আজিৰে পৰা আৰম্ভ দীপৰ বিলত সমূহীয়া মৎস চিকাৰ উৎসৱ

Story by  atv | Posted by  Munni Begum • 2 d ago
 দীপৰ বিলত সমূহীয়া মৎস চিকাৰ উৎসৱ
দীপৰ বিলত সমূহীয়া মৎস চিকাৰ উৎসৱ
 
গুৱাহাটী 
 
বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দেওবাৰ অৰ্থাৎ আজিৰে পৰা দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে। এই সমূহীয়া মাছ ধৰা উৎসৱ আগন্তুক মাঘ বিহুৰ উৰুকালৈকে অব্যাহত থাকিব বুলি দীপৰ বিল পাছপাৰা সমবায় সমিতিৰ সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে।   
 
অৱশ্যে এই মাছ ধৰা উৎসৱ দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত ব্যক্তিগতভাৱে নহয় শৃংখলাবদ্ধভাৱে আৰম্ভ হৈছে। দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলৰ উন্নয়নৰ হকে প্ৰতিবছৰে এই উৎসৱ পালন কৰি অহা হৈছে।  
 
এই সন্দৰ্ভত সমিতিৰ উপদেষ্টাদ্বয় প্ৰদীপ দাস আৰু নীৰেন চন্দ্ৰ দাস, সভাপতি গোলক দাস আৰু সম্পাদক গোলক দাসে জানিবলৈ দিয়া মতে জন্মলগ্নৰে পৰা সমিতিখনে বিলৰ লগতে বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰীয়া সকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে। যাতে বিলখনো প্ৰদূষণমুক্ত পৰিবেশত সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত পৰম্পৰাগতভাৱে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে।
 
তেওঁলোকে কয় যে, বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা মেধিপাৰা, হিৰাপাৰা, হাতুৱাপাৰা, নোৱাপাৰা, মাটিয়া, নতুনবস্তি, বৰবৰী আদি গাঁও কেইখনৰ  অনুসূচিত জাতিৰ প্ৰায় ৮২৫  টা মাছমৰিয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এই পৰিয়ালসমূহৰ কল্যাণৰ বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে। তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰত  যাৱতীয় ৰীতি-নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয়।
 
এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে। সমিতিখনে মাছৰ পোনা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাৱতীয় কাম-কাজসমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ বিপৰীতে বছৰেকত মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে। আনহাতে মাছ ধৰা পৰ্ব উপলক্ষে দীপৰ বিলৰ কিছু নিলগত থকা শ্ৰী কৃষ্ণ মন্দিৰত কালি বিয়লি স্থানীয় আয়তী সকলে নাম-প্ৰসংগ পৰিৱেশন কৰে। 
 
আনহাতে সমূহীয়া মাছ ধৰা পৰ্ব উপলক্ষে বিলৰ পাৰত গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা  মাছ কিনিবলৈ যান-বাহন লৈ পুৱাৰে পৰা হাজাৰ হাজাৰ লোকে বিলৰ পাৰত ভীৰ কৰা পৰিলক্ষিত হৈছে। সকলোৰে লক্ষ্য এটাই বিলৰ পাৰতে নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰা। দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলে পৰম্পৰা অনুসৰি  কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে। স্থানীয় ভাষাত আচকা ভাওতহে মাছ বিক্ৰী কৰি আহিছে। 
 
বিলত আন প্ৰজাতিৰ তুলনাত  ঘাইকৈ ৰৌ, ভকুৱা, বৰালি  মাছ বিলত নাওঁ লৈ যোৱা মাছমৰীয়াৰ জালত পৰিছে যদিও এইবেলি পূৰ্বৰ বৰ্ষ সমুহৰ তুলনাত প্ৰায় ৫০ শতাংশ মাছ কমকৈ পৰিছে। যাৰ বাবে মাছমৰীয়াসকলৰ মাজত হতাশাৰ সৃষ্টি হোৱাৰ লগতে পূৰ্বৰ তুলনাত গ্ৰাহকে অধিক ধন ভৰি মাছ ক্ৰয় কৰিবলগীয়া হৈছে।