অঞ্জু শাণ্ডিল্য
সৰস্বতী পূজা বুলি ক'লে শৈশৱৰ দিনৰ সৰস্বতী পূজাৰ কথা মনত পৰে। তিতাবৰৰ ৰঙাজান চাহ বাগিচা প্ৰাথমিক স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। স্কুলত প্ৰধান শিক্ষক আছিল দেউতা 'বসন্ত কুমাৰ গোস্বামী'। তেওঁ সৰস্বতী পূজাৰ আগদিনা স্কুলৰ চৌহদ, বাৰান্দা, পূজাৰ প্ৰতিমা স্থাপন কৰা ঠাই, শৰাই আগবঢ়োৱা ঠাই, চাকি জ্বলোৱা ঠাই আদি চাফ-চিকুণ কৰাৰ দায়িত্ব ন্যস্ত কৰিছিল ওপৰ শ্ৰেণীৰ ছাত্ৰীসকলক।
স্কুলত বেছি ভাগ ছাত্ৰ -ছাত্ৰীয়েই আছিল চাহ-মজদুৰ সম্প্ৰদায়ৰ। কেইবাগৰাকী ছাত্ৰী আছিল খ্ৰীষ্টান ধৰ্মাৱলম্বী। কিন্তু সেই সময়ত কোন কি সম্প্ৰদায়ৰ কি ধৰ্মাৱলম্বীৰ এইবোৰ কথাৰ ভেদাভেদ নাছিল। ইয়াৰ মূলত আছিল দেউতাৰ উদাৰ মনোভাৱ। এখন সত্ৰৰ বৰ্ণ হিন্দু পৰিয়ালৰ সন্তান হৈয়ো দেউতাই কাকো উচ্চ-নীচ দৃষ্টিৰে চোৱা নাছিল। সকলোৱে সৰস্বতী পূজাৰ কামত সহযোগিতা কৰিছিল। পূজাৰ দিনা ৰাতিপুৱা গা-পা ধুই সকলোৱে স্কুললৈ আহিছিল আৰু পূজাৰ বাবে পানী অনা, ফুলতোলা কলপাত অনা, ফল-মূল কটা, মাহ-প্ৰসাদ ধোৱা আদি কামত দেউতাক সহায় কৰিছিল।
দুগৰাকী ছাত্ৰীয়ে দেৱী সৰস্বতীৰ প্ৰতিমা কঢ়িয়াই নিয়া এক দৃশ্য
সকলোৱে সমস্বৰে সৰস্বতী পূজাৰ প্ৰাৰ্থনা গাইছিল 'লোকে বোলে সৰস্বতী, আমি বোলো আই। যিখিনি পাহৰো, দিবা সোঁৱৰাই। অথবা "তুমি চিত্ত বৃত্তি মোৰ"।
প্ৰাথমিক স্কুলৰ পৰা আহি ৰঙাজান হাইস্কুলত নামভৰ্তি কৰিলোঁ। সেইখন স্কুলত পতা সৰস্বতী পূজাৰ কথা আজিও মনত আছে। আমাৰ সহপাঠীৰ লগতে স্কুলত পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মুছলমান ছাত্ৰী আছিল নাজিমা, ৰফিকা এলিজা, খাদিজা, আফিয়া, চৰিফুল, ৰচিদ আদি আৰু আমাৰ শিক্ষক আছিল প্ৰয়াত হাইদৰ আলি ছাৰ। ছাৰ, নাজিমা আৰু ৰফিকাহঁতৰ ঘৰ স্কুলৰ সন্মুখত আছিল। পূজাৰ বাবে দলিচা, শৰাই, গামোচা, চন্দ্ৰতাপ, কলপাত, ফুল আদি ছাৰ আৰু নাজিমাহঁতৰ ঘৰৰ পৰা আনিছিল। স্কুলৰ সকলোৱে আনন্দ, উলাহ, ভক্তিভাৱেৰে পূজাৰ আয়োজন কৰিছিল। আফিয়া গণি স্কুলৰ সাধাৰণ সম্পাদিকা হৈ থকা বছৰত পূজাত পূৰ্ণ সহযোগিতা কৰিছিল।
সেই সময়ত আৰু এতিয়াও তিতাবৰ, ৰঙাজান অঞ্চলত নামটো নকলে কোন হিন্দু কোন মুছলমান ধৰিব নোৱাৰি। নৱম শ্ৰেণীৰ পৰা যোৰহাটৰ কাঁকজান ছোৱালী হাইস্কুলত পঢ়িছিলো। সেইখন স্কুলত কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰী মুছলমান সম্প্ৰদায়ৰ আছিল ক্ৰমে জৰ্জিনা বেগম, মেহমুদা বেগম, ৰছিদা ৰহমান, আৰবীকৰ ছাৰ (নামটো পাহৰিছোঁ) আদি।
কণ কণ শিশুৱে দেৱী সৰস্বাতীৰ পৰা হাত বহী-কিতাপ লৈ আশীষ বিচাৰিছে
ছাত্ৰীসকলৰ সৰহভাগেই আছিল মুছলমান সম্প্ৰদায়ৰ। কিন্তু সকলোৱে সৰস্বতী পূজাত অংশগ্ৰহণ কৰিছিল। দশম শ্ৰেণীৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱাৰ আগতে ঢেকীয়াখোৱা বৰনামঘৰত শৰাই আগবঢ়োৱা, চাকি জ্বলোৱা কামত আমাৰ লগৰ ৰেহেনা, ৱাহিদা, আঞ্জুমান, ৰুবেয়াহতো গৈছিল। তেওঁলোকেও বৰনামঘৰৰ থাপনাৰ আগত আই সৰস্বতীৰ পৰা আশীষ বিচাৰিছিল।
এনেকৈ তিনিখন স্কুলৰ দেওনা পাৰ হৈ যোৰহাট জেবি কলেজত পঢ়িলোঁ। কলেজত খ্ৰীষ্টান, বৌদ্ধ, মুছলমান সম্প্ৰদায়ৰ সহপাঠী পালোঁ। সকলোৱে সৰস্বতী পূজাত অংশগ্ৰহণ কৰিছিল। পূজাত কোন কি সম্প্ৰদায়ৰ তাৰ চিন-মোকাম নাছিল। শৈশৱৰ সেইবোৰ সোণালী দিনৰ স্মৃতি মনত আছে আৰু আছে সম্প্ৰীতিৰ এনাজৰী।
কৰ্মসূত্ৰে, বিবাহসূত্ৰে আজি আমি সকলোৱে দিহিঙে-দিপাঙে আছো, যদিও মনত শৈশৱৰ দিনৰ স্মৃতি কঢ়িয়াই লৈ গৌৰৱ অনুভৱ কৰো যে, "আমি শঙ্কৰ-আজানৰ দেশৰ অসমীয়া। আমি শঙ্কৰী (বৈষ্ণৱী), ইছলামী হৈওঁ আই সৰস্বতীৰ প্ৰতিমূৰ্তিৰ আগত নতশিৰে প্ৰনাম জনাওঁ "সকলোকে জ্ঞান-বুদ্ধি দিয়া আই।" তেতিয়া কাৰো একেশ্বৰ বাদ, প্ৰতিমূৰ্তি নমনা আদি ধৰ্মীয় গোড়ামিৰ কথা মনলৈ নাহে। মনত জাগি উঠে সম্প্ৰীতিৰ বাৰ্তা।