ পৰা আৰম্ভ কৰি ভুনা আৰু কোৰ্মাৰ পৰা ৰোষ্টলৈ সকলো পুলাওৰ সৈতে ৰন্ধা হয়। পুলাওৰ বাবে জোহা চাউল ব্যৱহাৰ কৰা হয়। 
 
অসমত বিৰিয়ানীৰ কোনো নিজৰ ৰন্ধন প্ৰক্ৰিয়া নাই। কিন্তু এটা নিৰ্দিষ্ট ব্যঞ্জন যিটো অসমীয়া মুছলমান লোকসকলৰ বাবে অতি স্বকীয় সেইটো হ'ল কুৰ্মা পুলাও। চাউলবোৰ কোৰ্মাত সিজোৱা হয়, যেতিয়ালৈ সকলো তৰল ইয়াৰ পৰা শোষিত হৈ নাযায়।  
 
আঙঠাত বনোৱা চীক কাবাব
 
পুলাও, মাংস অবিহনেও ৰন্ধা হয়। কিয়নো ইয়াক অন্যান্য মাংসৰ ব্যঞ্জনৰ সৈতে পৰিৱেশন কৰা হয়। কাবাব আৰু কফটাছ, এগ চপচ, মিট ল'ৱছ আদিও ঈদৰ খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰা হয়।  
 
ঈদত নান কাটা আৰু নান খাটাই, বিভিন্ন প্ৰকাৰৰ বৰ্ফি, লাড়ু আৰু কেক, এপল পাই, কেৰামেল কাষ্টাৰ্ড আৰু টাৰ্টৰ আদি মিঠাইৰ লগতে বিভিন্ন প্ৰকাৰৰ মাংসৰ মিঠাইও প্ৰস্তুত কৰা হয়।
 
চিকেন কোৰ্মা আৰু কোফটা
 
ঈদ হৈছে মৰমৰ আদান প্ৰদান কৰা। মুছলমান লোকসকলে দৰিদ্ৰ লোকসকলক ফিটৰা আৰু জাকা আদায় দিয়ে। যাতে দৰিদ্ৰ লোকসকলেও ঈদত ভোকত নাথাকি উদৰ পুৰাই তৃপ্তিৰে এসাঁজ খাব পাৰে।
 
(লেখক এজন অসমৰ ডিব্ৰুগড় জিলাৰ বাসিন্দা আৰু দিল্লীত অৱস্থিত এজন জেষ্ঠ্য সাংবাদিক। তেওঁৰ সদ্য প্ৰকাশিত গ্ৰন্থখন হৈছে "THE IDENTITY QUOTIENT -The Story Of The Assamese Muslim".)