নিভাঁজ প্ৰেমৰ প্ৰতীক দেউতা

Story by  atv | Posted by  Munni Begum • 1 Years ago
পিতৃ দিৱসৰ প্ৰতিনিধিত্বমুলক ছবি (ছবি ইণ্টাৰনেট)
পিতৃ দিৱসৰ প্ৰতিনিধিত্বমুলক ছবি (ছবি ইণ্টাৰনেট)
মামণি শৰ্মা

দেউতা.... তিনিটা বৰ্ণৰ যেন এক নিভাঁজ প্ৰেম-ভালপোৱাৰ অমলিন ফোৱাৰা। কোনো কালে নজহা-নপমা জীয়া চৰিত্ৰটিয়েই দেউতা। হাতে হাত ধৰি এখোজ-দুখোজকৈ দুভৰিৰ ছন্দ বাজি উঠাৰে পৰা প্ৰতিগৰাকী সন্তানৰ সতে সম্পৃক্ত হৈ পৰে দেউতা নামৰ স্থিতপ্ৰজ্ঞ চৰিত্ৰটিৰ সতে। যি চৰিত্ৰই বুকুত এজাক ধুমুহা লৈ ফুৰিও সন্তানক দিয়ে প্ৰশান্তিৰ আচ্ছাদন। যি আচ্ছাদনে ঢাকি ৰাখে হাজাৰ ধুমুহাৰ কলৰৱ। দেউতা ৰূপৰ জীয়া ছবিয়ে আঁকি যায় অনেক ছবিৰ অনেক ভাবগাথা। 
 
পিতৃ-পিতা-দেউতা যি নামেৰেই নামাংকৃত নকৰোঁ কিয় সন্তানৰ বাবে পিতৃ-মাতৃ এক এৰাব নোৱাৰা মিঠা যুটি। যি যুটিয়ে যুটি বান্ধি সমগ্ৰ জীৱন সন্তানৰ হিতৰ বাবেই চিন্তা কৰে। যি হিত চিন্তা-কুশল প্ৰাৰ্থনাৰ আঁৰত লুকাই থাকে অশেষ কষ্ট ...অশেষ ত্যাগ। নিজলৈ চিন্তা নকৰি চৌবিশ ঘণ্টাই মাথোঁ সন্তানৰ বাবেই চিন্তা কৰি থকা ব্যক্তি গৰাকীয়েই হ'ল দেউতা। বিশেষ অনুভৱেৰে ভাৱসম্পৃক্ত পিতৃৰ বাবেই এটি দিন সমগ্ৰ পৃথিৱী জুৰি পালন হবলৈ ললে। 
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সোনোৰা লুই স্মাৰ্ট ডডৰ মনলৈ প্ৰথমবাৰৰ বাবে "পিতৃ দিৱস" উদযাপনৰ চিন্তা আহিছিল। পিতৃ উইলিয়াম জেকছন স্মাৰ্টক বিশেষভাৱে সন্মান জনাবলৈকেই সোনোৰা লুই স্মাৰ্ট ডডে পৰিকল্পনা কৰিছিল এই পিতৃ দিৱস উদযাপনৰ। দেউতাকক সন্মান জনাবলৈ উদযাপন কৰা বাবে দিনটোৱে সেই সময়ত বৰ জনপ্ৰিয়তা লভিছিল আৰু আনেও উদযাপন কৰিবলৈ আৰম্ভ কৰিছিল। ১৯১০ চনত প্ৰথমবাৰৰ বাবে দেউতাক উইলিয়াম জেকছন স্মাৰ্টৰ জন্মদিন উপলক্ষত সোনোৰা লুই স্মাৰ্ট ডডে পিতৃ দিৱস উদযাপন কৰিছিল যদিও ৰাষ্ট্ৰপতি লিণ্ডণ জনছনে জুনৰ তৃতীয়টো দেওবাৰে "পিতৃ দিৱস" উদযাপন আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰত আৰম্ভ হোৱা এই দিৱস উদযাপনৰ পৰম্পৰা ক্ৰমশঃ পৃথিৱীৰ অন্য দেশলৈ গতি কৰে।
 
দেউতাকৰ সৈতে খোজ কাঢ়িছে এগৰাকী কনমাণি কন্যাই (ছবি-pexels.com)
 
হাতে হাত ধৰি খোজ কাঢ়া বয়সৰ পৰাই প্ৰতিগৰাকী সন্তানৰ বাবে পথ প্ৰদৰ্শক হৈ পৰে দেউতা। দেউতাৰ সতে পাৰ কৰা নিৰ্দোষ ধেমালি..... যি ধেমালিয়ে মাথোঁ উদ্বেলিত কৰি তোলে সময়। কন্যা সন্তানৰ বাবে আকৌ দেউতা হৈ পৰে অভিন্ন সম্পৰ্কৰ এক পৱিত্ৰ প্ৰেমগাথা। যি কন্যা সন্তানে জীৱনত প্ৰথমবাৰৰ বাবে দেউতাকেই পায় বন্ধু ৰূপত। যি বন্ধু প্ৰতিজনী ছোৱালীৰ বাবে এৰাব নোৱাৰা এক অটুট বান্ধোনত পৰিণত হয়। আয়ে ৰন্ধা ভাত সাজত দেউতাৰ কৌশলী হাতৰ চাপ প্ৰায় প্ৰতিটো পৰিয়ালতেই চলে। দেউতাৰ হাতৰ আলু পিটিকাৰ সোৱাদ আৰু গোট গোট আঙুলিত লাগি ৰোৱা আলু চেলেকিবলৈ দিয়াটোও যেন এক মিঠা ৰাগিহে। যি জীয়া ছবিয়ে মাথোঁ চঞ্চল কৰি তোলে সময়-প্ৰতিসময়। দমকয়েলৰ পাৰত পাৰ বান্ধি পানীত বহাই-বহাই চেম্পু সানি গা ধুৱাই দিয়া ছবিও দেউতা আৰু সন্তানৰ সতেই সম্পৃক্ত। পাৰ ভঙা উৎসাহৰ ঢলত লুটুৰি-পুতুৰি হৈ সেয়ে যত খেলি থাকে মাথোঁ সময়। 
 
বৰ্ষামুখৰ বৰষুণজাক আহি ওলায় কি নোলায়...দেউতা আহি ৰৈ থাকে-বৈ থাকে মাথোঁ চকুৰ পতাত। উজানৰ বগা মাছৰ খলকনিতো ৰৈ থাকে দেউতা সেউজীয়া ৰূপত। ঢৌ তুলা ৰূপালী মাছৰ ৰাগি লগা নাচোনত দেখো সময়েই নাচে। সন্তানৰ বাবেই সাধাৰণ হৈয়ো অসাধাৰণ ৰূপ লয় প্ৰতিগৰাকী পিতৃ। মাথোঁ ভিতৰৰ দেউতা ৰূপক বুজি পোৱাহে কথা। থাকি থাকি হঠাৎ ভাবুক হৈ পৰা এই মায়াবী চৰিত্ৰই দেউতা। হয়তো তেতিয়াই প্ৰতিগৰাকী দেউতাৰ ভিতৰত চলি থাকে হিচাপ-নিকাচৰ এক অঘোষিত যুদ্ধ। এই যুদ্ধ পৰিয়ালৰ জোৰা টাপলি মৰাৰ যুদ্ধ। হৃদয়ত কঢ়িয়াই লৈ ফুৰা যুদ্ধখনৰ বাকৰিয়েদি বৈ আহে মাথোঁ এক মিঠা হাঁহি। যি হাঁহিয়ে কৈ যায় মাথোঁ উজাগৰী জীৱনৰ প্ৰতিটো ৰাতিৰ সাধু।
 
পিতাৰ সুবাসত সুবাসিত নোহোৱা দেউতাবোৰেই সময়ৰ আমনিত হৈ পৰে অবুজ বালক। সন্তানৰ সন্মুখত অবুজ বালক হৈ পৰা দেউতাৰ ছবিও সেয়ে সজীৱ হৈয়েই ৰৈ থাকে মনৰ পেৰাত। প্ৰতি গৰাকী দেউতাৰ বাবে একোকে কৰিব নোৱাৰে কোনো সন্তানে। দৰাচলতে পিতৃৰ ঋণ পৰিশোধ সহজসাধ্য নহয় সন্তানৰ বাবে। ওৰেটো জীৱন স্বনিৰ্ভৰশীলতাৰ কঠিন শিলত কটা দেউতা মাথোঁ এক প্ৰস্তৰ মূৰ্তি। স্বাধীনতাৰ পাঠ পঢ়ি পৰিতৃপ্ত হোৱা প্ৰতিগৰাকী দেউতা সেয়ে স্বাধীন মনৰ গৰাকী। মনৰ উমান লবলৈ অহৰহ সম্পৰীক্ষা চলালে মাথোঁ কেতিয়াবা ধৰা পৰি যায় এই দেউতাৰূপী মায়াবী চৰিত্ৰ। 
 
পিতৃৰ সৈতে উমলিছে এগৰাকী কন্যাই (ছবি-pexels.com)
 
আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্পকেন, ৱাশ্বিংটনত প্ৰথমবাৰৰ বাবে উদযাপন হৈছিল পিতৃ দিৱস। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য বাহিনীৰ বিষয়া পিতৃ উইলিয়াম জেকছন স্মাৰ্টে অকলশৰীয়া অভিভাৱক ৰূপেই ছয়টিকৈ সন্তান ডাঙৰ দীঘল কৰা কথাটিয়ে পুত্ৰ সোনাৰা স্মাৰ্ট ডডৰ মনলৈ আনিছিল পিতৃক সন্মান জনাবলৈ এক অভিনৱ পৰিকল্পনা। যি পৰিকল্পনা ব্যক্ত কৰিছিল ১৯০৯ চনত গীৰ্জাত অনুষ্ঠিত মাতৃ দিৱসৰ অনুষ্ঠানত। সেই অনুসৰি সোনাৰা স্মাৰ্ট ডডৰ পিতৃৰ জন্মদিন ৫ জুনত উদযাপন কৰাৰ কথা আছিল যদিও অৱশেষত ১৯১০ চনৰ ১৯ জুনত প্ৰথমবাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰত পিতৃ দিৱস উদযাপিত হয়। 
 
পিতৃৰ প্ৰতি সন্তানে আগবঢ়োৱা এই অনন্য সন্মানেই এতিয়া সমগ্ৰ বিশ্ব জুৰি উদযাপিত হয় পিতৃ দিৱস। যি পিতৃ দিৱসক ইতিবাচক চিন্তা ৰূপে মান্যতা প্ৰদান কৰি প্ৰতিগৰাকী সন্তানে সন্মানেৰে খোজ দিয়ে সময় বালিত। লাঞ্ছিত-বঞ্ছিত নহৈ প্ৰতিগৰাকী দেউতাৰ মুখত জিলিকি উঠক এমোকোৰা মিঠা হাঁহি। যি হাঁহিৰ ফাকুগুৰিত বৈ থাকিব পাৰে এজাক সেউজীয়া বতাহ।
 
"পিতা স্বর্গ পিতা ধর্ম: পিত্য হি পরমং তপ: পিতরি প্রীতিমাপন্নে প্রীয়ন্তে সর্বদেবতা।" ভাৰতীয় পৰম্পৰাত প্ৰচলিত কথাষাৰেও পিতৃৰ প্ৰতি থকা দেৱতা ৰূপৰ অনন্য ছবিকেই প্ৰতিফলিত কৰি যুগ যুগ ধৰি পিতৃৰ প্ৰতি উচ্চ ভাৱৰাশিকেই প্ৰমাণ কৰা নাই জানো। যি ভাৱৰাশি অনন্ত কালজুৰি বৈ আছে ভাৰতীয় সন্তানৰ মন মন্দিৰত। 
 
(আজি পিতৃ দিৱস উপলক্ষে এই প্ৰতিবেদনটি প্ৰকাশ কৰা হৈছে)