স্বপ্না দাস
আমাৰ পৰিৱেশতন্ত্ৰত প্ৰতিটো জীৱৰে আছে নানান দিশত অজস্ৰ অৰিহণা। চৰায়েও পৰিৱেশ তন্ত্ৰলৈ যোগাই আহিছে অনেক অৰিহণা। সেয়েহে পখীৰ সুৰক্ষা আৰু সংৰক্ষণ আমাৰ বাবে এক অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। দেখা যায় যে, ঋতু পৰিবৰ্তনৰ বাবে বছৰটোৰ বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা অনুকূল পৰিৱেশৰ সন্ধানত অনেক চৰাই আহি আলহী হয় অন্য অনেক ঠাইৰ। এই চৰাইবোৰে পৰিভ্ৰমণ কৰা সময়ছোৱাত বহুতো ঠাই অতিক্ৰম কৰি যাত্ৰা কৰাৰ পথত বিভিন্ন সমস্যাৰ সন্মুখীন স্বাভাৱিকভাৱে হয়। তেনে পৰিপ্ৰেক্ষিতত দিন বাগৰাৰ লগে লগেই পৰিভ্ৰমী চৰাইৰ সংখ্যা দিনে দিনে হ্ৰাস পাবলৈ ধৰিছে বুলি বিভিন্ন তথ্যৰ পৰা জানিব পৰা যায়।
চৰাইৰ অনেক প্ৰজাতিৰ হ্ৰাস বা বিলুপ্তিৰ দিশে অগ্ৰসৰ হ'বলৈ ধৰাতো পৰিৱেশতন্ত্ৰলৈ এক ভাবুকি কঢ়িয়াই আনিছে। প্ৰকৃতিয়ে সন্মুখীন হ'বলৈ ওলোৱা এনে বিপদে পৰিৱেশৰ লগতে জীৱজগতলৈ আহিবলগীয়া ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিভ্ৰমী চৰাইৰ সুৰক্ষা আৰু সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বৰ পৰিবেশ কৰ্মী, চৰকাৰী বা ব্যক্তিগত অনুষ্ঠান প্ৰতিষ্ঠান জড়িত হৈ আছে।
'মধ্য এছীয় ফ্লাইৱেৰ' আকাশীমাৰ্গৰে উৰি থকা এজাক পৰিভ্ৰমী চৰাই
ভাৰতবৰ্ষৰ লগতে সমগ্ৰ বিশ্ব প্ৰেক্ষাপটতেই ২০২৪ বৰ্ষটো পৰিভ্ৰমী চৰাইৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে হৈ ৰ'ব এক বিশেষভাৱে উল্লেখনীয় বৰ্ষ হিচাপে। এইক্ষেত্ৰত ভাৰতত পৰিলক্ষিত সজাগতামূলক পদক্ষেপো লক্ষণীয়। কিয়নো পৰিভ্ৰমী চৰাইৰ বিভিন্ন আকাশীমাৰ্গৰ ভিতৰত 'মধ্য এছীয় ফ্লাইৱেৰ' অৱস্থিতিৰ প্ৰতিষ্ঠা আৰু ইয়াৰ সংৰক্ষণৰ বাবে ২০২৪ চনত ভাৰতৰ উদ্যোগত কাৰ্যব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।
ভাৰত চৰকাৰৰ নেতৃত্বত আৰু 'বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল'ৰ বলিষ্ঠ সহযোগত চৰকাৰসমূহে ৰাষ্ট্ৰসংঘৰ প্ৰব্ৰজনকাৰী প্ৰজাতিৰ সন্ধি (চিএমএছ চিঅ’পি১৪)ৰ অধীনত মধ্য এছিয়ান ফ্লাইৱেৰ বাবে এক পদক্ষেপ স্থাপনৰ প্ৰতিশ্ৰুতি দিছে। এই ঐতিহাসিক পদক্ষেপে চৰকাৰ, 'বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল'ৰ অংশীদাৰ আৰু অন্যান্য অংশীদাৰসকলক একত্ৰিত কৰি চাইবেৰিয়াৰ পৰা মালদ্বীপলৈকে ৩০খন দেশৰ পৰিভ্ৰমী চৰাইৰ গতি নিশ্চিত কৰিব।
পৰিভ্ৰমী চৰাই
এই উৰণ পথ ব্যৱহাৰ কৰা ছয় শতাধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ জনসংখ্যা সংৰক্ষণৰ পথ প্ৰশস্ত কৰিব বুলি আশা কৰিব পাৰি। পৃথিৱীৰ কেইবাটাও আকাশী পথৰ ভিতৰত মধ্য এছিয়াৰ আকাশী পথটো আটাইতকৈ চুটি যদিও এই পথে শক্তিশালী হিমালয়, হিমশীতল টাণ্ড্ৰা, আৰবৰ বিশাল মৰুভূমি আৰু ভাৰত মহাসাগৰৰ বিশাল পানীভাগৰ দৰে ভয়ংকৰ প্ৰাকৃতিক পৰিৱেশ অতিক্ৰম কৰিবলগীয়া হয়। এই দুৰ্গম আকাশী পথ অতিক্ৰম কৰোতে মধ্য এছিয়ান ফ্লাইৱেত ২৪০টাতকৈও অধিক প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ জনসংখ্যা হ্ৰাস পাইছে।
তদুপৰি এতিয়ালৈকে সৰ্বমুঠ ৪৮টা প্ৰজাতিৰ চৰাই বিশ্বব্যাপী ভাবুকিৰ সন্মুখীন হোৱা বুলি তালিকাভুক্ত কৰা হৈছে। তেনে সময়তে ভাৰত চৰকাৰৰ নেতৃত্বত মধ্য এছিয়ান ফ্লাইৱেৰ ৩০খন দেশে চিএমএছ চিঅ’পি১৪ত চৰাই আৰু মানুহৰ বাবে এই জটিল আকাশী পথটোৰ মাজেৰে যাতায়ত কৰা পৰিভ্ৰমী চৰাইৰ সৰ্বাংগীনভাৱে সহযোগিতা আগবঢ়াবলৈ সন্মতি দিয়াৰ সমানেই সেই দিশত কামো কৰিছে। বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেলৰ পাৰ্টনাৰশ্বিপে বিপন্ন প্ৰজাতিৰ চৰাইৰ বাসস্থান আৰু যাত্ৰাপথত সন্মুখীন হোৱা প্ৰতিকূলতাৰ বাবে স্থানীয় সম্প্ৰদায়ৰ সৈতে স্থলভাগত ব্যৱস্থা গ্ৰহণৰ বাবে সমগ্ৰ অঞ্চলটোত কাম কৰি আছে।
খন্তীয়া হাঁহ
পৰিভ্ৰমী চৰাইৰ সংৰক্ষণৰ বাবে সমগ্ৰ বিশ্বৰে বিভিন্ন দেশত সময়ে সময়ে বিভিন্ন পদক্ষেপ লৈ আহিছে। উত্তৰ-পূৰ্ব ভাৰতস্থিত নাগালেণ্ডৰ প্ৰকৃতি শিক্ষণ কেন্দ্ৰই ২০২৪ৰ ৪ নৱেম্বৰত টোখু ইমং চৰাই গণনা (টিইবিচি) মুকলি অনুষ্ঠানৰ আয়োজন কৰে, য’ত নাগৰিক বিজ্ঞান আৰু সংৰক্ষণৰ প্ৰচাৰৰ বাবে চাৰিদিনীয়া কাৰ্যসূচী আৰম্ভ হয়। প্ৰতি বছৰে ৪ নৱেম্বৰৰ পৰা ৭ নৱেম্বৰলৈ অনুষ্ঠিত হোৱা এই পদক্ষেপৰ লক্ষ্য হৈছে নাগালেণ্ডৰ চহকী চৰাই-চিৰিকটিৰ নথিভুক্ত কৰা, চৰাইৰ জনসংখ্যাৰ ধাৰা বুজি পোৱা আৰু সম্প্ৰদায়ভিত্তিক সংৰক্ষণক প্ৰসাৰ কৰা।
ই পৰিৱেশ সুৰক্ষাৰ বাবে সামূহিক কাৰ্য্যক প্ৰেৰণা দিয়াৰ লগতে প্ৰকৃতিপ্ৰেমী, ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু বিষয়াসকলকো আকৰ্ষিত কৰে। উল্লেখ্য যে, ২০২৪ বৰ্ষৰ বন্যপ্ৰাণী সপ্তাহ উদযাপনৰ অংশ হিচাপে নাগালেণ্ডৰ ডাইজেফে গাঁৱৰ বেথাল এ জি স্কুল বন্যপ্ৰাণী সংৰক্ষণ কাৰ্য্যকলাপৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হয়। পখী বিষয়ক নাগালেণ্ডৰ একমাত্ৰ স্বেচ্ছাসেৱী অনুষ্ঠান 'ইক’ ৱাৰিয়ৰ্ছ'ৰ নিষ্ঠাবান প্ৰচেষ্টাত কেৱল পৰিভ্ৰমী চৰাইৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
বগা বালিমাহী
পখীৰ পৰিভ্ৰমণ প্ৰকৃতিৰ আটাইতকৈ আশ্চৰ্যকৰ পৰিঘটনাসমূহৰ ভিতৰত অন্যতম৷ সমগ্ৰ বিশ্বৰ চৰাইৰ প্ৰজাতিসমহূৰ ভিতৰত প্ৰায় ২০% অৰ্থাৎ প্ৰায় ২০০০ বিধ সৰু-বৰ চৰায়ে ঋতু অনুযায়ী খাদ্যবস্তু তথা বাসস্থানৰ সন্ধানত বিভিন্ন অঞ্চললৈ পৰিভ্ৰমণ কৰে৷ অসমৰ বিভিন্ন অঞ্চললৈও শীতকালৰ আগমনৰ লগে লগে পৰিভ্ৰমী চৰাইৰ সোঁত বয়৷ ২০২৪ বৰ্ষটোও ইয়াৰ ব্যতিক্ৰম নাছিল।
অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান, ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, ওৰাং ৰাষ্ট্ৰীয় উদ্যান, নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দীপৰ বিল, নলবাৰী জিলাৰ বৰি-টাপা, বৰবিলা আৰু শোলমাৰা আৰু পূব নলবাৰীৰ বিলবোৰ, সৰুক্ষেত্ৰীৰ কাপলা বিল, বঙাইগাঁৱৰ তামৰঙ্গা বিল, কয়া-কুঁজীয়া, বুঢ়াচাপৰি অভয়াৰণ্য, মাজুলীৰ বিভিন্ন জলাশয় আদিকে ধৰি বিভিন্ন অঞ্চললৈ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জলকেলি কৰি থকা এজাক পৰিভ্ৰমী চৰাই
তথ্য অনুসৰি অসমলৈ ২৮০বিধ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে। ২০২৪ বৰ্ষও পৰিভ্ৰমী চৰাইৰ কাকলিত মুখৰ হয় অসমৰ বিভিন্ন প্ৰান্ত। এইখিনিতে প্ৰসংগক্ৰমে উল্লেখ কৰা হ'ল যে, বিশ্বব্যাপী সুদীৰ্ঘ সময় ধৰি আৰু সৰ্বোচ্চতাত পৰিভ্ৰমণ কৰা চৰাইসমূহৰ মাজত অন্যতম ধৃতিৰাজ নামৰ বনৰীয়া হাঁহবিধ সুদূৰ ৰাছিয়াৰ পৰা অসমকে ধৰি ভাৰতৰ অন্যান্য ঠাইবোৰলৈ সুউচ্চ হিমালয় পৰ্বত উৰি পাৰ হৈ আহে৷
ক'লীমূৰী হাঁহ অসমৰ কাজিৰঙা, ওৰাং, মানাহকে ধৰি বিভিন্ন বনাঞ্চল আৰু জলাশয়ত পাৰ হৈ যোৱা বছৰটোৰ শীতকালত দেখিবলৈ পোৱা যায়৷ খন্তীয়া হাঁহ, বগা বালিমাহী, বৰবালি বগুৱা ,লৰীয়তী, ৰামপাৰ, গলমণিকা নাচনী ,চাকৈ চকোৱা, দীঘল নেজী আদিকে ধৰি অনেক প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী আহি অসমৰ বিভিন্ন ক্ষেত্ৰৰ আলহী হয়, যাৰ বাবে সেইসমূহ অঞ্চলত ৰং-বিৰঙী নানা প্ৰান্তৰ নানা পক্ষীৰে এক নান্দনিক দৃশ্যই বিৰাজ কৰে। ফলত তেনে ক্ষেত্ৰত সমূহ হৈ পৰে শীতকালীন পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
চাকৈ চকোৱা
পৰিভ্ৰমী পক্ষী সংৰক্ষণৰ বাবে বিশ্বজনীন সজাগতা বৃদ্ধি অভিযান আৰু আন্তৰ্জাতিক সহযোগিতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিবছৰে মে' আৰু অক্টোবৰৰ দ্বিতীয় শনিবাৰে বিশ্ব পৰিভ্ৰমী পক্ষী দিৱস উদযাপন কৰা হয়। বিশ্ব পৰিভ্ৰমী পক্ষী দিৱসৰ এই দুটা দিনত চৰাইৰ প্ৰব্ৰজনৰ চক্ৰীয় প্ৰকৃতিৰ লগতে উত্তৰ আৰু দক্ষিণ গোলাৰ্ধৰ বিভিন্ন শীৰ্ষ প্ৰব্ৰজন কাল প্ৰতিফলিত কৰাৰ এক উপায় হিচাপে কাম কৰা হয়। ২০২৪ বৰ্ষতো এই প্ৰয়াস অনন্য ৰূপত প্ৰতিফলিত হয়।
আনহাতে ভাৰতৰ পক্ষী বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত চলিম আলীৰ জন্ম দিন ১২ নৱেম্বৰটোক পক্ষী দিৱস হিচাপে পালন কৰা হয়। তেওঁ গোটেই জীৱন চৰাইৰ অধ্যয়নত উচৰ্গা কৰিছিল। তেওঁ ভাৰতৰ বিভিন্ন চৰাইৰ তথ্য সংগ্ৰহ কৰি কেইবাখনো গ্ৰন্থ ৰচনা কৰে। তেওঁৰ এই কামৰ ফলত ভাৰতত চৰাই নিৰীক্ষণৰ আন্দোলন আৰম্ভ হয়। আনহাতে, ২০২৪ বৰ্ষৰ ১২ অক্টোবৰত পালন কৰা বিশ্ব পৰিভ্ৰমী চৰাই দিৱসৰ বিষয়বস্তুৱে প্ৰথমবাৰৰ বাবে পৰিভ্ৰমী চৰাইৰ বাবে পোক-পৰুৱাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰা পৰিলক্ষিত হয়। ইয়াৰ লগতে বিশ্বজুৰি ক্ৰমান্বয়ে হ্ৰাস পোৱা পোক-পৰুৱাৰ সংখ্যা ৰক্ষাৰ বাবে অধিক পদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱাও হয়। অন্য জীলকুলৰ লগতে পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে ই এক গুৰুত্বপূৰ্ণ পদক্ষেপৰ সূচনা নিশ্চয়কৈ কৰিব।
ভাৰতৰ পক্ষী বিজ্ঞানৰ পিতৃ হিচাপে পৰিচিত চলিম আলী
পৰিভ্ৰমী চৰাই সংৰক্ষণৰ ক্ষেত্ৰত ২০২৪ বৰ্ষত বিশেষ পদক্ষেপ লোৱা 'SAVE Brasil'ৰ পৰিচালক আৰু চৰাইৰ পৰিৱেশ বিজ্ঞানত পি এইচ ডি ডিগ্ৰীধাৰী অভিজ্ঞ জীৱবিজ্ঞানী পেড্ৰ’ ডেভেলীৰ নিৰ্দেশনাত ব্ৰাজিলৰ বাৰ্ডলাইফৰ অংশীদাৰ ছেভ ব্ৰাজিলে দেশখনৰ চহকী পক্ষীৰ জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লাভ কৰিছে। পক্ষী সংৰক্ষণৰ প্ৰতি থকা পেড্ৰ’ৰ দায়বদ্ধতাই এক নজিৰ গঢ়িবলৈ সক্ষম হয়।
উত্তৰ-পূব ব্ৰাজিলৰ আটলাণ্টিক অৰণ্যত তেওঁৰ প্ৰচেষ্টাত ২০০৪ চনত ছেভ ব্ৰাজিলত যোগদান কৰাৰ পিছৰে পৰা তেওঁ ২০২৪ বৰ্ষলৈ ৫০০ হেক্টৰৰ এক গুৰুত্বপূৰ্ণ অঞ্চল ক্ৰয় আৰু সংৰক্ষণৰ ক্ষেত্ৰত আগভাগ লৈছে। কয়লা উৎপাদনৰ বাবে বনাঞ্চল ধ্বংসৰ পৰা ৰক্ষা কৰিবৰ বাবে এই পদক্ষেপে চৰাইৰ কেৱল গুৰুত্বপূৰ্ণ বাসস্থানসমূহ সুৰক্ষিত কৰাই নহয়, ভৱিষ্যতৰ সংৰক্ষণ প্ৰকল্পৰ বাবেও এক উল্লেখনীয় অৱদান। মুঠতে পৰিৱেশতন্ত্ৰলৈ চৰাইৰ ভূমিকাৰ প্ৰতি লক্ষ্য ৰাখি আমি সকলোৱে পৰিভ্ৰমী চৰাইৰ সুৰক্ষাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ লোৱাটো প্ৰকৃতিৰ উপৰি সমগ্ৰ জীৱকুলৰ বাবেই এক অতিকৈ গুৰুত্বপূৰ্ণ বিষয়। এই ক্ষেত্ৰত পৰিভ্ৰমী চৰাইৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সজাগতাৰে দায়িত্ব পালন কৰাতো জৰুৰী হৈ পৰিছে।
এজোপা গছত এজাক পৰিভ্ৰমী চৰাই
আশাপ্ৰদ কথা এয়ে যে, ২০২৪ বৰ্ষত ইয়াৰ ইতিবাচক পদক্ষেপ পৰিলক্ষিত হয়। এয়া শুভংকৰ। এনে শুভংকৰ বতৰাৰে সমৃদ্ধ ২০২৪ বৰ্ষত পখী সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বজুৰি সমাদৃত ব্ৰাজিলৰ পেড্ৰ' ডেভেলিৰ এষাৰি বক্তব্য বিশেষভাৱে চৰ্চিত হৈছে। তেওঁ কৈছিল, "চৰাই আমাৰ দূত। তেওঁলোকে আমাৰ গ্ৰহৰ পৰিস্থিতিৰ বিষয়ে যোগাযোগ কৰিব পাৰে আৰু মানুহক প্ৰকৃতিৰ সৈতে জড়িত কৰিব পাৰে। সেইবাবেই মই চৰাই ভাল পাওঁ।"
এই মুহূৰ্তত পেড্ৰ' ডেভেলিয়ে তেওঁ চৰাই ভালপোৱাৰ কাৰণটো জানিবৰ সময়ত আমাৰ মাতৃভাষাৰ এটি গীতৰ কলি মনলৈ আহিছে, যিটো গীতৰ প্ৰত্যাশাৰ বাস্তৱ দেখা গ'ল পাৰ হৈ যোৱা বছৰটোত--- "যা যা যা যা, যা পখী দূৰলৈ, উৰি উৰি উৰি যা নীলা আকাশলৈ... ঘূৰি ঘূৰি ঘূৰি চা মোৰ পথাৰলৈ....।"
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখিকা)