গুৱাহাটী
কাজিৰঙাত পৰ্যটকৰ বাবে মুকলি কৰা হ'ল হাতী ছাফাৰি। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা আৰু বাগৰি বনাঞ্চলত হাতী ছাফাৰি মুকলি কৰে। কঁহৰা বনাঞ্চলৰ মিহিমুখ প্ৰৱেশদ্বাৰত দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত পৰম্পৰাগত হস্তী পূজা অনুষ্ঠিত কৰি উদ্যানৰ সঞ্চালক ডঃ সোণালী ঘোষে মুকলি কৰে ছাফাৰি।
পূব অসম বন্যপ্রাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশৰ উপস্থিতিত বহিঃৰাষ্ট্র কানাডাৰ লগতে দেশৰ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰ্যটকে মুকলিৰ প্ৰথম দিনাই হাতী ছাফাৰিৰ সুবিধা লাভ কৰে। কানাডাৰ পৰা অহা পৰ্যটকৰ দলটোৱে জনিব দিয়া ম’তে, এয়া কাজিৰঙালৈ তেওঁলোকৰ প্ৰথমটো ভ্রমণ। কহঁৰা বনাঞ্চলত হাতী ছাফাৰিৰ আৰম্ভণিতে কিছু শংকা উপজিছিল যদিও সুকলমে উদ্যানৰ অন্তৰ্ভাগৰ নৈসর্গিক দৃশ্য, বিবিধ পক্ষীৰ কলৰৱৰ মাজেৰে সেউজ বননিত গঁড়, এচিয়াটিক বনৰীয়া ম'হ, হৰিণৰ জাক, বন গাহৰিৰ মুক্ত বিচৰণৰ মনোমোহা দৃশ্যই অনাবিল আনন্দ দিয়ে বুলিও ব্যক্ত কৰে কানাডিয়ান পৰ্যটকৰ দলটোৰ পুৰুষ- মহিলাই।
ইফালে, বাগৰি বনাঞ্চলতো পৰ্যটকৰ বাবে মুকলি কৰা হয় হাতী ছাফাৰি। বনাঞ্চলিক বিষয়া বিবিত দিহিঙীয়াই জানিব দিয়া অনুসৰি, কলকাতাৰ এগৰাকী কণমানি শিশু পর্যটক সৃজনী কর্মকাৰৰ দ্বাৰা ফিটা কটোৱাই বাগৰি বনাঞ্চলৰ হাতী ছাফাৰি মুকলি কৰা হয়। ব্যক্তিগত হাতীৰে পৰ্যটকক হাতী ছাফাৰি কৰোৱা বাগৰি বনাঞ্চলত ২০২৩-২৪ পৰ্যটন বৰ্ষৰ বাবে মুঠ ৩৫টা হাতী পৰ্যটকক কঢ়িয়াবৰ বাবে অনুমোদন জনোৱা হৈছে বুলি প্ৰকাশ কৰিছে।
উল্লেখ্য, বাগৰি বনাঞ্চলত ব্যক্তিগত হাতীৰে ছাফাৰি কৰোৱাৰ বিপৰীতে কঁহৰাত বিভাগীয় হাতীৰে ছাফাৰি কৰোৱা হয় । পৰৱৰ্তী সময়ত পৰ্যটকৰ ভিৰলৈ লক্ষ্য ৰাখি ছাফাৰিৰ বাবে কঁহৰাত হাতীৰ সংখ্যা বৃদ্ধি কৰা হ'ব বুলি জানিব পৰা গৈছে। ৪ আৰু ৫ নৱেম্বৰত বন্ধ থাকিব কঁহৰা বনাঞ্চলঃ পূব অসম বন্যপ্রাণী সংমণ্ডল প্ৰাধিকাৰী অৰুণ বিঘ্নেশে জাৰি কৰা এক জাননী অনুসৰি ৪ আৰু ৫ নৱেম্বৰত পৰ্যটকৰ বাবে উদ্যানৰ কঁহৰা বনাঞ্চলত হাতী আৰু জীপ ছাফাৰি বন্ধ থাকিব।