ভাৰতত বৈচিত্ৰ্যতাৰ মাজত কিদৰে ঐক্য সমাহিত হৈ আছে, সেয়া আমাৰ উৎসৱসমূহে প্ৰদৰ্শিত কৰেঃ প্ৰধানমন্ত্ৰী মোদী

Story by  atv | Posted by  [email protected] • 2 d ago
বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ
বিভিন্ন উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ
 
দিল্লী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে কয় যে সমগ্ৰ ভাৰতবৰ্ষত সম্প্ৰতি উদযাপন কৰা একাধিক উৎসৱসমূহে দেশৰ গভীৰভাৱে শিপাই থকা বৈচিত্ৰ্যতাক প্ৰতিফলিত কৰে। তেওঁৰ মাহেকীয়া ৰেডিঅ’ অনুষ্ঠান 'মন কি বাত'ৰ ১২০ সংখ্যক খণ্ডত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে চৈত্ৰ নৱৰাত্ৰিৰ লগতে ঈদ আৰু বিভিন্ন উৎসৱ উপলক্ষে দেশৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। 
 
এই উৎসৱৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি তেওঁ কয়, "আজি আৰু আগন্তুক কেইটামান দিনত আমাৰ দেশৰ বিভিন্ন ৰাজ্যত নতুন বছৰ আৰম্ভ হ'ব, আৰু এই উপলক্ষে মই আটাইলৈ নতুন বছৰ আৰু বিভিন্ন উৎসৱৰ শুভেচ্ছা জনাইছো। এই উপলক্ষে দেশৰ ভিন্ন প্ৰান্তৰ লোকে মোলৈও বিভিন্ন ভাষাত শুভেচ্ছা প্ৰেৰণ কৰিছে।"
 
উৎসৱসমূহৰ আঞ্চলিক তাৎপৰ্য্য ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে, "আজি কৰ্ণাটক, তেলেংগানা, আৰু অন্ধ্ৰপ্ৰদেশত উগাড়ী উদযাপন কৰা হৈছে। একেদৰে মহাৰাষ্ট্ৰত উদযাপন কৰা হৈছে গুডী পড়ৱা। আমাৰ বৈচিত্ৰ্যময় দেশৰ বিভিন্ন ৰাজ্যত যেনে অসমত ৰঙালী বিহু, বংগত পইলা বৈশাখ, আৰু কাশ্মীৰত নভৰেহ পালন কৰা হ'ব।"
তেওঁ আৰু আগন্তুক উৎসৱৰ বতৰৰ কথা উল্লেখ কৰি কয় যে, "১৩-১৫ এপ্ৰিলৰ ভিতৰত দেশৰ বিভিন্ন প্ৰান্তত ব্যাপক ৰূপত উৎসৱসমূহ উদযাপন কৰা হ'ব। এক আনন্দ-উল্লাসৰ পৰিবেশ সৃষ্টি হৈছে, ঈদ উৎসৱো সন্মুখত আছে। এই গোটেই মাহটো উৎসৱ-পাৰ্বণেৰে ভৰি আছে। এই উৎসৱসমূহত দেশবাসীক শুভেচ্ছা জনাইছো।"
 
ভাৰতৰ বিশাল বৈচিত্ৰ্যৰ মাজতো ভাৰতৰ সাংস্কৃতিক ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মন্তব্য কৰে যে, "আমাৰ এই উৎসৱসমূহ হয়তো বিভিন্ন অঞ্চলত হ'ব পাৰে, কিন্তু ইয়াৰ দ্বাৰা ভাৰতত বৈচিত্ৰ্যতাৰ মাজত কিদৰে ঐক্য সমাহিত হৈছে, সেয়া প্ৰদৰ্শিত হৈছে। আমি এই ঐক্যৰ অনুভূতিক শক্তিশালী কৰি যাব লাগিব।"